আশা খোছা / নতুন দিল্লী
জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ বুঢ়াল গাঁৱত ১৭ জন জনজাতীয় লোক, মহিলা আৰু শিশু ৰহস্যজনক ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱাৰ পিছতে যাযাবৰী গুজ্জাৰ-বাকেৰৱাল সম্প্ৰদায়টো শোকত ভাঙি পৰে। এই হৃদয়বিদাৰক ঘটনাৰ কেইসপ্তাহমানৰ পাছতে এগৰাকী যুৱতীয়ে অঞ্চলটোলৈ আনন্দ-উল্লাসৰ পৰিৱেশ আৰু গৌৰৱ কঢ়িয়াই আনিছে।
২১ বছৰীয়া কলেজীয়া ছাত্ৰী নাজিয়া বিবিয়ে আন্তঃৰাষ্ট্ৰীয় খো খো চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি ৰাজৌৰী বুঢ়াল গাঁওবাসীক গৌৰবান্বিত কৰিছে। এই সফলতা অৰ্জন কৰা তেওঁ হৈছে জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী খেলুৱৈ। জম্মু চহৰৰ বাহিৰৰ তহচিল নাগ্ৰ’টাৰ গাঁও কলাকাপ্পাৰৰ নাজিয়া ভাৰতীয় মহিলা খো খো দলৰ সদস্য, যিয়ে শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা প্ৰথম বিশ্বকাপত খিতাপ জয় কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছিল।
নাজিয়া বিবি তেওঁৰ আইতা আৰু পৰিয়ালৰ সৈতে
ক্ৰীড়াৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সুনাম অৰ্জন কৰা জম্মু-কাশ্মীৰৰ জনজাতীয় মহিলাসকলৰ ভিতৰত অন্যতম হিচাপে নাজিয়া বিবিয়ে ইতিহাস ৰচিছে। অতি পিছপৰা আৰু মহিলাৰ প্ৰতি ৰক্ষণশীল দৃষ্টিভংগী ৰখা গুজ্জাৰ-বাকেৰৱাল সম্প্ৰদায়টোৰ বাবে তেওঁৰ এই কৃতিত্ব অধিক গুৰুত্বপূৰ্ণ। এটা সময়ত তেওঁৰ সমাজখনে নাজিয়াক খেল-ধেমালি বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল যদিও আজি খেলুৱৈগৰাকীয়ে এইবোৰ কথাক লৈ কোনো ধৰণৰ ক্ষোভ মনত ৰখা নাই।
“মই খেলাৰ সময়ত গতানুগতিক পোছাক পিন্ধা নাছিলো কাৰণে মোৰ পৰিয়াল আৰু সমাজৰ লোকে মোক খেলাত বাধা দিছিল আৰু কটু বাক্য শুনাইছিল। মোৰ খুৰা মাষ্টাৰ ইকবাল আছিল যি এজন শিক্ষক। মই খো খো খেলক গ্ৰহণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সকলো সমস্যাবোৰ বুজাই দিছিলো আৰু তেওঁ পাছলৈ মোৰ দেউতাক পতিয়ন নিয়াইছিল।"-নাজিয়া বিবিয়ে কয়।
উল্লেখ্য যে, তেওঁৰ পিতৃ সাবৰ আলী এজন অশিক্ষিত ব্যক্তি আৰু গৰু – ভেড়া আৰু ছাগলী পালন কৰি জীৱিকা উপাৰ্জন কৰে। নাজিয়াৰ এগৰাকী ভগ্নী আৰু দুজন ভাতৃ আছে আৰু পৰিয়ালটো গাঁৱৰ দুটা কোঠাৰ ঘৰত কিবাকৈ থাকে।
জম্মুৰ গান্ধী নগৰৰ পদ্মশ্ৰী পদ্ম ছচদেৱ চৰকাৰী মহিলা মহাবিদ্যালয়ৰ বি এ পঞ্চম ষান্মাসিকৰ ছাত্ৰী নাজিয়াই কয় যে ভাৰতৰ হৈ স্বৰ্ণ পদক তুলি লোৱাটো তেওঁৰ আটাইতকৈ গৌৰৱময় মুহূৰ্ত আছিল আৰু তেওঁৰ সংগ্ৰামে যেন আজি প্ৰাপ্তি লাভ কৰিছে। “আজি ২১ বছৰ বয়সত মই আপ্লুত হৈছো কাৰণ ইমানবোৰ মানুহে মোক অভিনন্দন জনাইছে। মোৰ বাবে ইয়াৰ গুৰুত্ব অপৰিসীম।"-স্থানীয় চেনেল এটাৰ সৈতে হোৱা এক ভিডিঅ’ সাক্ষাৎকাৰত তেওঁ এইদৰে কয়।
এটা সময়ত তেওঁক খেলিবলৈ বাধা দিয়া আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াসকলে এতিয়া নিজৰ সন্তানকো খেলা-ধূলা কৰিবলৈ উৎসাহিত কৰা দেখি নাজিয়াই আমোদ লাভ কৰিছে। এজন ব্যক্তিৰ সংগ্ৰামে বহুতো লোকৰ বাবে সুযোগ মুকলি কৰিব পাৰে বুলিও নাজিয়াই কয়।
শেহতীয়াকৈ নাজিয়াক লেফটেণেণ্ট জেনেৰেল মনোজ সিনহাই ৰাজভৱনত সম্বৰ্ধনাৰ বাবে আমন্ত্ৰণ জনাইছিল। জম্মুৰ ডি আই জি (DIG)য়ে তেওঁৰ এই কৃতিত্বৰ বাবে খেলুৱৈগৰাকীক উষ্ণ সম্ভাষণ জনায়। অধিবক্তা জুলকৰ্ণেইন চৌধুৰী নামৰ এজন সমাজ কৰ্মীয়ে কয় যে নাজিয়াক জম্মু-কাশ্মীৰ চৰকাৰে উচ্চ পদবীৰ এটা চাকৰি দিব লাগে, যিদৰে আনৰ ক্ষেত্ৰত এই সুবিধা আগবঢ়োৱা হয়।
নাজিয়াই অৱশ্যে কয় যে তেওঁ ক্ৰীড়াৰ বাবে উন্নত আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিব বিচাৰে। ‘জম্মুত আমাৰ ভাল ষ্টেডিয়াম বা প্ৰশিক্ষক নাই। মুকলি খেলপথাৰত আৰু ঘৰৰ ভিতৰত মেটত অনুশীলন কৰাৰ মাজত যথেষ্ট পাৰ্থক্য আছে।’-নাজিয়াই কয়।
এলজি মনোজ সিনহা আৰু খো খো সংস্থাৰ বিষয়াসকলৰ সৈতে নাজিয়া বিবি
নাজিয়াই কয় যে স্থানীয় বিদ্যালয়ৰ শিক্ষকসকলে তেওঁক সৰুৰে পৰা উৎসাহিত কৰিছিল আৰু জম্মু-কাশ্মীৰ খো খো এছ’চিয়েশ্যনৰ বিষয়াসকলেও তেওঁক পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াইছে। “মই খো খো খেলি থাকিলোঁ কাৰণ ইয়াৰ বাবে দামী সঁজুলি আৰু স্প’ৰ্টছ কিটৰ প্ৰয়োজন নহয়। অৱশ্যে যিবোৰ ৰাষ্ট্ৰীয় শিবিৰৰ বাবে মই নিৰ্বাচিত হৈছিলো সেইবোৰত মোৰ দক্ষতা নিখুঁত হৈছিল। লগতে দলীয় ক্ৰীড়াত উচ্চ দক্ষতা দাঙি ধৰিব লাগিব।”-নাজিয়াই কয়।
তেওঁ ঘৰত থাকিলে তিনি ঘণ্টা আৰু শিবিৰত ৭-৮ ঘণ্টাকৈ অনুশীলন কৰে। “আন্তঃৰাষ্ট্ৰীয় খো খো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি শিবিৰত যোগদান কৰাটো অতি সহায়ক আছিল। ই এজন খেলুৱৈৰ মাজত অনুশাসন আনে আৰু লগতে প্ৰতিযোগিতামূলক মনোভাৱো উপলব্ধি কৰা যায়।”
এটা আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক হাতত লৈ নাজিয়াই এতিয়া সমাজৰ মনোভাৱৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ দিনবোৰ পাহৰি যাব বিচাৰে। তেওঁ কয়, “মই ট্ৰেকছুট আৰু অনাবৃত চুলিৰ বাবে অস্বস্তি অনুভৱ কৰিছিলো, কাৰণ আমি জনজাতীয় মহিলা হিচাপে ৰক্ষণশীল সাজ-পোছাক পিন্ধাটো সামাজিক নিয়ম আছিল।”
তেওঁৰ পিতৃ ছাবৰ আলীয়ে কয়, “মই এজন নিৰক্ষৰ মানুহ। মোৰ ছোৱালীজনীৰ সাজ-পোছাক আৰু তাইৰ খেল-ধেমালিক লৈ মানুহে ধেমালি কৰিলে মই বিচলিত হৈ গৈছিলো। আজি সেই একেখিনি মানুহেই আমাক অভিনন্দন জনাবলৈ আহিছে আৰু মই বৰ সুখী।”
ছাবৰ আলী আৰু তেওঁৰ পাঁচজন ভাতৃ গাঁৱৰ ওচৰতে থাকে আৰু তেওঁলোকৰ মাজত একতা আছে। নাজিয়াৰ ঘৰ পৰিদৰ্শন কৰিবলৈ অহা অধিবক্তা চৌধাৰীয়ে আৱাজ-দ্য ভইচক কয়, “তেওঁলোক এটা সহজ-সৰল ঐক্যবদ্ধ পৰিয়াল। মই নাভাবো যে তেওঁলোকে নিজৰ ছোৱালীজনীৰ কৃতিত্বৰ কথা সম্পূৰ্ণৰূপে বুজি পাইছে।”
উল্লেখ্য যে, নিজৰ আবেগক অনুসৰণ কৰাত সমাজৰ বিৰুদ্ধে যুঁজ দিয়াটো নাৰীৰ বাবে ইমান সহজ নহয়। নাজিয়াই কয় যে এটা পৰ্যায়ত তেওঁ হাৰ মানিবলৈ সিদ্ধান্ত লৈছিল। কিন্তু ভাগ্য ভাল যে তেওঁ আজি ভাৰতৰ হৈ খেলি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।