আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে তাৰকা অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনে

Story by  atv | Posted by  [email protected] • 2 h ago
তাৰকা অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিন
তাৰকা অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিন
 
নতুন দিল্লী
 
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ৰবিচন্দ্ৰন অশ্বিনে।
 
২০১১ চনৰ ৬ নৱেম্বৰত দিল্লীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ হৈ টেষ্ট খেলত অভিষেক ঘটিছিল অশ্বিনৰ। মুঠ ১০৬খন টেষ্ট মেচত ৫৩৭টা উইকেট দখল কৰিছিল অশ্বিনে। অনিল কুম্বেলৰ পিছতে টেষ্ট ক্ৰিকেট দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ অশ্বিন।
 
অশ্বিনে ভাৰতৰ হৈ ১১৬ খন এদিনীয়াত ১৫৬টা উইকেট আৰু ৬৫খন টেষ্টত ৭২টা উইকেট দখল কৰিছে।ভাৰতৰ হৈ ৪১ খন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) মেচত অশ্বিনে ১৯৫টা উইকেট দখল কৰিছে।
 
২০১১ চনত বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম সদস্য আছিল ৰবিচন্দ্ৰন অশ্বিন। আন্তঃৰাষ্ট্ৰীয় টেষ্টত অশ্বিনে ৩৭ বাৰ ৫টা উইকেট দখল কৰিছে। আনফালে টেষ্ট ক্ৰিকেটত ৬টা শতকো অৰ্জন কৰিছে। টেষ্ট ক্ৰিকেটত ৩,৫০৩ ৰান সংগ্ৰহ কৰিছে অশ্বিনে।