গুৱাহাটী
ঘোষণা হ'ল ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম। বৃহস্পতিবাৰে দিনৰ ভাগত ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষই ঘোষণা কৰে দলটোৰ অধিনায়কৰ নাম। প্ৰথন ৩খন মেচৰ বাবে নতুন অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে বিস্ফোৰক বেটছমেন তথা অসম সন্তান ৰিয়ান পৰাগক।
ফ্ৰেন্সাইজীটোৱে ৰাজহুৱা কৰা অনুসৰি আই পি এল ২০২৫ৰ প্ৰথম ৩খন মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে। উল্লেখযোগ্য যে হায়দৰাবাদৰ পৰাই ৰাজস্থানে আৰম্ভ কৰিব এইবাৰৰ আই পি এল অভিযান।
প্ৰথমখন মেচ খেলিব ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে। এই মেচখনত অনুষ্ঠিত হ’ব ২৩ মাৰ্চত। একেদৰে দ্বিতীয় আৰু তৃতীয় মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। ইয়াৰে দ্বিতীয়খন মেচ হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰু আনখন চেন্নাইৰ বিৰুদ্ধে।
উল্লেখযোগ্য যে দলটোৰ নিয়মীয়া অধিনায়ক সঞ্জু ছেমছনে এই তিনিওখন মেচত এগৰাকী বেটছমেন হিচাপে খেলাৰ কথা সদৰী কৰে ফ্ৰেন্সাইজীটোৱে।
ৰাজস্থান ৰয়েলছৰ সূত্রই জনোৱা অনুসৰি অধিনায়ক সঞ্জু ছেমছনক আৰম্ভণিতে চাপমুক্ত কৰি ৰাখিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আনহাতে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া IPL মেচৰ টিকট বিক্ৰীৰ হাৰ যথেষ্ট কমি গৈছে। গতিকে টিকট বিক্ৰী বৃদ্ধি কৰিবলৈও এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলটোৰ ভিতৰুৱা সূত্ৰই জানিব দিয়ে।