কেপটাউন
আফগানিস্তানৰ তাৰকা স্পিনাৰ ৰছিদ খানে ইতিহাস ৰচিছে। টি-২০ ক্ৰিকেটত তেওঁ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হৈছে। ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী অলৰাউণ্ডাৰ ডোৱেইন ব্ৰাভোক চেৰ পেলাই ৰছিদে এই অভিলেখৰ গৰাকী হয়।
দক্ষিণ আফ্ৰিকা টি-২০ লীগৰ এখন মেচত MI Cape Townৰ হৈ খেলা তাৰকা লেগ স্পিনাৰগৰাকীয়ে টি-২০ ক্ৰিকেটত সৰ্বাধিক উইকেট দখলৰ অভিলেখ স্থাপন কৰে।
এতিয়ালৈকে ৰছিদে ৪৬১খন টি-২০ মেচত ৬৩৩টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে। ১৮.০৭ৰ আকৰ্ষণীয় গড় বলিঙেৰে নতুন অভিলেখৰ গৰাকী হোৱা তাৰকাগৰাকীয়ে এটা ইনিংছত চাৰিবাৰ ৫টা উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছে। তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৬/১৭।
ইফালে, ব্ৰাভোৱে ৫৮২খন মেচত গড় ২৪.৪০কৈ মুঠ ৬৩১টা উইকেট লাভ কৰিছে। তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৫/২৩।