পিতৃ-মাতৃক হেৰুৱাই দুসাজ অন্নৰ বাবে সংগ্ৰাম কৰা মহম্মদ আমান এতিয়া ভাৰতীয় ১৯ অনুৰ্ধ দলৰ অধিনায়ক

Story by  atv | Posted by  [email protected] • 9 d ago
মহম্মদ আমান
মহম্মদ আমান
 
আৱাজ দ্য ভইচ ব্যুৰ' অসম
 
প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আৰ্থিক বাধাই যে হেঙাৰ হ'ব নোৱাৰে, সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে উত্তৰ প্ৰদেশৰ মহম্মদ আমানে। এতিয়া ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিব মহম্মদ আমানে। অহা মাহত পডুচেৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে মহম্মদ আমান।
 
মহম্মদ আমানৰ দেউতাক এগৰাকী ট্ৰাক চালক আছিল। মহম্মদ আমানৰ জীৱন কাহিনী অনুপ্ৰেৰণা আৰু আবেগেৰে ভৰা। জীৱনৰ বহুত ঘাট-প্ৰতিঘাতৰ মাজেৰে আমানৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত আমানক বহুতে সহায় কৰিছিল।
 
উত্তৰ প্ৰদেশৰ চাহাৰানপুৰৰ ৰাইট হেণ্ডাৰ বেটছমেন মহম্মদ আমানে দুবছৰ পূৰ্বে পিতৃ-মাতৃক হেৰুৱাইছিল। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত আমানে নিজৰ সৰু তিনি ভাতৃ-ভগ্নীৰ যত্ন ল'বলগীয়া হৈছিল।
 
প্ৰশিক্ষক ৰাজীৱ গ'য়েল আৰু তেওঁৰ পত্নীৰ সৈতে মহম্মদ আমান
 
২০২০ চনত ক'ভিড-১৯ ত আক্রান্ত হৈ আমানৰ মাতৃৰ মৃত্যু হৈছিল আৰু দুবছৰ পিছত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত তেওঁৰ পিতৃৰো মৃত্যু হৈছিল। ক'ভিডৰ সময়তে পিতৃৰ ট্ৰাক চালকৰ চাকৰি হেৰুৱাইছিল আৰু সেই সময়ৰ পৰাই পৰিয়ালটোৱে যথেষ্ট কঠিন সময়ৰ সন্মুখীন হৈছিল।
 
পিতৃ-মাতৃৰ বিয়োগৰ পিছত ১৬ বছৰীয়া মহম্মদ আমানৰ বাবে জীৱনটো কিদৰে আগুৱাই নিব, সেইটো বিবেচনা কৰাটো কঠিন হৈ পৰিছিল। হয় তেওঁ ক্ৰিকেট খেলি নিজৰ সপোন পূৰণ কৰিব, নহয় তেওঁ নিজৰ পৰিয়াল পোহপাল দিবৰ বাবে সপোনক জ্বলাঞ্জলি দি চাকৰি বিচাৰিব।
 
আমানে চাকৰি বিচাৰিছিল যদিও তেওঁৰ ভাগ্যত চাকৰি নাছিল। হয়তো চাকৰি নোপোৱাটো আমানৰ বাবে ভাগ্যৰ কথাই আছিল। আমানৰ বহু শুভাকাংক্ষীয়ে আমানে ক্ৰিকেট এৰাটো বিচৰা নাছিল আৰু সদায় তেওঁক উৎসাহিত কৰিছিল। শুভাকাংক্ষীসকলৰ উৎসাহ বাবেই আমানে সদায় ক্ৰিকেট খেলি থকাৰ সিদ্ধান্ত লয়। বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ ১৯ বছৰ অনুৰ্ধ দলৰ অধিনায়ক হিচাপে বাছনি হোৱাটোৱে তেওঁৰ দুবছৰীয়া সাধনা আৰু কষ্টৰ ফল। অহা মাহত পডুচেৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলক মহম্মদ আমানে নেতৃত্ব দিব।
 
মহম্মদ আমান
 
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া ভাৰতীয় দলটোত আছে প্ৰাক্তন অধিনায়ক তথা বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাভিডৰ পুত্ৰ সমিত দ্ৰাভিড। এতিয়া বিজনছ ক্লাছত ভ্ৰমণ কৰা আমানে কয়, "এতিয়া এয়া সপোন সপোন লাগে। কেতিয়াবা বিশ্বাস কৰাটো কঠিন হৈ পৰে। বহু কঠিন সময় পাৰ কৰি আহিছো।"
 
ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ অধিনায়ক হিচাপে নিযুক্তি পোৱাৰ পিছত মহম্মদ আমানৰ ছাহাৰনপুৰৰ জৰাজীৰ্ণ ঘৰটো সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
 
সংবাদ মাধ্যমৰ সন্মুখত আমানে কয়; "যেতিয়া মই মোৰ পিতৃক হেৰুৱাইছিলো, তেতিয়া এনে লাগিছিল যে মই হঠাতে এদিনতে ডাঙৰ হৈছো। মই পৰিয়ালৰ মুৰব্বী হৈ পৰিছিলো। মই মোৰ সৰু ভনী আৰু দুজন ভাইটিৰ যত্ন ল'ব লগা হৈছিল। মই নিজকে কৈছিলো যে মই ক্ৰিকেট এৰিব লাগিব আৰু আনকি ছাহাৰনপুৰত চাকৰি বিচাৰিছিলো, কিন্তু কোনো ফল নাপালো। কিন্তু বহুতেই বিচাৰিছিল যে মই খেলিব লাগে আৰু তেওঁলোকে মোক সহায় কৰিবলৈ ইচ্ছুক আছিল।”
 
তেওঁ কয় যে পিতৃ-মাতৃক হেৰুৱাৰ পিছত অকলে সকলো পৰিস্থিতি মোকবিলা কৰিবলৈ বাধ্য হৈ পৰিছিল। পিতৃ-মাতৃৰ কথা কওঁতে আমানে আবেগিক হৈ পৰিছিল। তেওঁ কয় যে, আজি যদি মোৰ মা-দেউতা থাকিলহেতেন, তেওঁলোকৰ আটাইতকৈ সুখী হ'লহেতেন।
 
মহম্মদ আমান
 
২০১৪ চনত আমানে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল। আৰ্থিক দুৰৱস্থাৰ বাবে পিতৃ-মাতৃয়ে তেওঁক ক্ৰিকেট খেলিবলৈ অনুমতি দিয়া নাছিল।
 
মাকক স্মৰণ কৰি আমানে কয় যে মাকে আনি দিয়া বেটখন তেওঁৰ হাতত এতিয়াও আছে। আজিও তেওঁৰ বাবে সেইখন আটাইতকৈ মূল্যবান বেট।
 
পিতৃ-মাতৃক তেওঁলোকৰ ত্যাগ আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও মহম্মদ আমানে তেওঁৰ সফলতাৰ কৃতিত্ব তেওঁৰ প্ৰথম প্ৰশিক্ষক ৰাজীৱ গ'য়ালক জনায়। লগতে তেওঁ ছাহাৰানপুৰ ক্ৰিকেট সন্থাৰ অধ্যক্ষ ডি এছ সৌহানক কৃতজ্ঞতা জ্ঞাপন কৰে। সৌহান আৰু গ'য়াল দুয়োজনেই তেওঁৰ কেৰিয়াৰৰ প্ৰতিটো খোজতে যথেষ্ট সহায় কৰিছে।
 
মহম্মদ আমান
 
ছাহাৰানপুৰৰ ভাটেশ্বৰ ক্ৰিকেট খেলপথাৰত আমানে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আমানে ২০১৬-১৭ চনত ১৪ বছৰ অনুৰ্ধ, ২০১৭-১৮ চনত ১৪ বছৰ অনুৰ্ধ, ২০১৮-১৯ চনত ১৬ বছৰ অনুৰ্ধ, ২০১৯-২০ বৰ্ষত ১৬ বছৰ অনুৰ্ধ আৰু ২০২২-২৩ বৰ্ষত ১৬ বছৰ অনুৰ্ধ ১৯ টা ক্ৰিকেট শাখাত জয়লাভ কৰিছিল।
 
তেওঁৰ প্ৰেৰণা সম্পৰ্কে সোধাত মহম্মদ আমানে কয়, "আপুনি কেতিয়াবা ভোকত শুইছেনে? মই শুইছো। মই কেতিয়াও খাদ্য অপচয় নকৰো, ভোকতকৈ ডাঙৰ একোৱেই নহয়, মই এতিয়া কেতিয়াও মোৰ খাদ্য অপচয় নকৰো কাৰণ মই জানো যে উপাৰ্জন কৰাটো কিমান কঠিন।"