অভিলেখসংখ্যক ৪টা খিতাপেৰে ইউৰোপৰ সৰ্বশ্ৰেষ্ঠ ফুটবল দল হিচাপে পৰিগণিত স্পেইন

Story by  atv | Posted by  [email protected] • 1 Months ago
ইউৰো কাপৰ খিতাপৰ সৈতে স্পেইন
ইউৰো কাপৰ খিতাপৰ সৈতে স্পেইন
 
বাৰ্লিন

স্পেইন ইউৰোপৰ সৰ্বশ্ৰেষ্ঠ ফুটবল দল হিচাপে পৰিগণিত হৈছে। ইউৰো কাপ ২০২৪ৰ ফাইনেলত দলটোৱে ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি চাৰিটা খিতাপ দখল কৰা প্ৰথমটো দল হিচাপে ইতিহাস ৰচিছে।
 
ইয়াৰ পূৰ্বে স্পেইনে ১৯৬৪, ২০০৮ আৰু ২০১২ চনত ইউৰো কাপ জয় কৰিবলৈ সক্ষম হৈছিল। তিনিটা খিতাপ দখল কৰা জাৰ্মানী এই তালিকাৰ দ্বিতীয় স্থানত আছে। ফাইনেলত হাৰি ইংলেণ্ডৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰোপ জয়ৰ স্বপ্নভংগ হয়। ইউৰোৰ ফাইনেলত ক্ৰমাগত দুবাৰ পৰাজয়ৰ সন্মুখীন হোৱা প্ৰথমটো দল হৈ পৰিছে ইংলেণ্ড।
চাৰি বছৰৰ আগতে ইটালীৰ বিৰুদ্ধে পেনাল্টি কিকে ইংলেণ্ডৰ ট্ৰফী জয়ৰ সপোন চূৰমাৰ কৰিছিল। এইবাৰ মাইকেল অয়াৰজাবালৰ শেষ মুহূৰ্তৰ দুৰ্দান্ত গ'লে ব্ৰিটিছবাহিনীক জয়ৰ পৰা বঞ্চিত কৰে। 
 
দেওবাৰে বাৰ্লিনত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি স্পেইনে অভিলেখ সৃষ্টি কৰাৰ মূলতে মাইকেল অয়াৰজাবালৰ চমকপ্ৰদ গ'ল। তেওঁ ৮৬ মিনিটত গ'ল কৰি স্পেইনলৈ স্মৰণীয় জয় কঢ়িয়াই আনে। 
 
ইয়াৰ পূৰ্বে স্পেইনে দ্বিতীয়ার্ধৰ আৰম্ভণিতে (৪৭ মিনিট) নিকো উইলিয়ামছৰ গ'লৰ জৰিয়তে অগ্ৰগতি লাভ কৰে যদিও ইংলেণ্ডৰ বিকল্প খেলুৱৈ ক’ল পামৰে ৭৩ মিনিটত সমতা স্থাপন কৰে। ইয়াৰ পিছতে মেচখন অধিক উত্তেজনাপূৰ্ণ হৈ উঠে আৰু মাইকেল অয়াৰজাবালে খেলৰ অন্তিম ৫ মিনিটত গ'ল কৰি ইংলেণ্ডক স্তব্ধ কৰে।