নীৰজ চোপ্ৰাৰ টকিঅ'ৰ স্বৰ্ণ পদকে পেৰিছত আত্মবিশ্বাসী কৰিব ভাৰতীয় এথলীটক

Story by  atv | Posted by  [email protected] • 1 Months ago
নীৰজ চোপ্ৰা
নীৰজ চোপ্ৰা
 
মুম্বাই

টকিঅ’ অলিম্পিকৰ এথলেটিকছত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক জয় কৰি ইতিহাস ৰচা তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাৰ সাফল্যৰ ফলত এতিয়া ভাৰতীয় ক্ৰীড়াবিদসকলে অলিম্পিকৰ দৰে বৃহৎ মঞ্চত ডাঙৰ সপোন দেখাৰ সাহস কৰিছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁলোকে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱত পদক জয় কৰিবলৈ আত্মবিশ্বাসী হৈ পৰিছে।

নীৰজ চোপ্ৰাৰ স্বৰ্ণ পদকে ভাৰতীয় এথলেটিকছলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছে, কাৰণ অলিম্পিকত এজন ভাৰতীয় খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে পুৰুষৰ জেভলিন থ্ৰত স্বৰ্ণ পদক জয় কৰাটো সকলো খেলুৱৈৰ বাবে আছিল প্ৰেৰণাদায়ী। এই ঐতিহাসিক সাফল্যই আন খেলুৱৈসকলক ডাঙৰ সপোন দেখা আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

নীৰজ চোপ্ৰাই আৰম্ভ কৰা স্বৰ্ণিল যাত্ৰাক অব্যাহত ৰখাৰ লক্ষ্য তথা ১৪০ কোটি দেশবাসীক গৌৰবান্বিত কৰাৰ আশাৰে ভাৰতীয় খেলুৱৈসকলে পেৰিছ অলিম্পিক গেমছত আত্মবিশ্বাসেৰে খেলপথাৰত নামিব।

উল্লেখ্য যে, ১৯০০ চনত পেৰিছত ইংৰাজ নৰ্মান প্ৰিচাৰ্ডে লাভ কৰা ৰূপৰ পদক দুটাৰ বাহিৰে ভাৰতীয় খেলুৱৈসকলে অলিম্পিকৰ বিগত ১০০ বছৰৰ ইতিহাসত ট্ৰেক আৰু ফিল্ড ইভেণ্টত মাত্ৰ এটা সোণৰ পদকতে সন্তুষ্ট আছে। গতিকে, এইবাৰ ভাৰতে ট্ৰেক এণ্ড ফিল্ডৰ লগতে আন ইভেণ্টতো সোণ জয় কৰাৰ ডাঙৰ সপোন দেখিছে।  

আদিল ছুমাৰিৱালাৰ দৰে ভাৰতীয় এথলেটিকছৰ বহু বিশ্লেষকে ভাবে যে টকিঅ’ অলিম্পিকৰ পিছত ভাৰতে এথলেটিকছত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। বুডাপেষ্টত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপ ২০২৩ত ভাৰতে গৌৰৱময় প্ৰদৰ্শন দাঙি ধৰিছে আৰু পুৰুষৰ জেভেলিনৰ শীৰ্ষ দহটা স্থানত জিলিকি উঠিছিল তিনিজন ভাৰতীয়ই। ইফালে, এইবাৰ অলিম্পিকত অংশ লোৱা এথলেটিকছ দলটো সৰ্বকালৰ সৰ্ববৃহৎ।

ছুমাৰিৱালাই কয় যে পেৰিছ অলিম্পিকত ভাৰতীয় দলে উল্লেখনীয় সংখ্যক পদক লাভ কৰিবলৈ ব্যৰ্থ হ’লেও তেওঁলোকৰ প্ৰদৰ্শন যথেষ্ট উন্নত আৰু প্ৰশংসনীয় হ'ব। উল্লেখ্য যে, মুঠতে ২৯ গৰাকী এথলীটে পেৰিছ অলিম্পিক গেমছত দেশক প্ৰতিনিধিত্ব কৰিব, যিটো চতুৰ্বৰ্ষীয় গেমছত এতিয়ালৈকে সৰ্বাধিক।

পেৰিছত ভাৰতৰ সম্ভাব্য পদকজয়ীৰ তালিকাত আগবাঢ়ি থাকিব নীৰজ চোপ্ৰা। তেওঁ অলিম্পিকত ক্ৰমাগত দ্বিতীয়টো পদক লাভৰ ক্ষেত্ৰত ফেভাৰিট হ’ব। সকলোৱে আশা কৰিছে যে তেওঁ টকিঅ'ৰ দৰে পেৰিছতো স্বৰ্ণ পদক লাভ কৰিব।

টকিঅ’ অলিম্পিকৰ পাছৰে পৰা চোপ্ৰাই বিশ্ব চেম্পিয়নশ্বিপত ৰূপ আৰু সোণৰ পদক, ২০২৩ চনত ডাইমণ্ড লীগৰ ফাইনেলত সোণ, হোৱাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

২৬ বছৰীয়া চোপ্ৰাই শেহতীয়াকৈ আঘাতৰ সৈতে যুঁজিছে। যাৰ ফলত তেওঁৰ অগ্ৰগতি পিছুৱাই গৈছে আৰু তেওঁ ৯০ মিটাৰৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰিব পাৰিব নে নাই, তাৰ বাবে অপেক্ষা কৰিব লাগিব। ২০২২ চনত ষ্টকহ’মত চোপ্ৰাই ৮৯.৯৪ ছেকেণ্ডৰ ব্যক্তিগত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ লগতে ২০২৩ চনৰ অক্টোবৰ মাহত চীনত ৮৮.৮৮ মিটাৰেৰে ছিজনৰ শ্ৰেষ্ঠ থ্ৰ' নিক্ষেপ কৰে।

মাংসপেশীৰ আঘাতৰ পৰা সুস্থ হৈ পেৰিছত উপস্থিত হোৱা নীৰজ চোপ্ৰাই ফিনলেণ্ডৰ টাৰ্কুত অনুষ্ঠিত হোৱা পাভ’ নুৰমি গেমছ ২০২৪ত স্বৰ্ণ পদক জয় কৰে যদিও মাত্ৰ ৮৫.৯৭ মিটাৰহে থ্ৰ’ কৰিব পাৰে। চোপ্ৰাৰ বাহিৰেও পুৰুষৰ জেভলিন থ্ৰ’ত কিশোৰ কুমাৰ জেনাৰ ওপৰত ভাৰতে বহুখিনি আশা কৰিব। ওড়িশাৰ এই খেলুৱৈগৰাকীয়ে হাংঝোত চোপ্ৰাৰ পিছতে ৮৭.৫৪ মিটাৰ ব্যক্তিগত শ্ৰেষ্ঠত্বৰে ৰূপৰ পদক লাভ কৰিছিল।