গুৱাহাটী
অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে চলিত আইপিএল ছিজনত প্ৰথমটো জয়ৰ সোৱাদ লাভ কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰ ষ্টেডিয়ামত দেওবাৰে নিশা অনুষ্ঠিত এখন ৰোমাঞ্চকৰ মেচত ৰাজস্থানে আইপিএলৰ অন্যতম সফল আৰু শক্তিশালী দল চেন্নাই ছুপাৰ কিংছক ৬ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।
জয়ৰ বাবে ১৮৩ ৰানৰ লক্ষ্যৰ পিছ লৈ চেন্নাই দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৬ ৰানত থমকি ৰয়। অধিনায়ক ৰিতুৰাজ গাইকোৱাডে সৰ্বাধিক ৬৩ আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই অপৰাজিতভাৱে ৩২ ৰানৰ অৰিহণা যোগায় যদিও অন্তিম অভাৰত ফিনিশ্বাৰ এম এছ ধোনীয়ে মেচ ফিনিশ্ব কৰিব নোৱাৰাত চিএছকেই প্ৰতিযোগিতাখনত ক্ৰমাগত দ্বিতীয় পৰাজয়ৰ সন্মুখীন হয়। ধোনীক ১৬ ৰানত আউট কৰে ৰাজস্থানৰ অভিজ্ঞ বেগী বলাৰ সন্দীপ শৰ্মাই।
তাৰকা বেটছমেন শিৱম ডুবেই আক্ৰমণাত্মক বেটিঙেৰে চিএছকেক জয়ৰ দিশে আগুৱাই নিয়াৰ চেষ্টা কৰাৰ সময়তে অধিনায়ক ৰিয়ান পৰাগে এক দুৰ্দান্ত কেচ আয়ত্ত কৰি তেওঁক পেভিলিয়নমুখী কৰে। এই কেচটোৱে মেচখনৰ গতি সলনি কৰে আৰু ৰাজস্থানৰ শিবিৰলৈ জয়ৰ আশা কঢ়িয়াই আনে।
Catch of the season contender? 🔥😍 pic.twitter.com/aQdqoX7lBn
— Rajasthan Royals (@rajasthanroyals) March 30, 2025
ইয়াৰ পূৰ্বে, ৰাজস্থানে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৮২ ৰান সংগ্ৰহ কৰে। বৰ্ষাপাৰা ষ্টেডিয়ামক দ্বিতীয়খন হোম গ্ৰাউণ্ড হিচাপে আঁকোৱালি লোৱা ৰাজস্থান ৰয়েলছৰ হৈ বাঁওহতীয়া বেটছমেন নীতিশ ৰানাই বিস্ফোৰক ৰূপ ধাৰণ কৰে আৰু ৮১ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে। অসম সন্তান ৰিয়ান পৰাগেও ২৮ বলত ২টা বাউণ্ডেৰী আৰু ২টা অভাৰ বাউণ্ডেৰীৰে ৩৭ ৰানৰ মূল্যবান অৰিহণা আগবঢ়ায়।
উল্লেখ্য যে, ৰাজস্থানে দেওবাৰে গুৱাহাটীত নিজৰ দ্বিতীয় তথা অন্তিমখন মেচ খেলে। দলটোৱে এতিয়া অহা ৫ এপ্ৰিলত পাটিয়ালাৰ মিলনপুৰ ক্ৰিকেট ষ্টেডিয়ামত ঘৰুৱা দল পঞ্জাব কিংছৰ বিৰুদ্ধে পৰৱৰ্তী মেচখন খেলিব।