শ্ৰমিকৰ সন্তান আজাজুদ্দিনে স্থান পালে পশ্চিম বংগ ক্ৰিকেট দলত

Story by  atv | Posted by  [email protected] • 3 d ago
প্ৰতিভাৱান ক্ৰিকেটাৰ আজাজুদ্দিন
প্ৰতিভাৱান ক্ৰিকেটাৰ আজাজুদ্দিন
 
জয়নাৰায়ণ প্ৰসাদ / কলকাতা

প্ৰতিভাক বেছি দিনলৈ লুকুৱাই ৰাখিব নোৱাৰি। এদিন হ'লেও এনে সুপ্ত প্ৰতিভা পোহৰলৈ আহে আৰু এই প্ৰতিভাৱৰ পোহৰে অন্ধকাৰ নেওচি জগত পোহৰাই তোলে। এনে এক প্ৰতিভা হৈছে উদীয়মান ক্ৰিকেটাৰ আজাজুদ্দিন। কলকাতাৰ পৰা প্ৰায় ৩৮৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত মালদাৰ খেলুৱৈজনে শেহতীয়াকৈ বংগ ১৯ বছৰ অনূৰ্ধ দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
 
ইয়াৰ উপৰিও তেওঁ ইষ্টাৰ্ণ ৰেলৱেৰ ফাৰ্ষ্ট ডিভিজন দলতো খেলাৰ সুযোগ পাইছে। অহা অক্টোবৰ মাহত তেওঁ ৰেলৱেৰ ফালৰ পৰা নিযুক্তি পত্ৰ লাভ কৰিব।
 
উল্লেখ্য যে, আজাজুদ্দিন এটা দুখীয়া পৰিয়ালৰ সন্তান। তেওঁৰ পিতৃ আজিমুদ্দিনে মালদা জিলাৰ চাঞ্চল অঞ্চলত শাক-পাচলি বিক্ৰী কৰি পৰিয়ালটো পোহপাল দি আছে। এটা সৰু টিনৰ ঘৰত তেওঁলোকে বাস কৰে। আজাজুদ্দিনৰ ডাঙৰ ভাতৃ বংগৰ বাহিৰৰ আন এখন ৰাজ্যত শ্ৰমিক হিচাপে কাম কৰে আৰু সৰু ভায়েকে মালদাৰ চাঞ্চল অঞ্চলৰ ঘৰৰ কাষতে থকা গেলামালৰ দোকান এখনত থাকে।
 
 
আজাজুদ্দিনৰ প্ৰশিক্ষক ৰাজেশ দাসে কয়- "আজাজুদ্দিন এজন প্ৰতিভাৱান ক্ৰিকেটাৰ। তেওঁ দুখীয়া, কিন্তু তেওঁৰ মনটো সদায় ক্ৰিকেটত নিমগ্ন হৈ থাকে। মালদা জিলাৰ প্ৰতিযোগিতাসমূহত আজাজুদ্দিনে সদায় ভাল প্ৰদৰ্শন কৰি আহিছে। তেওঁ এজন ভাল বলাৰ হোৱাৰ উপৰিও এজন সুদক্ষ বেটছমেন।"
 
প্ৰশিক্ষকগৰাকীয়ে কয় যে সাত বছৰ বয়সত আজাজুদ্দিনে ক্ৰিকেট শিকিবলৈ ‘চাঞ্চল ক্ৰিকেট একাডেমী’লৈ আহিছিল। সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত আজাজুদ্দিনে চুবুৰীয়া ঘৰলৈ গৈ ক্ৰিকেট খেল চাইছিল আৰু মহেন্দ্ৰ সিং ধোনীৰ খেলা দেখিলেই ক্ৰিকেটাৰ হোৱাৰ সপোন জাগি উঠিছিল।
আজাজুদ্দিনে কয় - 'মোৰ প্ৰকৃত নায়ক মহেন্দ্ৰ সিং ধোনী। তেওঁৰ খেল চাইয়ে মই ডাঙৰ হৈছো। ক্ৰিকেটৰ পথাৰত তেওঁৰ দৰে ময়ো কিবা এটা কৰিব পাৰিম বুলি বিশ্বাস আছে। মই মালদা জিলা আৰু মোৰ গৃহ চহৰ চাঞ্চল অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব বিচাৰো।'
 
উল্লেখ্য যে, আজাজুদ্দিনে বংগ ক্ৰিকেট দল (১৯ বছৰ অনুৰ্ধ) আৰু ইষ্টাৰ্ণ ৰেলৱেৰ ফাৰ্ষ্ট ডিভিজন দলত খেলাৰ সুযোগ পোৱাত তেওঁৰ গৃহ চহৰ চাঞ্চল অঞ্চলৰ ৰাইজ আটাইতকৈ সুখী। বংগ ক্ৰিকেট দলত আজাজুদ্দিনৰ নিৰ্বাচনে চাঞ্চল ক্ৰিকেট একাডেমীৰ সদস্য আৰু আজাজুদ্দিনৰ বন্ধুসকলক আনন্দিত কৰিছে আৰু সকলোৱে একেমুখে কৈছে যে আজাজুদ্দিন মালদা জিলা আৰু চাঞ্চল অঞ্চলৰ গৌৰৱ।