নতুন দিল্লী
খেলৰত্ন বঁটা প্ৰসংগক লৈ মৌনতা ভংগ কৰিলে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে। সামাজিক মাধ্যমত "মনোনয়নৰ সময়ত মোৰ ভুল হৈছিল" বুলি পোষ্ট দি সমগ্ৰ বিষয় সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে খেলুৱৈ গৰাকীয়ে।
তেওঁ পোষ্টত উল্লেখ কৰে যে, মোৰ খেলৰত্ন বঁটাৰ মনোনয়নক লৈ বহু চৰ্চা চলিছে। যাৰ পৰিপ্ৰেক্ষিতত মই ক’ব বিচাৰিছো যে এজন ক্ৰীড়াবিদ হিচাপে মোৰ কাম হৈছে দেশৰ হৈ খেলা আৰু প্ৰদৰ্শন কৰা। পুৰস্কাৰ বা সন্মানে মোক উৎসাহিত কৰিব, কিন্তু এইবোৰ মোৰ লক্ষ্য নহয়। মনোনয়নৰ সময়ত মোৰ ভুল হৈছিল, শুধৰাই দিলোঁ৷ বঁটা পাঁও বা নাপাও, দেশৰ বাবে যিমান পাৰি পদক লাভ কৰাৰ চেষ্টা অব্যাহত ৰাখিম। সকলোকে এই বিষয়ত আৰু চৰ্চা নকৰিবলৈ অনুৰোধ কৰিছো।'
দৰাচলতে টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে, ইমান ডাঙৰ সফলতা লাভ কৰা সত্বেও খেলৰত্ন বঁটাৰ বাবে মনোনয়নত নাম নাই মনু ভাকৰৰ। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভি ৰামসুব্ৰমণৰ নেতৃত্বত গঠিত ১২ জনীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস সমিতিয়ে এই সন্মানীয় বঁটাৰ বাবে ভাকৰৰ নাম আগবঢ়োৱা নাছিল।
এই খবৰ চৰ্চালৈ অহাৰ পাছতে ক্ৰীড়া মন্ত্ৰণালয়ৰ বিষয়াসকলে দাবী কৰিছিল যে ভাকৰে এই পুৰস্কাৰৰ বাবে আবেদন কৰা নাছিল। কিন্তু প্ৰতিবেদনত উল্লেখ আছিল যে, তেওঁৰ পিতৃ-মাতৃয়ে শ্বুটাৰগৰাকীয়ে পুৰস্কাৰৰ বাবে আবেদন কৰা বুলি দাবী কৰিছিল। কিন্তু তেওঁলোকে সমিতিৰ পৰা কোনো সঁহাৰি পোৱা নাছিল।
উক্ত প্ৰতিবেদনৰ পাছতে সমগ্ৰ দেশ তথা ক্ৰীড়াপ্ৰেমী সকলৰ মাজত বিষয়টোৱে চৰ্চা লাভ কৰিছিল। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস সমিতিখনলৈও প্ৰশ্ন উত্থাপন কৰিছিল একাংশই। এই অভিযোগ-প্ৰতি অভিযোগৰ মাজতে সমগ্ৰ বিষয় সন্দৰ্ভত সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দিয়ে শ্বুটাৰ মনু ভাকৰে।
উল্লেখ কৰা প্ৰয়োজন যে, পেৰিছ অলিম্পিকত দুটাকৈ পদক জয় কৰি দেশৰ ক্ৰীড়া ইতিহাসত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছিল মনু ভকৰে। প্ৰথমতে তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰি অলিম্পিকত পদক জয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে তেওঁ ইতিহাস সৃষ্টি কৰিছিল।