মিছন ২০৩৬ অলিম্পিকঃ লাভিছ চৌধুৰীৰ অভিলাসী প্ৰকল্পলৈ সমৰ্থন ছানিয়া মিৰ্জা, এমচি মেৰী কমৰ

Story by  Mukut Sarma | Posted by  Munni Begum • 1 Months ago
'প্লে স্প’ৰ্টছ' মুকলিৰ সময়ত লাভিছ চৌধুৰীৰ সৈতে এম চি মেৰিকম, ছানিয়া মিৰ্জা আৰু হৰভজন সিং, ডুবাইত
'প্লে স্প’ৰ্টছ' মুকলিৰ সময়ত লাভিছ চৌধুৰীৰ সৈতে এম চি মেৰিকম, ছানিয়া মিৰ্জা আৰু হৰভজন সিং, ডুবাইত
 
মুকুট শৰ্মা / গুৱাহাটী
 
বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিকত এদিন দপদপাই থাকিব ভাৰতে। ভাৰতৰ ক্ৰীড়াবিদসকলৰ চমকপ্ৰদ প্ৰদৰ্শনে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিব। অলিম্পিকত ভাৰতীয় এথলীটে ইটোৰ পিছত সিটো পদক জয়েৰে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিব। ভাৰতীয় ক্ৰীড়াৰ এনে এক সোণালী যুগ আহিবলৈ ক্ৰীড়াপ্ৰেমীয়ে হয়তো কিছুদিন অপেক্ষা কৰিব লাগিব। কিন্তু অলিম্পিকত ভাৰতীয় ক্ৰীড়াৰ সোণালী যুগ প্ৰত্যক্ষ কৰাৰ দুৰ্বাৰ সপোন বুকুত বান্ধি এজন ভাৰতীয় মুছলমান যুৱকে তৃণমূল পৰ্যায়ত এক অভিলাসী প্ৰকল্প মুকলি কৰিছে।  
 
বিদ্যালয়ত ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰা, ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নত কৰা, একাডেমী চলোৱা আৰু তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিভাৰ সন্ধান কৰি সমগ্ৰ ভাৰতত এক বহনক্ষম ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে তেওঁ আৰম্ভ কৰিছে 'প্লে স্প’ৰ্টছ' নামৰ এক বিশেষ প্ৰকল্প। দেশৰ ক্ৰীড়াৰ উন্নয়নৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি থকা এই ব্যক্তিগৰাকী হৈছে লাভিছ চৌধুৰী। 
 
উত্তৰ প্ৰদেশৰ এখন সৰু চহৰ মুজাফ্ফৰনগৰৰ এটি মধ্যবিত্ত মুছলমান পৰিয়ালত জন্ম গ্ৰহণ কৰা লাভিছ চৌধুৰী হৈছে ডুবাইৰ এগৰাকী প্ৰখ্যাত উদ্যোগপতি। তথ্য-প্ৰযুক্তি বিশেষকৈ আৰ্টিফিচিয়েল ইনটেলিজেন্স (AI), ফৰেক্স ট্ৰেডিং (Forex Trading) আৰু বিশ্বৰ ক্ৰিপ্ট' কাৰেন্সী (Crypto Currency)ৰ জগতৰ তেওঁ এগৰাকী আগশাৰীৰ নেতা। 
 
'প্লে স্প’ৰ্টছ'ৰ ৩ ব্ৰেণ্ড এম্বেছাদৰ ক্ৰমে ছানিয়া মিৰ্জা, এম চি মেৰী কম আৰু ৰণবিজয় সিং
 
২০৩৬ৰ অলিম্পিকলৈ ভাৰতক ক্ৰীড়া বিশ্বৰ ছুপাৰপাৱাৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে তেওঁ এতিয়াৰ পৰাই সুপৰিকল্পিতভাৱে আগবাঢ়িছে। 'প্লে স্প’ৰ্টছ' নামৰ প্ৰকল্পটোৰ জৰিয়তে দেশৰ ক্ৰীড়াৰ আন্তঃগাথনি উন্নত কৰা আৰু তৃণমূল পৰ্যায়ত প্ৰতিভাৱান খেলুৱৈৰ সন্ধান কৰি তেওঁলোকক পৰ্যাপ্ত প্ৰশিক্ষণ আগবঢ়োৱাৰ লক্ষ্য লোৱা লাভিছ চৌধুৰীৰ এই মহান উদ্দেশ্যৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে ছানিয়া মিৰ্জা, এম চি মেৰিকম, হৰভজন সিং আদিৰ দৰে দেশৰ কিংবদন্তী ক্ৰীড়াবিদে। 
 
ছয়বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী তথা মহিলা ডাবলছৰ একালৰ বিশ্বৰ শীৰ্ষস্থানপ্ৰাপ্ত খেলুৱৈ ছানিয়া মিৰ্জা আৰু অলিম্পিক পদকবিজয়ী তাৰকা বক্সাৰ এম চি মেৰিকমে লাভিছ চৌধুৰীৰ প্লে স্প'ৰ্টছ প্ৰকল্পৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। সোমবাৰে নিশা ডুবাইত অনুষ্ঠিত এক আটকধুনীয়া অনুষ্ঠানত ছানিয়া মিৰ্জা, এম চি মেৰিকম আৰু টেলিভিছনৰ সুদৰ্শন অভিনেতা ৰণবিজয় সিঙক প্লে স্প'ৰ্টছৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হয়। অনুষ্ঠানত টীম ইণ্ডিয়াৰ একালৰ তাৰকা অফস্পিনাৰ হৰভজন সিং, বলিউদৰ অভিনেত্ৰী নেহা ধুপিয়া, বিশ্ব বিখ্যাত মেজিচিয়ান ছুহানী শ্বাহ, ভাৰতৰ জনপ্ৰিয় মডেল আৰু অভিনেতা প্ৰিন্স নাৰুলা আদি উপস্থিত থাকে। 
 
এই একেটা অনুষ্ঠানতে লাভিছ চৌধুৰীৰ নতুন ছ'চিয়েল মিডিয়া এপ 'Ginni'-ও বিশ্ববাসীৰ বাবে মুকলি কৰা হয়। Instagram সদৃশ এই নতুন ছচিয়েল মিডিয়া প্লেটফৰ্মে Creatorৰ লগতে Viewer সকলকো উপাৰ্জনৰ এক অভিনৱ সুযোগ প্ৰদান কৰিব। 
 
ইফালে, অভিলাসী ক্ৰীড়া প্ৰকল্প Play Sportsৰ সৈতে জড়িত হৈ ছানিয়া মিৰ্জাই কয় যে বিদ্যালয় পৰ্যায়ত ক্ৰীড়াৰ উন্নয়নৰ বাবে প্লে স্প’ৰ্টছ-এ যিধৰণৰ পৰিকল্পনা যুগুত কৰিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ প্ৰকল্পটোৰ সৈতে জড়িত হৈছে। "প্লে স্প’ৰ্টছৰ লক্ষ্য হৈছে প্ৰথম পৰ্যায়ত দিল্লী এনচিআৰ আৰু জয়পুৰৰ বিদ্যালয় আৰু সমাজত ক্ৰীড়াৰ আন্তঃগাঁথনি আৰু প্ৰশিক্ষণৰ সুবিধা উন্নত কৰা আৰু তাৰ পিছত সমগ্ৰ দেশলৈ ইয়াক লৈ যোৱা। বিদ্যালয়সমূহত বৰ্তমানৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নত কৰা আৰু য'ত নাই তাত বিভিন্ন ক্ৰীড়াৰ খেলপথাৰ উন্নয়নৰ ক্ষেত্ৰতো তেওঁলোক জড়িত হ'ব। এইবোৰ কথাই মোক বাৰুকৈয়ে আকৰ্ষিত কৰিছে"-ছানিয়া মিৰ্জাই কয়।
 
