স্বৰ্ণ জয় কৰা পেৰা এথলীট হৰবিন্দৰ সিঙক শুভেচ্ছা জ্ঞাপন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী

Story by  atv | Posted by  Munni Begum • 11 d ago
এথলীট হৰবিন্দৰ সিং
এথলীট হৰবিন্দৰ সিং
 
নতুন দিল্লী
 
পেৰিছ পেৰালিম্পিকত আৰ্চাৰীৰ পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভত ঐতিহাসিক স্বৰ্ণ জয় কৰা পেৰা এথলীট হৰবিন্দৰ সিঙক ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। পেৰালিম্পিকৰ আৰ্চাৰীত ভাৰতৰ বাবে এয়া প্ৰথমটো স্বৰ্ণ পদক। একপক্ষীয় ফাইনেলত হৰবিন্দৰে পোলেণ্ডৰ লুকাছ চিচেকক ৬-০ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। 
 
এক্সত এক পোষ্টৰ জৰিয়তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে ফাইনেলত অভূতপূৰ্ব প্ৰদৰ্শন কৰাৰ বাবে ৩৩ বছৰীয়া হৰবিন্দক অভিনন্দন জনায়। ৰাষ্ট্ৰপতি মূৰ্মূৱে পোষ্টত লিখিছে, "পেৰিছ পেৰালিম্পিক ২০২৪ ত পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ পেৰা আৰ্চাৰী ইভেণ্টত স্বৰ্ণ পদক জয় কৰাৰ বাবে হৰবিন্দৰ সিঙক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। ভাৰতৰ বাবে একেৰাহে পেৰালিম্পিকত হৰবিন্দৰৰ দ্বিতীয়টো পদক আৰু পেৰা আৰ্চাৰীত প্ৰথমবাৰৰ বাবে সোণৰ পদক।"   
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মান্দৱিয়াইও হৰবিন্দৰক পেৰিছ পেৰালিম্পিকত ভাৰতৰ প্ৰথমবাৰৰ বাবে আৰ্চাৰীত স্বৰ্ণ পদক বিজয়ী হোৱাৰ বাবে শুভেচ্ছা জনাইছে। তেওঁ এক্সত এক পোষ্টত লিখিছে, "পেৰালিম্পিক ২০২৪ত পেৰা আৰ্চাৰী পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অ’পেনত অতুলনীয় নিখুঁততাৰে সোণৰ পদক লাভ কৰিছে হৰবিন্দৰ সিঙে! এই বিজয়ে তেওঁক পেৰালিম্পিকত পেৰা আৰ্চাৰীত প্ৰথমবাৰৰ বাবে সোণৰ পদক বিজয়ী হিচাপে চিহ্নিত কৰিছে। ভাৰতত পেৰা-স্প’ৰ্টছক আগুৱাই নিয়াৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক তেওঁ মূৰ্ত কৰি তুলিছে। তেওঁৰ এই কৃতিত্বই প্ৰমাণ কৰে যে দৃষ্টি, মনোযোগ আৰু অদম্য দৃঢ়তাই সপোনক সোণালী বাস্তৱলৈ ৰূপান্তৰিত কৰিব পাৰে।"  
হৰবিন্দৰৰ এই সফলতা পেৰিছ পেৰালিম্পিকত আৰ্চাৰীত ভাৰতৰ দ্বিতীয়টো পদক হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে মিক্সড টিম কম্পাউণ্ড ইভেণ্টত ভাৰতীয় আৰ্চাৰ ৰাকেশ কুমাৰ আৰু শীতল দেৱীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে।