চেন্নাই
কোনো আন্তঃৰাষ্ট্ৰীয় বা প্ৰথম শ্ৰেণীৰ মেচ নেখেলা কেৰালাৰ এজন অখ্যাত অটো চালকৰ পুত্ৰই আই পি এলত আলোড়নৰ সৃষ্টি কৰি সকলোকে আচৰিত কৰি তুলিছে। তেওঁৰ নাম হৈছে ভিগনেশ পুথুৰ। মুম্বাই ইণ্ডিয়ানছৰ উদীয়মান বাঁওহতীয়া স্পিনাৰগৰাকীয়ে দেওবাৰে নিশা চমকপ্ৰদ বলিঙেৰে ক্ৰিকেট অনুৰাগীক আপ্লুত কৰে।
আনকি আইপিএলৰ কমেণ্টৰী পেনেলত উপস্থিত থকা একালৰ মহান বেটছমেন নৱজোৎ সিং সিদ্ধুৱেও ভিগনেশ পুথুৰক ভূয়সী প্ৰশংসা কৰে। যুৱ বলাৰজনৰ বিষয়ে উল্লেখ কৰি সিদ্ধুৱে কয় যে, ভিগনেশ হৈছে বোকাত ফুলা পদুম। ভিগনেশৰ স্পিন বলিঙে ধাৰাভাষ্যকাৰক আচৰিত কৰাই নহয়, খেলপথাৰত উপস্থিত থকা ছুপাৰষ্টাৰ মহেন্দ্ৰ সিং ধোনীকো আকৃষ্ট কৰে আৰু পিঠিত থপৰিয়াই ভিগনেশৰ বলিঙৰ শলাগ লয়।
ভিগনেশ পুথুৰৰ কাহিনী সঁচাকৈয়ে প্ৰেৰণাদায়ক। কেৰেলাৰ মালাপ্পুৰমৰ এখন সৰু গাঁৱত জন্ম গ্ৰহণ কৰা যুৱকজনৰ জীৱন কঠোৰ সংগ্ৰামেৰে ভৰা আছিল। তেওঁ কেতিয়াও ডাঙৰ ক্লাবৰ হৈ ক্ৰিকেট খেলা নাছিল যদিও মুম্বাই ইণ্ডিয়ানছে তেওঁৰ বলিং প্ৰতিভাক চিনি পাই তেওঁক নিজৰ দলত অন্তৰ্ভুক্ত কৰিছিল। মুম্বাই ইণ্ডিয়ানছে ৩০ লাখ টকাৰ ভিত্তি মূল্যত ভিগনেশক ক্ৰয় কৰিছিল, আৰু এই ধনৰাশি তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফল।
পুথুৰক ধোনীৰ শলাগ
আই পি এলত অভিষেক মেচত নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিলে ২৪ বছৰীয়া ভিগনেশ পুথুৰে। দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা মেচখনত মুম্বাই ইণ্ডিয়ানছৰ নৱাগত তাৰকাজনে চাঞ্চল্যকৰ বলিঙেৰে চি এছ কেৰ তাৰকাসমৃদ্ধ বেটিং বিভাগক স্তম্ভিত কৰি তুলে।
মেচখনত তেওঁ ৪ অভাৰত ৩২ ৰান ব্যয় কৰি ৩টা মূল্যবান উইকেট দখল কৰে। ভিগনেশে লাভ কৰা উইকেট কেইটা হৈছেঃ চিএছকেৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাড, তাৰকা অলৰাউণ্ডাৰ শিৱম ডুবে আৰু বিস্ফোৰক বেটছমেন দীপক হুদা। মেচখনত মুম্বাই ইণ্ডিয়ানছ ৪ উইকেটত পৰাস্ত হ’লেও ভিগনেশে নিজৰ বলিঙৰ দ্বাৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় আৰু আই পি এলৰ এই ছিজনৰ উদিত তাৰকা হিচাপে আত্মপ্ৰকাশ কৰে।
উল্লেখ্য যে, ভিগনেশ পুথুৰৰ ক্ৰিকেট যাত্ৰা সাধাৰণ নাছিল। ছিনিয়ৰ পৰ্যায়ত কেৰালাৰ হৈ তেওঁ কেতিয়াও ক্ৰিকেট খেলা নাই যদিও ১৪ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধত কেৰালাক প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ পিছত তেওঁ কেৰালা ক্ৰিকেট লীগত এলেপে ৰিপলছ ক্লাবৰ হৈ খেলে, য’ত তেওঁৰ বলিঙে অতিশয় প্ৰশংসা লাভ কৰিছিল।
মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱৰ সৈতে ভিগনেছ পুথুৰ
এটা সময়ত তেওঁ মিডিয়াম পেচ বলিং কৰিছিল যদিও স্থানীয় এজন ক্ৰিকেটাৰ মহম্মদ শ্বেৰিফে তেওঁক লেগ স্পিন কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ ফলত তেওঁৰ কেৰিয়াৰৰ দিশ সলনি হয় আৰু তেওঁ থ্ৰিছুৰলৈ গুচি যায়। তাত তেওঁ চেণ্ট থমাছ কলেজৰ হৈ কেৰালা কলেজ প্ৰিমিয়াৰ টি-২০ লীগত দুৰ্দান্ত বলিঙেৰে তাৰকা হিচাপে পৰিগণিত হয়।
ভিগনেশ পুথুৰৰ উত্থানৰ কাহিনীয়ে এই কথা প্ৰদৰ্শন কৰে যে কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস থাকিলে মানুহে যিকোনো অসুবিধা দূৰ কৰিব পাৰে। তেওঁ প্ৰমাণ কৰিলে যে ক্ৰিকেটৰ জগতখনত যিকোনো খেলুৱৈয়ে ডাঙৰ ক্লাবৰ হৈ খেলিব পাৰে, যদিহে তেওঁৰ প্ৰতিভা আৰু নিষ্ঠা থাকে। মুম্বাই ইণ্ডিয়ানছত যোগদান কৰাৰ পিছত ভিগনেশৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হৈছে, আৰু আগন্তুক মেচসমূহত তেওঁ আৰু অধিক সফল হ'ব পাৰে।