ডুবাইত কি ডাঙৰ দায়িত্ব লাভ কৰিলে প্ৰাক্তন টেনিছ তাৰকা ছানিয়া মিৰ্জাই

Story by  atv | Posted by  [email protected] • 7 d ago
ছানিয়া মিৰ্জাক ডুবাইৰ ক্ৰীড়া ৰাষ্ট্ৰদূত নিযুক্তি
ছানিয়া মিৰ্জাক ডুবাইৰ ক্ৰীড়া ৰাষ্ট্ৰদূত নিযুক্তি
 
ডুবাই
 
ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ বিখ্যাত টেনিছ তাৰকা ছানিয়া মিৰ্জাক ডুবাই স্প’ৰ্টছ এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙকো ডুবাই ক্ৰীড়া দূত হিচাপে নিযুক্তি দিয়া হৈছে। ডুবাইত আয়োজন কৰা এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত এই ঘোষণা কৰা হৈছে। অনুষ্ঠানত খেলুৱৈসকলক তেওঁলোকৰ অৱদানৰ বিষয়ে কোৱা হৈছে।
 
যদিও ছানিয়া মিৰ্জাই টেনিছৰ পৰা অৱসৰ লৈছে, তথাপিও তেওঁ নিজৰ ক্ৰীড়াৰ বাবে সন্মান লাভ কৰে। কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে ছানিয়া মিৰ্জাক সন্মান কৰা হয়। এতিয়া তেওঁ এটা ডাঙৰ সন্মান আৰু দায়িত্ব লাভ কৰিছে। ১২ নৱেম্বৰত ডুবাই স্প’ৰ্টছ ৰিট্ৰিট নামৰ এক অনুষ্ঠানত তেওঁক ডুবাই স্প’ৰ্টছ এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে।
 
এই সন্মান লাভ কৰাৰ পিছত তাৰকা খেলুৱৈগৰাকীক অনুৰাগী, ঘনিষ্ঠ আৰু আত্মীয়ই অভিনন্দন জনাইছে। একে সময়তে ছানিয়া মিৰ্জাই এই অনুষ্ঠানৰ সৈতে জড়িত বহু ভিডিঅ’ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ডুবাইত বাস কৰি আহিছে ছানিয়া মিৰ্জাই। পুত্ৰৰ লগত তেওঁ তাতেই থাকে। ডুবাই হৈছে ছানিয়া মিৰ্জাৰ দ্বিতীয় ঘৰ। তেওঁৰ পুত্ৰ ইঝানে ডুবাইত পঢ়া-শুনাৰ লগতে ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এই কাৰণেই শ্বেখ হামদানে তেওঁক গুৰুত্বপূৰ্ণ দায়িত্ব দিছে। ছানিয়া মিৰ্জাক ডুবাইৰ ক্ৰীড়া দূত হিচাপে নিযুক্তি দিয়া হৈছে।
 
ডুবাইৰ ক্ৰাউন প্ৰিন্স শ্বেইখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাকতুমে ডুবাই স্প’ৰ্টছ কাউন্সিলৰ সৈতে জড়িত হৈ আছে। তেওঁ অনুষ্ঠানটোৰ অধ্যক্ষৰ আসন শুৱনি কৰিছে। ডুবাই স্প’ৰ্টছ ৰিট্ৰিটত ক্ৰীড়া জগতৰ ১০০ জন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে, য’ত আছিল প্ৰখ্যাত ইউ এফ চি লাইটৱেট চেম্পিয়ন খাবিব নুৰমাগোমেডভ আৰু ভাৰতৰ প্ৰাক্তন টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা আৰু মুম্বাই ইণ্ডিয়ানছৰ প্ৰাক্তন অধিনায়ক হৰভজন সিং।
উল্লেখ্য যে, ছানিয়া মিৰ্জা কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে এগৰাকী বিখ্যাত টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ২০০৩ চনৰ পৰা ২০১৩ চনলৈকে তেওঁ মহিলা টেনিছ এছ’চিয়েশ্যন (ডব্লিউ টি এ)ত একক আৰু ডাবলছত শীৰ্ষ ভাৰতীয় টেনিছ খেলুৱৈ হিচাপে নিজৰ স্থান বজাই ৰাখিবলৈ সক্ষম হৈছিল।
 
মাত্ৰ ১৮ বছৰ বয়সতে বিশ্বজুৰি বিখ্যাত হোৱা এইগৰাকী খেলুৱৈক ২০০৬ চনত ‘পদ্মশ্ৰী’ সন্মান প্ৰদান কৰা হৈছিল। এই সন্মান লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ। ২০০৬ চনত তেওঁ ডব্লিউ টি এৰ ‘মোষ্ট ইম্প্ৰেছিভ নিউকামাৰ এৱাৰ্ড’ লাভ কৰিছিল। ইয়াৰ উপৰিও ২০০৮ চনৰ বেইজিং, ২০১২ চনৰ লণ্ডন, ২০১৬ চনৰ ৰিঅ’ আৰু ২০২০ চনৰ টকিঅ’ অলিম্পিকত তেওঁ দেশক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছে।