তেলেংগানা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিলে বক্সিং তাৰকা নিখাট জাৰীনে

Story by  atv | Posted by  [email protected] • 1 d ago
তেলেংগানা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণৰ সময়ত বক্সিং তাৰকা নিখাট জাৰীন
তেলেংগানা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণৰ সময়ত বক্সিং তাৰকা নিখাট জাৰীন
 
হায়দৰাবাদ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী তাৰকা বক্সাৰ নিখাট জাৰীনে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে তেলেংগানা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰে।
 
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি বি মহেশ গৌড়, তেলেংগানা সংখ্যালঘু আৱাসিক শিক্ষানুষ্ঠান সমিতিৰ সভাপতি তথা উপাধ্যক্ষ ফাহীম কুৰেশ্বী, তেলেংগানাৰ ডিজিপি ড০ জিতেন্দ্ৰকে ধৰি অন্যান্য সন্মানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
 
এই অনুষ্ঠানত ৰাজ্যজুৰি ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী কাপৰ শুভাৰম্ভ কৰা হয়। 
মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে নিখাট জাৰীনক তেওঁৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনোৱাৰ লগতে ভাৰতীয় ক্ৰীড়ালৈ তেওঁৰ অৱদানৰ প্ৰশংসা কৰে। নিখাটৰ প্ৰেৰণাদায়ক পথ অনুসৰণ কৰিবলৈ তেওঁ ৰাজ্যখনৰ যুৱক-যুৱতীসকলক উৎসাহিত কৰে।
 
হায়দৰাবাদৰ নিজামাবাদ জিলাত জন্মগ্ৰহণ কৰা নিখাটে আন্তঃৰাষ্ট্ৰীয় বক্সিং ৰিঙত চমকপ্ৰদ উত্থানেৰে সমগ্ৰ দেশবাসীৰ আশা-ভৰষাৰ থল হৈ পৰিছে। তেওঁ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত সোণৰ পদক আৰু এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰি দেশবাসীক গৌৰবান্বিত কৰিছিল। 
 
শেহতীয়াকৈ পেৰিছ অলিম্পিকত তেওঁ পদক জয়ৰ সপোন দেখিছিল যদিও তেওঁৰ এই সপোন বাস্তবায়িত নহ'ল।