নেপোলিয়নৰ দেশত আজিৰে পৰা ক্ৰীড়া ভাতৃত্ববোধৰ অনিৰুদ্ধ যাত্ৰা; অলিম্পিকৰ শিখাই উজলাই তুলিব মানৱতাক

Story by  atv | Posted by  Munni Begum • 1 Months ago
কাৰ শিৰত জিলিকিব অলিম্পিকৰ সোণ, ৰূপ আৰু ব্ৰঞ্জ
কাৰ শিৰত জিলিকিব অলিম্পিকৰ সোণ, ৰূপ আৰু ব্ৰঞ্জ
 
মনজিৎ কলিতা
 
টকিঅ’ অলিম্পিকৰ পুৰুষৰ হাইজাম্পৰ ফাইনেল৷ ইটালীৰ জিঅ’মাৰ্কো টেম্পবেৰী আৰু কাটাৰৰ মিউটাজ এছা বাৰশ্বিমৰ মাজত সোণৰ পদকৰ বাবে চূড়ান্ত প্ৰতিদ্বন্দ্বিতা৷ তেতিয়ালৈ দুয়োজনে ২.৩৭ মিটাৰ উচ্চতা নিৰ্ভুলভাৱে জপিয়াই পাৰ হৈছে৷ অৰ্থাৎ ততোধিক উচ্চতা পাৰ হ’ব পৰাজনেই লাভ কৰিব হাইজাম্পৰ সোণৰ পদক৷
 
লক্ষ্যত উপনীত হ’বলৈ দুয়োজনকে তিনিটাকৈ সুযোগ দিয়া হ’ল৷ কিন্তু নাই, কোনেও নোৱাৰিলে৷ দুয়োকে আৰু এটা সুযোগ দিবলৈ স্থিৰ কৰা হ’ল৷ কিন্তু হঠাতে জিঅ’মাৰ্কো টেম্পবেৰীয়ে ভৰিত আঘাত পালে৷ গতিকে তেওঁ ত্যাগ কৰিলে খেল৷ ফলত প্ৰতিদ্বন্দ্বীৰ স্বৰ্ণ নিশ্চিত হ’ল৷ 
 
পেৰিছ অলিম্পিকত ভাৰতৰ অন্যতম পদক প্ৰত্যাশী অসম-কন্যা লাভলীনা বৰগোঁহাই
 
কিন্তু তেতিয়াই ঘটিল এটা ঘটনা- কাটাৰৰ এথলীট বাৰশ্বিমে প্ৰশ্ন কৰিলে- আমি দুয়োজনে সোণৰ পদক পাব নোৱাৰোনে? খেলৰ নিয়ম অনুসৰিয়েই আঘাতগ্ৰস্ত টেম্পবেৰীৰ সৈতে যুটীয়াভাৱে বাৰশ্বিমে গ্ৰহণ কৰিলে স্বৰ্ণপদক৷ অকলে তেওঁ সোণ অৰ্জন নকৰিলে, কিন্তু ইতিহাসৰ পৃষ্ঠাত লিখি থৈ গ’ল সোণোৱালী পৃষ্ঠা৷
 
এই ঘটনা অৱশ্যে এতিয়া অতীত৷ বিশ্বক্ৰীড়াৰ সৰ্বোত্তম পৰ্বৰ এইবাৰৰ স্থলী হৈছে মনালিছাৰ দেশ ফ্ৰান্স৷ মহাবীৰ নেপোলিয়নৰ জন্মভূমি ফ্ৰান্স৷ ইউৰোপৰ চ’ৰাঘৰ বুলিও বহুতে নামকৰণ কৰা ফৰাচী দেশত আজিৰ পৰা বাজি উঠিছে অলিম্পিকৰ শংখধ্বনি৷ বিশ্বৰ বহু পুৰুষৰ আজন্ম প্ৰেয়সী মনালিছাৰ জন্মদাতা লিঅ’নাৰ্ডো ডা ভিন্সিৰ দেশত সমৱেত হৈছে বিশ্বশ্ৰেষ্ঠ ক্ৰীড়াবিদসকল৷
 
অৱশ্যে ফ্ৰান্সৰ পৰিচয় কেৱল মনালিছাই নহয়৷ এইবৰ্ষৰ মহাক্ৰীড়াৰ আয়োজক ফ্ৰান্সৰ অন্যতম চিনাকি হৈছে ফৰাচী বিপ্লৱ৷ ১৭০০ শতিকাৰ শেষত সূচনা হোৱা ফৰাচী বিপ্লৱৰ মূলমন্ত্ৰই আছিল স্বাধীনতা, সমতা, ভ্ৰাতৃত্ব, অথবা মৃত্যু৷ বুৰ্জোৱাৰ সদৰ দপ্তৰ মষিমূৰ কৰি ফৰাচী জনতাই অৰ্জন কৰা মুক্তিৰ মাহো আকৌ জুলাই৷
 
লক্ষ্য অলিম্পিক পদক ! সাজু নিখাত জাৰিন
 
কিন্তু সৰ্বশেষত ফ্ৰান্স মানেই হৈছে বীৰত্বৰ পৰিচয়৷ কিয়নো ফ্ৰান্স নেপোলিয়ন বোনাপাৰ্টৰ দেশ৷ বিশ্ববিজয়ী সম্ৰাট নেপোলিয়নৰ দৰে বীৰপ্ৰসৱা ৰাষ্ট্ৰ ফ্ৰান্সত ইতিমধ্যে বাজি উঠিছে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা যুঁজৰ আৰম্ভণিৰ হুইছেল৷ কথিত আছে- নেপোলিয়ন বোনাপাৰ্টে এসময়ত যুদ্ধবন্দী নাৱিকক এটা দ্বীপত বন্দী কৰি ৰাখিছিল৷ কিন্তু তাৰে এজন নাৱিকে মাত্ৰ এডাল কাঠকে সাৰথি কৰি দ্বীপটোৰ পৰা পলায়নৰ চেষ্টা চলালে৷ পিছে নাৱিকজন আকৌ বন্দী হ’ল৷ লগে লগে শাস্তিৰ বাবে নেপোলিয়নৰ সন্মুখত হাজিৰ কৰোৱা হ’ল দুৰ্ভগীয়া নাৱিকজনক৷
 
নেপোলিয়নে তেওঁক সুধিলে- তুমি কিয় পলাবলৈ চেষ্টা কৰিছিলা?
 
নাৱিকজনে কিন্তু শিৰনত নকৰি ক’লে- মই দেশলৈ যাবলৈ ওলাইছিলোঁ. কাৰণ দেশত মোৰ বাবে মা ৰৈ আছে! উত্তৰ শুনি বিশ্ববিজয়ী নেপোলিয়ন স্তম্ভিত হ’ল৷ তেওঁ ততালিকে মাতৃৰে মিলনৰ বাবে মুক্তি দিলে নাৱিকজনক৷
 
এতিয়া অৱশ্যে বিশ্বৰ ভিন্নপ্ৰান্তৰ শ্ৰেষ্ঠ এথলীটসকল কোনো অজ্ঞাত দ্বীপত বন্দী হৈ থকা নাই৷ তেওঁলোক আবদ্ধ হৈ আছে নেপোলিয়নৰ দেশৰ ৰাজধানী পেৰিছৰ সুশোভিত গে’মছ ভি’লেইজত৷ অলিম্পিকত পদক জিকিবলৈ পেৰিছত সমৱেত হোৱা পাৰ্গত ক্ৰীড়াবিদসকলক আয়োজকে ৰাখিছে প্ৰাসাদোপম ক্ৰীড়াগ্ৰামত৷ যিসকল আজিৰ পৰা অৱৰ্তীণ হ’ব শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ ৰক্তপাতহীন যুদ্ধত৷
 
পেৰিছ অলিম্পিকৰ শিখা প্ৰজ্বলনৰ প্ৰাচীন পৰম্পৰা (ফাইল ফটো)
 
প্ৰাচীন গ্ৰীচৰ পৰা অলিম্পিয়াৰ পৰা বৰ্তমানৰ অলিম্পিকলৈ বিশ্বত ক্ৰীড়াসূলভ মৈত্ৰীৰ বাণী বিলাই অহা অলিম্পিকৰ আজি হ’ব আৰম্ভণি৷ ফ্ৰান্সৰ ছিয়েন নৈৰ পাৰেৰে অলিম্পিক শিখাৰ পৰিভ্ৰমণ কৰি এইবাৰ আয়োজকে ভংগ কৰিবলৈ ওলাইছে প্ৰাচীন পৰম্পৰা৷
 
বুৰঞ্জী অনুসৰি গ্ৰীচ দেশৰ অলিম্পিয়া চহৰত ৭৭৬ খ্ৰীষ্টপূর্বত আৰম্ভ হৈছিল অলিম্পিকৰ। অলিম্পিয়াৰ অলিম্পিক পাহাৰত গ্ৰীক দেৱতা জিউচৰ মন্দিৰ অৱস্থিত। এই দেৱতাৰ সন্মানৰ অর্থেই মন্দিৰৰ সন্মুখৰ মুকলি পথাৰত আৰম্ভ হৈছিল জাতীয় খেল-ধেমালি প্ৰতিযোগিতা শান্তিৰ সময়ত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আৰম্ভ হোৱা এই প্রতিযোগিতা।
 
এফালে আছিল দেৱতাৰ সন্মান প্ৰদৰ্শনৰ মহা মহোৎসৱ, আনফালে ই আছিল জাতীয় ঐক্য আৰু শান্তিৰ প্ৰতীক। বিজয়ী প্রতিযোগীসকলক বঁটা স্বৰূপে দিয়া হৈছিল জলফাই গছৰ একোটা ডাল আৰু শিৰ সুশোভিত কৰা হৈছিল জলফাই গছৰ পাতেৰে সজোৱা একোটা মুকুটেৰে। খৃঃপূঃ ৭৭৬ ৰ পৰা খৃষ্টাব্দ ৩৯৬লৈ একাদিক্রমে ১১৭২ বছৰ চলাৰ পাছত এই প্রতিযোগিতা সেই দেশৰ সম্রাট থিয়ড চিয়াছে কোনো কাৰণত নিষিদ্ধ কৰি দিলে৷
 
সুউচ্চ আইফেল টাৱাৰক সাক্ষী কৰি অলিম্পিকলৈ সাজু হৈছে পেৰিছ
 
কিন্তু মানৱকুলৰ সাধনাৰ অনিৰুদ্ধ প্ৰেৰণাই অলিম্পিকৰ গৌৰৱময় ঐতিহ্যক চিৰদিনৰ বাবে কালৰ বুকুত বিলীন হৈ যাবলৈ নিদিলে। ইয়াৰ পুনৰুত্থান ঘটিল ১৮৯৬ খৃষ্টাব্দত। সেই বছৰৰ ৬ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ গ্ৰীচ দেশৰ ৰাজধানী এথেন্স চহৰত অনুষ্ঠিত হয় আধুনিক অলিম্পিক ক্রীড়া সমাৰোহ।
 
তাৰ পিছৰে পৰা অব্যাহত আছে ক্ৰীড়া ভাতৃত্ববোধৰ এই অনিৰুদ্ধ যাত্ৰা৷ ৫ খন মহাদেশৰ অংশগ্ৰহণেৰে অলিম্পিকৰ ইতিহাসে উদ্ধুদ্ধ কৰিছে মানৱীয় প্ৰমূল্যবোধক৷ কথাতে কোৱা হয়- এজন ক্ৰীড়াবিদৰ কেৰিয়াৰ যিমানেই বৰ্ণিল নহওক কিয়, অলিম্পিকৰ পদক অবিহনে তেওঁৰ বায়’ডাটা অসম্পূৰ্ণ৷ ক্ৰীড়াবিদৰ কেৰিয়াৰ সম্পূৰ্ণ কৰে অলিম্পিকৰ পদকপ্ৰাপ্তিয়ে৷ এই পদক যি বৰণেৰে নহওক কিয়, সেয়া হৈ পৰে ক্ৰীড়া ভাতৃত্বৰ প্ৰতীক৷ অলিম্পিকৰ পদকজয়ী খেলুৱৈজন পৰিণত হয় বিশ্বশান্তিৰ দূতলৈ৷
 
এইবাৰো অব্যাহত থাকিব ক্ৰীড়া ভাতৃত্বৰ অনিৰুদ্ধ যাত্ৰাৰ পৰ্ব৷ বিভক্ত সমাজক আকৌ ক্ৰীড়াই বুজাই দিব একতাৰ অৰ্থ৷ অলিম্পিকৰ শিখাৰ পোহৰে উজলাই তুলিব মানৱতাক৷ সকলো যদি ঠিকে থাকে তেন্তে পেৰিছত এইবাৰ লিপিবদ্ধ হ’ব অসমীয়াৰ বীৰগাঁথাও৷  বক্সিঙৰ কঠিন কিটিপ শিকি অসমৰ লাভলীনা বৰগোহাঁই উপস্থিত হৈছে পেৰিছত৷
 
টকিঅ'ৰ সাফল্যৰ পুনৰাবৃত্তিৰ লক্ষ্য নীৰজ চোপ্ৰাৰ
 
যদি স্বাভাৱিক প্ৰদৰ্শন আগবঢ়াব পাৰে, তেন্তে  সুদূৰ পেৰিছৰ প্ৰতিজোপা গছেই ক’ব অসমীয়াৰ বীৰত্বৰ কাহিনী৷ হয়তো ফৰাচী বৰ্ণৰে পেৰিছৰ কোনো দেৱালত লিখা থাকিব লাভলীনা নামৰ অসমীয়া তনয়াৰ পৰাক্ৰমৰ কথা৷ নাতিদূৰৰ পিছা নগৰীৰ হেলনীয়া স্তম্ভত ঠেকা খাই চৌদিশে প্ৰতিধ্বনিত হ’ব লাভলীনাৰ বিজয়ী হুংকাৰ৷
 
এতেকে আৰম্ভ হ’ল প্ৰতীক্ষাৰ ক্ষণ গণনা৷ সুশোভিত ফৰাচী সন্ধ্যাত যেতিয়াই প্ৰচণ্ড শক্তিৰে লাভলীনাই শত্ৰুক আঘাত হানিব, তেতিয়াই অসমত বাজি উঠিব ৰংশিঙা৷ অসমৰ ৰহদৈয়ে সাত সাগৰ তেৰ নদীৰ সিপাৰে জয় কৰিব ৰিঙৰ ৰাজকন্যাৰ খিতাপ৷
 
(লেখক এজন ব্ল’গাৰ)