যোধপুৰ
অলিম্পিকত দুটাকৈ পদক জয় কৰা ভাৰতৰ তাৰকা শ্বাটলাৰ পিভি সিন্ধুৱে যুগ্ম জীৱনৰ পাতনি মেলিছে। দেওবাৰে উদয়পুৰত তেওঁ ভেংকটা দত্ত ছাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পৰম্পৰাগত ৰীতি-নীতি অনুসৰি, তেওঁ পৰিয়াল আৰু বন্ধু-বৰ্গৰ উপস্থিতিত বিবাহ বন্ধনত সোমায়। এই আনন্দময় অনুষ্ঠানত যোধপুৰৰ সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট উপস্থিত আছিল। তেওঁ পিভি সিন্ধুৰ বিয়াৰ প্ৰথমখন ছবি নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰে।
হায়দৰাবাদস্থিত প’চিডেক্স টেকন’লজিছৰ কাৰ্যবাহী সঞ্চালক (Executive Director at Posidex Technologies) ভেংকটা দত্ত ছাই আৰু সিন্ধুৰ বাগদান পৰ্ব শনিবাৰে সম্পন্ন হয়। টুইটাৰত মন্ত্ৰী শ্বেখাৱটে লিখিছে, "যোৱা সন্ধিয়া উদয়পুৰত ভেংকটা দত্ত ছাইৰ সৈতে আমাৰ বেডমিণ্টন চেম্পিয়ন অলিম্পিয়ান পিভি সিন্ধুৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হৈছো আৰু দম্পতীহালক নতুন জীৱনৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছো।"
উল্লেখ্য যে, এই উদযাপন এতিয়াও শেষ হোৱা নাই। কাৰণ ২৪ ডিচেম্বৰত সিন্ধুৰ গৃহ চহৰ হায়দৰাবাদত আয়োজন কৰা হৈছে এক অভ্যৰ্থনা অনুষ্ঠান। ইয়াৰ পূৰ্বে, সিন্ধুৰ পিতৃয়ে উল্লেখ কৰিছিল যে দুয়োটা পৰিয়াল ইজনে সিজনৰ লগত ভালদৰে চিনাকি, কিন্তু বিয়াৰ পৰিকল্পনা এমাহৰ ভিতৰতে গ্ৰহণ কৰা হৈছে। অহা বছৰৰ পৰা সিন্ধু প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাত ব্যস্ত হোৱাৰ বাবে দম্পতীহালে এই তাৰিখটো বাছি লৈছে।
শেহতীয়াকৈ লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ ৱু লুও ইউক পৰাস্ত কৰি সিন্ধুৱে খিতাপ জয় কৰিছিল।২০২২ চনৰ জুলাই মাহত ছিংগাপুৰ অ’পেন খিতাপৰ পিছত সিন্ধুৰ এয়া প্ৰথমটো বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ খিতাপ আছিল।