নতুন দিল্লী
মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) ২০২৫ৰ বাবে আই পি এলৰ দলে ক্ৰয় কৰা অন্যতম ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে ছিমৰন বানু শ্বেইখ। বেংগালুৰুত দেওবাৰে অনুষ্ঠিত নিলামত মুম্বাইৰ ধৰাৱী অঞ্চলৰ এজন ইলেক্ট্ৰিচিয়ানৰ কন্যা ছিমৰন শ্বেইখক গুজৰাট জায়েণ্টছে ১.৯ কোটি টকাত ক্ৰয় কৰে।
এইদৰে, কেশৱী গৌতমৰ পিছতে ছিমৰণ মহিলা আইপিএলৰ দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। গুজৰাট জায়েণ্টে এইবাৰৰ নিলামত কেশৱী গৌতমক ২ কোটি টকাত ক্ৰয় কৰিছে।
ৱেষ্ট ইণ্ডিজৰ ডিয়াণ্ড্ৰা ডটিঙে (Deandra Dotting) ১.৭ কোটি টকাত দ্বিতীয় সৰ্বাধিক ব্যয়বহুল আনকেপড খেলুৱৈ হিচাপে নিলামত বিক্ৰী হয়। ডটিং আৰু শ্বেইখ দুয়োকে গুজৰাট জায়েন্টছে ক্ৰয় কৰে। ইফালে, ১৬ বছৰীয়া জি কমলিনীয়ে ১.৬ কোটি টকাৰ চুক্তি লাভ কৰাৰ বিপৰীতে নিলামৰ অন্যতম আকৰ্ষণ আছিল গুজৰাটৰ শ্বেইখৰ বাবে বিড।
শ্বেইখৰ এই সাফল্যৰ পিছতে এছিয়াৰ আটাইতকৈ ডাঙৰ বস্তি অঞ্চল হিচাপে পৰিচিত মুম্বাইৰ ধৰাৱী অঞ্চলত আনন্দ লহৰ উঠিছে। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁক পৰিয়াল আৰু আত্মীয়সকলে "ল'ৰাৰ খেল খেলা ছোৱালী" বুলি আপত্তি দৰ্শাইছিল।
গুজৰাট জায়েন্টছ আৰু দিল্লী কেপিটেলছৰ মাজত প্ৰতিযোগিতামূলক নিবিদা যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে নিলামে এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হয়। দুয়োটা দলৰ মাজত যুঁজৰ মাজতো অৱশেষত গুজৰাট জায়েণ্টছে ভাল মূল্যত ছিমৰন শ্বেইখক ক্ৰয় কৰিব পাৰে। গুজৰাট জায়েন্টছৰ প্ৰশিক্ষক মাইকেল ক্লিংগাৰে ছিমৰনৰ বাবে উচ্চ নিবিদা দিয়াৰ সিদ্ধান্তৰ বিষয়ে কয় যে ছিমৰন আৰু ডটিং হৈছে আগন্তুক ছিজনৰ বাবে নিজৰ কৌশলৰ অংশ হিচাপে দলটোৱে সদস্য হিচাপে ল’ব বিচৰা খেলুৱৈ।
মাইকেলে প্ৰকাশ কৰে যে ফ্ৰেঞ্চাইজিটোৱে ভাৰতৰ ঘৰুৱা প্ৰতিযোগিতাসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে আৰু ছিমৰনৰ পাৱাৰ হিটিং ক্ষমতা পৰৱৰ্তী ছিজনত দলটোক যথেষ্ট প্ৰয়োজন হ'ব।
প্ৰশিক্ষকগৰাকীয়ে কয় যে আমি স্থানীয় প্ৰতিযোগিতা, টি-২০ আৰু চেলেঞ্জাৰ্ছ প্ৰতিযোগিতাসমূহ নিৰীক্ষণ কৰি আহিছো। হিটিং পাৱাৰ আৰু ষ্ট্ৰাইক ৰেটৰ ক্ষেত্ৰত ভাৰতীয় আন খেলুৱৈতকৈ পৃথক ছিমৰন আমাৰ দলৰ বাবে এক ডাঙৰ বিকল্প হ’ব। ডাঙৰ শ্বট খেলিব পৰা ক্ষমতাৰে তেওঁ আমাৰ শীৰ্ষ ছয়-সাতগৰাকী খেলুৱৈৰ ভিতৰত অন্যতম হ’ব পাৰে।’
উল্লেখ্য যে, ইয়াৰ পূৰ্বে, মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণত তেওঁ ইউ পি ৱাৰিয়ৰ্ছৰ হৈ খেলিছিল। অৱশ্যে সেই সময়ত তেওঁৰ প্ৰদৰ্শন তুলনামূলকভাৱে হতাশাজনক আছিল।
২০২৩ চনত অনুষ্ঠিত হোৱা উদ্বোধনী মহিলা আই পি এল সংস্কৰণত ছিমৰানে ৯খন মেচ খেলিছিল, য’ত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ১১ ৰান। তেওঁৰ মুঠ ৰানসংখ্যা হৈছে ২৯। পৰৱৰ্তী সংস্কৰণত তেওঁ বিক্ৰী নোহোৱাকৈয়ে থাকে। এইবাৰ গুজৰাট টাইটাছত তেওঁৰ অন্তৰ্ভুক্তি ছিমৰণৰ কেৰিয়াৰৰ বাবে এক ডাঙৰ অগ্ৰগতি হিচাপে পৰিগণিত হৈছে। সদ্য সমাপ্ত ছিনিয়ৰ মহিলা টি-২০ ট্ৰফীত ছিমৰনে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি ক্ৰিকেট মহলৰ দৃষ্টি আকৰ্ষণ কৰে। ১১খন মেচত তেওঁ ১৭৬ ৰান সংগ্ৰহ কৰে আৰু তেওঁৰ সৰ্বোচ্চ স্ক'ৰ হৈছে ৪৭ ৰান।