ডোহা
২০২২ চনৰ ফিফা বিশ্বকাপৰ সময়ত কাটাৰত থকা আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিয়োনেল মেছিৰ হোটেলৰ কোঠাটো এক সংগ্ৰহালয়লৈ ৰূপান্তৰিত হ'ব। মেছি আৰু ছাৰ্জিও আগুয়েৰোৱে আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী অভিযানৰ শেষৰ ফালে এটা কোঠাত একেলগে আছিল। এই কোঠাটোৱে আৰু দৰ্শনাৰ্থীসকলক আতিথ্য নিদিব।
খবৰ পোৱা গৈছে যে মেছিয়ে থকা হোটেলৰ কোঠাটো স্থানীয় কৰ্তৃপক্ষই এটা সৰু সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে আৰু তাত তাৰকাজনৰ সকলো সফলতা আৰু অভিলেখ শিক্ষাৰ্থী আৰু পৰ্যটকৰ বাবে সংৰক্ষণ কৰা হ'ব।
উল্লেখ্য যে, ২০২২ চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে শ্বাসৰুদ্ধকৰ জয়লাভৰ পিছত আৰ্জেণ্টিনাই তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰে যদিও দেশখনৰ ছুপাৰষ্টাৰ মেছিৰ কেৰিয়াৰৰ এয়া আছিল প্ৰথমটো বিশ্বকাপ জয়। সেয়ে, বিশ্বৰ অজস্ৰ ফুটবল অনুৰাগীৰ বাবে কাটাৰ বিশ্বকাপ স্মৃতিমধুৰ হৈ ৰ'ব।
মেছিয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সোণালী বল লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ফ্ৰান্সৰ তাৰকা কিলিয়ান এমবাপে( ৮টা গ’ল)ৰ পিছতে ৭টা গ’ল দ্বিতীয় সৰ্বাধিক গ'ল কৰে। ফ্ৰান্সৰ খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনৰ সৰ্বাধিক স্ক’ৰাৰ হোৱাৰ বাবে সোণালী বুটেৰে সন্মানিত হয়।