ফিডে দবা অলিম্পিয়াড চেম্পিয়ন ভাৰতীয় দলৰ সৈতে মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Story by  atv | Posted by  [email protected] • 9 d ago
ফিডে দবা অলিম্পিয়াড চেম্পিয়ন ভাৰতীয় দলৰ সৈতে প্ৰধানমন্ত্ৰী মোদী
ফিডে দবা অলিম্পিয়াড চেম্পিয়ন ভাৰতীয় দলৰ সৈতে প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দবা অলিম্পিয়াড বিজয়ীসকলৰ সৈতে আজি মত বিনিময় কৰে আৰু এটা সময়ত খেলুৱৈৰ প্ৰতিভা বিকাশৰ বাবে গুজৰাটত তেওঁ আয়োজন কৰা ‘খেল মহাকুম্ভ’ৰ কথা খেলুৱৈসকলক সোঁৱৰাই দিয়ে। খেল মহাকুম্ভই কিদৰে ৰাজ্যখনত ক্ৰীড়া সংস্কৃতি গঢ়ি তোলাত আচৰিতধৰণে কাম কৰিছিল, সেই বিষয়ে তেওঁ খেলুৱৈসকলক অৱগত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ চৰকাৰী বাসগৃহত চেছ অলিম্পিয়াডৰ স্বৰ্ণ বিজয়ী ভাৰতীয় খেলুৱৈসকলৰ সৈতে হোৱা বৈঠকৰ ভিডিঅ’ও , তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰে। 
 
তেওঁ কয়, “৪৫ সংখ্যক ফিডে দবা অলিম্পিয়াডত জয়ী হোৱা ভাৰতীয় দবা দলটোৰ সৈতে এক পাৰস্পৰিক মত-বিনিময় অনুষ্ঠানত অংশ লৈ আনন্দিত হৈছো।”
এই অনন্য পদক্ষেপৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “যেতিয়া মই গুজৰাট শাসন কৰি আছিলো তেতিয়া মোৰ চৰকাৰে খেল মহাকুম্ভ চলাইছিল, য’ত বিভিন্ন শাখাৰ অধীনত লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। কম সময়ৰ ভিতৰতে আমি বহু যুৱ প্ৰতিভা চিনাক্ত কৰিব পাৰিছিলো।"

তেওঁ লগতে কয় যে এই কাৰ্যসূচীৰ অধীনত আনকি ডাঙৰ আৰু প্ৰাপ্তবয়স্কসকলকো খেলসমূহত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছিল। "মই দৃঢ় বিশ্বাসী যে দেশত প্ৰতিভাৰ প্ৰচুৰতা আছে। নাগৰিকৰ মাজত খেলুৱৈসুলভ মনোভাৱ গঢ়ি তুলিব লাগে, আৰু ইয়াক দৈনন্দিন কাম-কাজৰ অংশ হিচাপে গঢ়ি তুলিব লাগে।"

দবা চেম্পিয়নসকলৰ সৈতে বিকশিত ভাৰত সন্দৰ্ভত নিজৰ দৃষ্টিভংগী আৰু অধিক ভাগ-বতৰা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশখনে বিজ্ঞান, প্ৰযুক্তি, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰযুক্তিকে ধৰি সকলো খণ্ডতে প্ৰাধান্য আৰু আধিপত্য লাভ কৰিব লাগিব।

তেওঁ কয় যে এখন দেশ কেৱল অৰ্থনীতি, উদ্যোগ, জিডিপিৰ আকাৰৰ বাবেই বিকশিত নহয়, সকলো খণ্ডতে দেশৰ সামগ্ৰিক আৰু সৰ্বাংগীন বৃদ্ধি হ’ব লাগিব। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা আন এটা ভিডিঅ’ত চেছ অলিম্পিয়াডে প্ৰধানমন্ত্ৰীক লগ পোৱাৰ অভিজ্ঞতা আৰু লগতে তেওঁলোকৰ মূল্যৱান অন্তৰ্দৃষ্টিৰ বিষয়েও শ্বেয়াৰ কৰে।