শ্ৰীলংকা ভ্ৰমণ: অসম সন্তান ৰিয়ান পৰাগৰ ভাৰতীয় টি-২০, এদিনীয়া দুয়োটা দলতে স্থান লাভ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Months ago
শেহতীয়াকৈ জিম্বাবুৱেত টিম ইণ্ডিয়াই লাভ কৰা ট্ৰফী সৈতে ৰিয়ান পৰাগ
শেহতীয়াকৈ জিম্বাবুৱেত টিম ইণ্ডিয়াই লাভ কৰা ট্ৰফী সৈতে ৰিয়ান পৰাগ
গুৱাহাটী

শেহতীয়াকৈ জিম্বাবুৱে ভ্ৰমণত টি-২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেক ঘটোৱা অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগক বৃহস্পতিবাৰে শ্ৰীলংকাত অনুষ্ঠিত হ'বলগীয়া হোৱাইট বল ক্ৰিকেট (টি-২০ আৰু এদিনীয়া) ভ্ৰমণৰ বাবে ভাৰতীয় দলত ৰখা হয়।

আনহাতে এক আচৰিত সিদ্ধান্তত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আইচিচি প্ৰতিযোগিতাত ৰোহিত শৰ্মাৰ ডেপুটি হিচাপে থকা হাৰ্দিক পাণ্ড্যাৰ পৰিৱৰ্তে সূৰ্য্যকুমাৰ যাদৱক টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে। ২০২৩ চনৰ গোটেই ছিজনটো ভাৰতীয় টি-২০ দলৰ অধিনায়কত্ব কৰা হাৰ্দিকক ৰোহিত শৰ্মাৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত কৰা নহ'ল। দৰাচলতে ভাৰতীয় টি-২০ দলতো হাৰ্দিক পাণ্ডিয়াক উপ-অধিনায়কৰ পদৰ পৰা আঁতৰাই ৰখা হৈছে।

মাত্ৰ ৭খন খেলৰ বাবে সূৰ্যকুমাৰ যাদৱক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। আৰু সেই ৭খন টি-২০ৰ ভিতৰত ৫খনত জয়লাভ কৰিছিল ভাৰতে, আৰু যাদৱে ৩০০ ৰান সংগ্ৰহ কৰিছিল। অধিনায়কত্ব প্ৰদান কৰাৰ পাছত বেটছমেনগৰাকীয়ে সদায় নিজৰ প্ৰদৰ্শন উন্নত কৰি গৈছিল আৰু সেই মেচবোৰত দুটা পঞ্চাশ আৰু এটা শতক অৰ্জন কৰিছিল।

অৱশ্যে সূৰ্যকুমাৰ যাদৱক এদিনীয়াৰ বাবে ভাৰতীয় দলত ৰখা হুৱা নাই। লগতে, সঞ্জু চেমছনকো বাদ দিয়া হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰিয়ান পৰাগক স্থান দিয়াৰ বাবে যাদৱক এদিনীয়া দলৰ পৰা বাদ দিয়া হৈছে। অৱশ্যে বিচিচিআইয়ে এই ক্ষেত্ৰত নীৰৱ হৈ আছে।

ঘৰুৱা এদিনীয়া (List A) ক্ৰিকেটত দাঙি ধৰা চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত ভাৰতীয় এদিনীয়া দলত স্থান পাইছে অসম সন্তান ৰিয়ান পৰাগে। তেওঁ যোৱা দুটা ছিজনত অসমৰ হৈ বিজয় হাজাৰে ট্ৰফী আৰু পূব মণ্ডলৰ হৈ দেওধৰ ট্ৰফীত বেটে-বলে উজলি উঠিবলৈ সক্ষম হৈছিল। ২০২২-২৩ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত ৰিয়ানে ৯খন মেচত ৩টা শতক আৰু ১টা অৰ্ধশতকসহ মুঠ ৫৫২ ৰান সংগ্ৰহ কৰিছিল। 

ইয়াৰ পিছত ২০২৩-২৪ বৰ্ষৰৰ ঘৰুৱা ছিজনত অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰজনে দেওধৰ ট্ৰফীত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন হিচাপে বিৰল সাফল্য অৰ্জন কৰে। মাণ্ডলিক পৰ্যায়ৰ প্ৰতিযোগিতাখনত তেওঁ ৫টা ইনিংছত গড় ৮৮কৈ মুঠ ৩৫৪ ৰান সংগ্ৰহ কৰাৰ লগতে ১১টাকৈ উইকেট দখল কৰি ভাৰতীয় এদিনীয়া দলৰ শক্তিশালী দাবীদাৰ হৈ উঠিছিল। তাৰকাসমৃদ্ধ দক্ষিণ মণ্ডলৰ বিৰুদ্ধে দেওধৰ ট্ৰফীৰ ফাইনেলত পূব মণ্ডলৰ বেটিং বিপৰ্যয়ৰ সময়ত ৰিয়ানৰ ৯৫ ৰানৰ বিস্ফোৰক ইনিংছ কোনে পাহৰিব পাৰিব! প্ৰতিযোগিতখনত পশ্চিম মণ্ডলৰ বিৰুদ্ধে তেওঁ ১০২ ৰানৰ আন এক ধুমুহা গতিৰ ইনিংছ খেলিছিল।

