Olympic Order লাভ কৰাৰ বাবে অভিনৱ বিন্দ্ৰক প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

Story by  atv | Posted by  [email protected] • 1 Months ago
অভিনৱ বিন্দ্ৰ
অভিনৱ বিন্দ্ৰ
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদক বিজয়ী শ্বুটাৰ তথা আই অ’ চিৰ সদস্যগৰাকীক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ দ্বাৰা Olympic Order প্ৰদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
 
২০০৮ চনত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হোৱা বিন্দ্ৰাক শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া পেৰিছ অলিম্পিক গেমছৰ সময়ত অলিম্পিক আন্দোলন আৰু মূল্যবোধৰ প্ৰসাৰৰ দিশত কৰা যোগ্য সেৱাৰ বাবে অলিম্পিক অৰ্ডাৰ প্ৰদান কৰা হ’ব।
 
প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, " অভিনৱ বিন্দ্রাই অলিম্পিক অৰ্ডাৰ লাভ কৰি প্ৰতিজন ভাৰতীয়ক গৌৰাম্বিত কৰিছে। তেওঁক অভিনন্দন জ্ঞাপন কৰিছো। এজন খেলুৱৈ হিচাপেই হওক বা আগন্তুক ক্ৰীড়াবিদসকলৰ গুৰু হিচাপেই হওক, ক্ৰীড়া আৰু অলিম্পিক আন্দোলনলৈ তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে।"
 
বিন্দ্ৰাই লগে লগে প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই তেওঁৰ এই শুভেচ্ছা বাণীৰ বাবে ধন্যবাদ জনায়।
 
"ধন্যবাদ ছাৰ আপোনাৰ এই বাৰ্তাই মোক অধিক উৎসাহিত কৰিব", বিন্দ্ৰাই প্ৰধানমন্ত্ৰীৰ এই পোষ্টৰ উত্তৰ দি লিখিছে।
 
পেৰিছত অনুষ্ঠিত হৈ থকা ১৪২ সংখ্যক আই অ’ চি অধিবেশনৰ পূৰ্বে বিন্দ্ৰাক বৈঠকত অলিম্পিক সংস্থাটোৱে দিয়া সৰ্বোচ্চ বঁটা অলিম্পিক অৰ্ডাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল আই অ’ চিৰ কাৰ্যবাহী ব’ৰ্ডে। ১০ আগষ্টত পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছৰ সময়ত আয়োজন কৰা এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।