ৰিয়েল কাবাদী লীগৰ ফাইনেলত লাভিছ চৌধুৰী (বাঁওফালৰ পৰা দ্বিতীয়জন)
 
মোহময়ী টেনিছ তাৰকাগৰাকীয়ে পুনৰ কয়, "প্লে স্প'ৰ্টছে বিদ্যালয়সমূহত ক্ৰীড়া সঁজুলিও প্ৰদান কৰিছে আৰু বিদ্যালয়সমূহত ক্ৰীড়া পাঠ্যক্ৰম মুকলি কৰিছে। ইয়াৰ ফলত মই তেওঁলোকৰ সৈতে যোগদান কৰিবলৈ আগবাঢ়ি আহিছো। মোক খ্যাতি আৰু বিশ্বব্যাপী স্বীকৃতি দিয়া ক্ৰীড়াক্ষেত্ৰখনক কিবা ঘূৰাই দিয়াৰ ক্ষেত্ৰত প্লে স্প'ৰ্টছ মোৰ বাবে এক সুন্দৰ প্লেটফৰ্ম হ'ব।" 
 
পদ্মভূষণ আৰু মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰা প্ৰাক্তন টেনিছ খেলুৱৈগৰাকীয়ে লগতে কয় যে ২০৩৬ চনৰ অলিম্পিকলৈ মাজত ১২ বছৰ আছে আৰু প্লে স্প’ৰ্টছৰ লক্ষ্য হৈছে বিদ্যালয়ৰ পৰা প্ৰতিভাসমূহৰ সন্ধান কৰি তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ আৰু সঁজুলিৰ সহায় প্ৰদান কৰি বিশ্বমানৰ অলিম্পিয়ানক প্ৰস্তুত কৰা। ইফালে, বক্সাৰ হিচাপে নিজৰ দৃঢ়তা আৰু মানসিক শক্তিৰ বাবে ক্ৰীড়া জগতত ‘মেগনিফিচেণ্ট মেৰী’ বুলি প্ৰশংসিত হোৱা ছবাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী উত্তৰ-পূৰ্বৰ গৌৰৱ মেৰী কমে প্লে স্প’ৰ্টছত যোগদান কৰি অত্যন্ত উৎসাহী হৈ পৰিছে। কাৰণ ইয়াৰ জৰিয়তে তেওঁ যুৱ প্ৰতিভাসমূহক লালন-পালন কৰাৰ সুযোগ লাভ কৰিব।
 
২০১৪ চনৰ এছিয়ান গেমছ আৰু ২০১৮ চনৰ কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰা ৪১ বছৰীয়া মেৰী কমে কয় যে ক্ৰীড়াৰ পৰিৱৰ্তনশীল শক্তিক প্ৰত্যক্ষভাৱে দেখা এজন খেলুৱৈ হিচাপে প্লে স্প’ৰ্টছৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে যোগদান কৰাটো তেওঁ বাবে এক স্বাভাৱিক পছন্দ আছিল। "সমগ্ৰ ভাৰতত যুৱ প্ৰতিভাক লালন-পালন কৰা আৰু ক্ৰীড়াৰ প্ৰচাৰৰ বাবে ময়ো অবিৰতভাৱে কাম কৰি আছো। প্লে স্প’ৰ্টছৰো দৃষ্টিভংগী একেই। সেয়ে মই তেওঁলোকৰ সৈতে কাম কৰিবলৈ আগ্ৰহী। প্লে স্প’ৰ্টছত যোগদান কৰিবলৈ মোক অনুপ্ৰাণিত কৰাৰ আন এটা মূল কাৰণ হ’ল তেওঁলোকে তৃণমূল পৰ্যায়ত খেলুৱৈৰ বিকাশৰ ওপৰত গুৰুত্ব দিছে।"-মেৰী কমে কয়। 
 
ডুবাইত ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ বিষয়ে আলোচনাৰ সময়ত লালচান্দ ৰাজপুত আৰু যুৱৰাজ সিঙৰ সৈতে লাভিছ চৌধুৰী
 
লণ্ডন ২০১২ অলিম্পিকত মহিলা বক্সিং ফ্লাইৱেইট (৫১ কেজি ক্লাছ)ত ব্ৰঞ্জৰ পদক লাভ কৰি দেশবাসীক গৌৰবান্বিত কৰা মেৰী কমৰ মতে এনে পদক্ষেপসমূহ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ দৃষ্টিভংগীৰ সৈতে মিল আছে। মেৰী কমে লগতে কয় যে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ ভাৰতৰ সপোন এনে এক দৃষ্টিভংগী যিয়ে দেশখনৰ বিশ্ব মঞ্চত ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু ক্ৰীড়াৰ বিকাশৰ প্ৰতি ইয়াৰ গভীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।
 
"এই অভিলাষী প্ৰচেষ্টাই ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰযুক্তিগত উন্নতি, আৰু বিকশিত হৈ উঠা ক্ৰীড়া আন্তঃগাঁথনি বিশ্বক প্ৰদৰ্শন কৰাৰ ইচ্ছাৰ প্ৰতীক। প্ৰধানমন্ত্ৰী মোদীয়ে ২০৩৬ চনৰ ভিতৰত ভাৰতক শীৰ্ষ দহখন ক্ৰীড়া দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে আৰু তাৰ বাবে দেশৰ যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ প্ৰয়োজন, এই দিশত প্লে স্প’ৰ্টছৰ ভূমিকা বৃহৎ হ’ব। প্লে স্প’ৰ্টৰ দৰে পদক্ষেপে দেশখনক প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগী পূৰণ কৰাত সহায় কৰিব আৰু যুৱক-যুৱতীসকলে বিশ্ব মঞ্চত নিজৰ নাম উজলাই তোলাৰ বাবে এক মঞ্চ লাভ কৰিব।"-লাভিছ চৌধুৰীৰ প্ৰয়াসক ভূয়সী প্ৰশংসা কৰি এম চি মেৰী কমে এইদৰে কয়। 
 
উল্লেখ্য যে, সদ্যসমাপ্ত আইচিচি টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচা আফগানিস্তান ক্ৰিকেট দলটোৰ অন্যতম স্প'নছৰ TLC 2.0 নামৰ জনপ্ৰিয় ক্ৰিপ্ট' কইনটোৰো প্ৰতিষ্ঠাপক হৈছে মুজাফ্ফৰনগৰৰ লাভিছ চৌধুৰী। ভাৰতত বিগত কিছু বছৰ ধৰি Real Kabaddi League নামৰ এক প্ৰফেছনেল কাবাদী লীগ আয়োজন কৰি তেওঁ ভাৰতীয় ক্ৰীড়াৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। চলিত বৰ্ষৰ মে' মাহত লাভিছ চৌধুৰীয়ে যুৱৰাজ সিং, লালচান্দ ৰাজপুত, ইমৰাণ তাহিৰ আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট তাৰকাৰ সৈতে ডুবাইত উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে Camp With Champ নামৰ এক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছিল।
 
লাভিছ চৌধুৰীৰ Play Sports মুকলি অনুষ্ঠানত মানুহৰ ভিৰ, ডুবাইত সোমবাৰে নিশা
 
ৰিয়েল ইষ্টেটৰ লগতে বিত্ত-প্ৰযুক্তি (FinTech) জগতত বিশেষ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা ভাৰতীয় যুৱক লাভিছ চৌধাৰী হৈছে Yorkerfx নামৰ International Broker House আৰু BotBro নামৰ AI Trading Robotৰো স্বত্বাধিকাৰী। ২০২১ চনৰ পৰা বিশ্বৰ প্ৰায় ১২০খন দেশত ব্যৱসায় চলাই থকা এই সেৱাৰ জৰিয়তে তেওঁ ফৰেক্স ট্ৰেডিঙক সাধাৰণ লোকৰ বাবে সহজসাধ্য আৰু আশংকামুক্ত (Risk Free) কৰি তুলিছে।