d="cke_pastebin" style="text-align: justify;"> তাৰ পিছত ৰিয়ানে ঐশ্বৰ্যশালী আইপিএলত একপ্ৰকাৰ ৰানৰ জোৱাৰ তুলি সকলো বাধা অতিক্ৰম কৰিলে আৰু অসম্ভৱক সম্ভৱ কৰি ভাৰতীয় ছিনিয়ৰ দলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। বিগত দুটা ছিজনত তেওঁ ঘৰুৱা ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰাৰ পিছত আইপিএল-২০২৪ত বিশ্বৰ ৰথী-মহাৰথী বলাৰসকলক এফালৰ পৰা তচনচ কৰি দেশৰ ক্ৰিকেট জগতৰ নৱতম তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে। তেওঁ এইবাৰৰ আইপিএলত ৪টা অৰ্ধশতকসহ মুঠ ৫৭৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। প্ৰতিপক্ষৰ যিকোনো বলাৰক সাহসেৰে মোকাবিলা কৰিব পৰাৰ দক্ষতা থকা টপ অৰ্ডাৰ বেটছমেনজনে ৰাজস্থান ৰয়েলছক কেইবাখনো মেচত বিপদৰ পৰা উদ্ধাৰ কৰি নিজৰ দক্ষতা আৰু পৰিপক্কতা প্ৰদৰ্শন কৰে। তেওঁ ২০২৪ৰ আইপিএল ছিজনত ৰাজস্থানৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। ৰিয়ানে এইবাৰ আইপিএলত ৩৩টা ছিক্সাৰ কোবাই আন এক অভিলেখ ৰচে।  


তেওঁ বিগত বৰ্ষৰ চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীত একেৰাহে ৭টা অৰ্ধশতক অৰ্জন কৰি বিশ্ব অভিলেখ স্থাপন কৰি থৈছে। 
দেশৰ আগশাৰীৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাখনত ৰিয়ানে অবিশ্বাস্য বেটিঙেৰে গড়ে ৮৫.০০ আৰু ১৮২.৭৯ৰ আচৰিত ষ্ট্ৰাইক ৰেটেৰে ৫১০ ৰান সংগ্ৰহ কৰি টীম ইণ্ডিয়াৰ সম্ভাৱনাময় তাৰকা হিচাপে চিহ্নিত হৈছিল। তেতিয়াই তেওঁৰ নাম ৰাষ্ট্ৰীয় নিৰ্বাচক মণ্ডলীৰ বৈঠকত উত্থাপিত হৈছিল যদিও সকলোৱে আইপিএলত ৰিয়ানৰ প্ৰদৰ্শন চাব বিচাৰিছিল। অৱশেষত, আইপিএল-২০২৪ত প্ৰতিভা আৰু দক্ষতা সুন্দৰভাৱে প্ৰদৰ্শন কৰি ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেটৰ এগৰাকী পৰাক্ৰমী ক্ৰিকেটাৰ হিচাপে পৰিচয় দিয়ে। 

আনফালে এক আমোদজনক পদক্ষেপত শুবমন গিলক, যাৰ অধিনায়কত্বত ভাৰতে শেহতীয়া ভ্ৰমণত জিম্বাবোৱেক বশ কৰিছিল, টি-২০ দলটোৰ উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

যদিও ৰিয়ান পৰাগে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে, তথাপিও ৫খন মেচৰ শৃংখলাত জিম্বাবুৱেৰ বিৰুদ্ধে শতাধিক ৰান কৰা অভিষেক শৰ্মাৰ নাম দলত অন্তৰ্ভুক্ত নহ’ল। কে এল ৰাহুলে টি-২০ৰ বাহিৰত থকাৰ বাবে সঞ্জু চেমছন আৰু ঋষভ পন্তক শৃংখলাৰ বাবে উইকেটকীপাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।

টিম ইণ্ডিয়াই এই ভ্ৰমণত তিনিখন টি-২০ আৰু একেই সংখ্যক এদিনীয়া খেলিব। পালেকেলেত অনুষ্ঠিত হ’বলগীয়া ছিৰিজৰ টি-২০  খেল ২৭ জুলাইৰ পৰা আৰম্ভ হ’ব আৰু ৩০ জুলাইত সমাপ্ত হ'ব। ২ আগষ্টৰ পৰা কলম্বোত অনুষ্ঠিত হ’ব এদিনীয়া খেল।

টি-২০ দল

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুবমন গিল (উপ অধিনায়ক), ঋষভ পন্ত (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ), যশস্বী জয়ছৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণোই, আৰ্শদ্বীপ সিং, খলিল আহমেদ, মহম্মদ ছিৰাজ।

এদিনীয়া দল

ৰোহিত শৰ্মা (অধিনায়ক), শুবমন  (উপ অধিনায়ক), কে এল ৰাহুল (উইকেটকীপাৰ), ঋষৱ পন্ত (উইকেটকীপাৰ), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, ৰিয়ান পৰাগ, অক্ষৰ পেটেল, শিৱম ডুবে, কুলদীপ যাদৱ, মহম্মদ ছিৰাজ, ৱাশ্বিংটন সুন্দৰ, আৰ্শদীপ সিং, খলিল আহমেদ আৰু হৰ্ষিত ৰাণা।