ফৰ্মলৈ উভতি শচীনৰ কি অভিলেখ ভংগ কৰিলে ৰোহিত শৰ্মাই

Story by  atv | Posted by  [email protected] • 1 d ago
শতকৰ পিছত ৰোহিত শৰ্মাৰ প্ৰতিক্ৰিয়া
শতকৰ পিছত ৰোহিত শৰ্মাৰ প্ৰতিক্ৰিয়া
 
কটক

বিস্ফোৰক শতকেৰে সমালোচকক শক্তিশালী প্ৰত্যুত্তৰ দিছে টীম ইণ্ডিয়াৰ তাৰকা ৰোহিত শৰ্মাই। কটকত যোৱা নিশা ইংলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন এদিনীয়াত অধিনায়ক ৰোহিতে ১১৯ ৰানৰ মেচ উইনিং ইনিংছ খেলে। তেওঁৰ এই শতকৰ সহায়ত ভাৰতে দ্বিতীয় এদিনীয়াত ৬ উইকেটত জয়ী হয় আৰু তিনিখন মেচৰ শৃংখলাটো ২-০ৰ ব্যৱধানত দখল কৰে।
 
মাত্ৰ ৭৬ বলত ৰোহিতে কেৰিয়াৰৰ ৩২সংখ্যক এদিনীয়া শতক সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। ১২টা বাউণ্ডেৰী আৰু ৭টা ছিক্সাৰৰ সহায়ত তেওঁ ৯০টা বলত ১১৯ ৰান সংগ্ৰহ কৰে। 
 
মনকৰিবলগীয়া, শতকীয় ইনিংছটোৰ সহায়ত ৰোহিত শৰ্মাই কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ এক অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়।ৰোহিতে ৩০ বছৰীয়া জন্মদিনৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সামগ্ৰিকভাৱে ৩৬সংখ্যক শতকৰ অধিকাৰী হয়। অৰ্থাৎ ৩৭ বছৰীয়া ৰোহিতে এতিয়া ৩০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত ভাৰতীয় খেলুৱৈৰ দ্বাৰা সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। পূৰ্বতে শচীন তেণ্ডুলকাৰে ৩০ বছৰ বয়সত ৩৫ টা শতকৰে এই অভিলেখ গঢ়িছিল।
ৰোহিতে ৩০ বছৰীয়া জন্মদিনৰ পিছত এজন খেলুৱৈয়ে সৰ্বাধিক এদিনীয়া শতক অৰ্জনৰ বিশ্ব অভিলেখো নিজৰ নামত খোদিত কৰে। ৩০সংখ্যক জন্মদিনৰ পিছত ৫০ অভাৰৰ ফৰ্মেটত ২২টা শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হৈছে ৰোহিত শৰ্মা। ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ ক্ৰিকেট কিংবদন্তি সনথ জয়সূৰিয়া আৰু তিলকৰত্নে দিলছানৰ নামত এই অভিলেখ আছিল।
 
২০১৭ চনৰ ৩০ এপ্ৰিলত ৩০ বছৰ সম্পূৰ্ণ কৰাৰ পৰা ৰোহিতে ২২টা এদিনীয়া শতকৰ সমান্তৰালভাৱে টেষ্ট ক্ৰিকেটত ১০টা আৰু টি-২০ত চাৰিটা শতক অৰ্জন কৰিছে।