ফিফা বিশ্বকাপ ২০৩৪ত LGBTQ অনুৰাগীক সুৰক্ষিত পৰিৱেশ দিয়াৰ নিশ্চয়তা ছৌদি আৰৱৰ

Story by  atv | Posted by  Munni Begum • 4 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ৰিয়াধ
 
ইংলেণ্ড ফুটবল ফেডাৰেচনে ২০৩৪ চনৰ বিশ্বকাপৰ আয়োজক হিচাপে ছৌদি আৰৱক সমৰ্থন কৰাৰ সিদ্ধান্ত স্পষ্ট কৰি কয় যে, উপসাগৰীয় দেশখনৰ পৰা তেওঁলোকে এলজিবিটিকিউ (lesbian, gay, bisexual, transgender, and queer) অনুৰাগীসকলৰ নিৰাপত্তাৰ আশ্বাস লাভ কৰিছে। ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে ১১ ডিচেম্বৰত ২০৩৪ চনৰ প্ৰতিযোগিতাখনৰ আয়োজক হিচাপে ছৌদি আৰবৰ নাম ঘোষণা কৰাৰ পিছতে ইংলেণ্ড ফুটবল ফেডাৰেচনৰ পৰা এই বক্তব্য প্ৰকাশ পাইছে।
 
ইংলেণ্ড ফুটবল ফেডাৰেচনৰ অধ্যক্ষ ডেবি হেউইটে (Debbie Hewitt) বিবিচি ৰেডিঅ’ ৫ লাইভক জনোৱা মতে, ফেডাৰেচনে ছৌদি আৰৱৰ নিবিদা সমৰ্থন কৰাৰ পূৰ্বে বহু প্ৰশ্ন উত্থাপন কৰিছিল। ‘এয়া কোনো কঠিন সিদ্ধান্ত নাছিল। ই আছিল এক অতি পুংখানুপুংখ প্ৰক্ৰিয়া।’ 
 
কিং ছলমান ষ্টেডিয়াম
 
তেওঁ কয় যে নৱেম্বৰত ইংলেণ্ড ফুটবল ফেডাৰেচনে ছৌদি আৰব ফুটবল ফেডাৰেচন (এছ এ এফ এফ)ক সাক্ষাৎ কৰি এই নিবিদা সম্পৰ্কে বিতংভাৱে আলোচনা কৰিছিল। “আমি তেওঁলোকক ২০৩৪ চনত ছৌদি আৰৱত সকলো অনুৰাগী সুৰক্ষিত আৰু সুখী হোৱাটো নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ কৈছিলো। আমি এলজিবিটিকিউ অনুৰাগীৰ কথাও উল্লেখ কৰিছিলো। ছৌদি আৰৱে আমাক আশ্বাস দিছে যে তেওঁলোক সকলো অনুৰাগীৰ বাবে এক নিৰাপদ আৰু আদৰণীয় পৰিৱেশ প্ৰদানৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”-ইংলেণ্ড ফুটবল ফেডাৰেচনৰ অধ্যক্ষ ডেবি হেউইটে কয়। 
 
তেওঁ আৰু কয়, "আমি বহু প্ৰশ্ন কৰিছিলো, তেওঁলোকে আমাক বহু সময় আৰু প্ৰতিশ্ৰুতি দিছিল। মই ভাবো গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আমি এতিয়া প্ৰতিযোগিতাখনৰ পূৰ্বে আগন্তুক ১০ বছৰত তেওঁলোকৰ সৈতে কাম কৰি দুয়োপক্ষৰ ফালৰ প্ৰতিশ্ৰুতিসমূহ পূৰণৰ দিশত কাম কৰিম।”
 
ছৌদি আৰৱক ২০৩৪ চনৰ ফিফা বিশ্বকাপৰ আয়োজক দেশ হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ মূহুৰ্ত
 
উল্লেখ্য যে, ২০২২ চনত কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ পিছত ছৌদি আৰৱে মধ্যপ্ৰাচ্যৰ দ্বিতীয়খন দেশ হিচাপে ফুটবল বিশ্বকাপ আয়োজন কৰিব। প্ৰতিযোগিতাখনৰ সম্প্ৰসাৰণৰ পিছত প্ৰথমবাৰৰ বাবে আয়োজক দেশ হিচাপে ছৌদি আৰৱে ৪৮খন দেশক আদৰণি জনাব। 
 
পাঁচখন আয়োজক চহৰ ক্ৰমে ৰিয়াধ, জেদ্দা, আল খোবাৰ, আভা, আৰু এন ই অ’ এম (Riyadh, Jeddah, Al Khobar, Abha, and NEOM)ৰ ১৫খন ষ্টেডিয়ামত মেগা ইভেণ্টখন অনুষ্ঠিত হ’ব। উদ্বোধনী আৰু ফাইনেল মেচৰ বাবে ৰিয়াধৰ ৯২ হাজাৰ আসনবিশিষ্ট কিং ছলমান ষ্টেডিয়ামক বাছনি কৰা হৈছে। কিং ছলমান ষ্টেডিয়ামকে ধৰি মুঠ দহখন নতুন ষ্টেডিয়াম বিশ্বকাপৰ বাবে নিৰ্মাণ কৰা হ’ব।


শেহতীয়া খবৰ