আইচিচি চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হোৱা বিভিন্ন দলৰ আগশাৰীৰ তাৰকাসকল

Story by  atv | Posted by  [email protected] • 4 h ago
সমাগত আইচিচি চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হোৱা কেইগৰাকীমান তাৰকা
সমাগত আইচিচি চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হোৱা কেইগৰাকীমান তাৰকা
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

যিকোনো আগশাৰীৰ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে দলসমূহে যথেষ্ট খৰখেদাকৈ প্ৰস্তুতি চলোৱা দেখা যায়। ফলত ক্ৰিকেটাৰসকলে কম সময়ৰ ভিতৰতে ইখনৰ পিছত সিখন মেচ খেলিবলৈ হেঁচাৰ সন্মুখীন হয়। আগন্তুক আইচিচি চেম্পিয়নছ ট্ৰফীলৈ মাজত মাথো কেইটামান দিন বাকী থকা সময়তো একেধৰণৰ পৰিস্থিতি দেখা গৈছে।
 
ইয়াৰ বাবেই আঘাতপ্ৰাপ্ত খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে। আঘাতৰ বাবে ইতিমধ্যে কেইবাজনো তাৰকা চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হৈছে, আৰু বহুতো তাৰকা এতিয়াও অনিশ্চিত হৈ আছে। 
 
উল্লেখ্য যে, ১৯ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ নৱম সংস্কৰণ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰায় আঠটা দলেই প্ৰতিযোগিতাৰ পূৰ্বে প্ৰস্তুতি শৃংখলাত ব্যস্ত। কিন্তু বিশ্বব্যাপী প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতেই বহু ডাঙৰ তাৰকাৰ আঘাতৰ বাবে দলৰ পৰা দূৰত থাকিবলগীয়া হৈছে। 
 
অষ্ট্ৰেলিয়াঃ
 
বিশ্ব ক্ৰিকেটৰ মহাশক্তি অষ্ট্ৰেলিয়াৰ শিবিৰ চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ আগতেই বিপদত পৰিছে। ইটোৰ পিছত সিটো আঘাতজনিত ঘটনাই দলটোৰ শিবিৰত জোকাৰণিৰ সৃষ্টি কৰিছে। ইফালে, দুজন খেলুৱৈয়ে নিজাববীয়াকৈ খেলৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। অধিনায়ক পেট কামিন্সে গোৰোহাত আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফীৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলগীয়া হৈছে। 
তাৰকা বেগী বলাৰ জছ হেজলউডৰ হেমষ্ট্ৰিং আঘাত আৰু অলৰাউণ্ডাৰ মিছেল মাৰ্শ্বৰ পিঠিৰ আঘাত। ইয়াৰ উপৰিও ব্যক্তিগত কাৰণ উল্লেখ কৰি শেষ মুহূৰ্তত মিচেল ষ্টাৰ্কে নিজৰ নাম প্ৰত্যাহাৰ কৰে। মাৰ্কাছ ষ্টইনিছৰ হঠাতে অৱসৰৰ ঘোষণাৰ বিষয়ে এতিয়াও উৰাবাতৰি বিয়পি আছে। তেওঁলোকৰ ঠাইত শ্বেন এবট, বেন ডাৰ্ভিছ, জেক ফ্ৰেজাৰ-মেকগাৰ্ক, স্পেন্সৰ জনছন আৰু তনবীৰ সিং সংঘাক স্থান দিয়া হৈছে।
 
আফগানিস্তানঃ
 
আফগানিস্তানে আল্লাহ মহম্মদ গাজানফাৰ অবিহনে চেম্পিয়নছ ট্ৰফীলৈ যাব লাগিব। এই ৰহস্যময়ী স্পিনাৰজনে মেৰুদণ্ডত আঘাত পাইছিল। তেওঁ কমেও ৪ মাহ খেলপথাৰৰ বাহিৰত থাকিব লাগিব। তেওঁৰ ঠাইত নাংগালিয়া খাৰোটক আফগান দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও ১৫ জানুৱাৰীত প্ৰাৰম্ভিক দল ঘোষণাৰ পূৰ্বে আঘাতপ্ৰাপ্ত মুজীব-উৰ ৰহমানক বাদ দিয়া হৈছিল। অৱশ্যে শেহতীয়াকৈ মুজীবক ফ্ৰেঞ্চাইজি টুৰ্ণামেণ্টত খেলা দেখা গৈছিল।
 
দক্ষিণ আফ্ৰিকাঃ
 
প্ৰায় প্ৰতিখন ডাঙৰ প্ৰতিযোগিতাতে আঘাতৰ দুৰ্ভাগ্যজনক পৰিঘটনাই সমস্যাত পেলায় দক্ষিণ আফ্ৰিকাক। এইবাৰ চেম্পিয়নছ ট্ৰফীত দলটোৰ সৈতে নাথাকিব তাৰকা বেগী বলাৰ এনৰিক নৰ্কিয়া। পিঠিৰ আঘাতৰ বাবে ৩১ বছৰীয়া বেগী বলাৰগৰাকীৰ অবিহনে মেগা ইভেণ্টখনত খেলিব লাগিব দক্ষিণ আফ্ৰিকাই। তেওঁৰ ঠাইত জেৰাল্ড ক’য়েটজেক দলত অন্তৰ্ভুক্ত কৰা হয়। কিন্তু শেহতীয়াকৈ ক’য়েটজেও আঘাতপ্ৰাপ্ত হোৱাত দলটো পুনৰ বিপদত পৰে। ইফালে, লিজাৰ্ড উইলিয়ামছ আৰু বেভান হেণ্ড্ৰিক্সক ফিটনেছকলৈও অনিশ্চয়তা অব্যাহত আছে।
 
পাকিস্তানঃ 
 
আয়োজক দেশ পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ বাবে দল ঘোষণা কৰাৰ বহু আগতেই মোক্ষম আঘাতৰ সন্মুখীন হৈছিল। তেওঁলোকে উদীয়মান অ’পেনাৰ ছাইম আয়ুব অবিহণে খেলপথাৰত নামিব লাগিব। জানুৱাৰী মাহত দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত ফিল্ডিং কৰি থকাৰ সময়তে আয়ুবে ভৰিৰ গোৰোহাত আঘাত পাইছিল, যাৰ বাবে তেওঁ ডেৰ মাহ ধৰি খেলপথাৰৰ বাহিৰত থাকিব লগা হৈছে।
ইয়াৰ উপৰিও ঘৰুৱা খেলপথাৰত পাকিস্তান, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত ত্ৰিকোণীয় শৃংখলাত আঘাতপ্ৰাপ্ত হয় তাৰকা বেগী বলাৰ হৰিশ ৰৌফ। অৱশ্যে পিচিবি এতিয়াও আশাবাদী যে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ৰৌফ সুস্থ হৈ উঠিব।
 
ইংলেণ্ডঃ 
 
ইংলেণ্ডৰ যুৱ বেটছমেন জেকব বেথেলে ভাৰতত খেলি থকাৰ সময়তে হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে দলৰ বাহিৰ হয়। তেওঁ চেম্পিয়নছ ট্ৰফীও খেলিব নোৱাৰিব। ইংলেণ্ডে শেষ মুহূৰ্তত বেথেলৰ স্থানত টম বেণ্টনক দলত অন্তৰ্ভুক্ত কৰিছে। 
 
ভাৰতঃ
 
ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ বেগী বলাৰ জশপ্ৰীত বুমৰাহকো ক্ৰিকেটপ্ৰেমীয়ে আগন্তুক চেম্পিয়নছ ট্ৰফীত দেখিবলৈ নাপাব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিগত টেষ্ট শৃংখলাত অত্যধিক বলিঙৰ বাবে আঘাতপ্ৰাপ্ত হোৱা বিশ্বৰ শীৰ্ষ স্থানপ্ৰাপ্ত বেগীবলাৰগৰাকীৰ স্থানত ভাৰতে উদীয়মান তাৰকা হৰ্ষিত ৰাণাক দলত অন্তৰ্ভুক্ত কৰিছে। 
শেষ মুহূৰ্তলৈকে বুমৰাহ সুস্থ হৈ উঠিব বুলি বিচিচিআই আশাবাদী হৈ আছিল যদিও তাৰকাগৰাকীৰ শেহতীয়া পিঠিৰ স্কেনে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ আশাভংগ কৰে। নতুনকৈ আপডেট কৰা ভাৰতীয় দলত বেগী বলাৰ হৰ্ষিত ৰাণা আৰু স্পিনাৰ বৰুণ চক্ৰৱৰ্তীক বুমৰাহ আৰু যশস্বী জয়ছোৱালৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে।
 
নিউজিলেণ্ডঃ
 
সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হোৱা ফ্ৰেঞ্চাইজি টুৰ্ণামেণ্ট আই এল টি-২০ত খেলি থকাৰ সময়তে কিৱি তাৰকা লকি ফাৰ্গুচনে হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল। ইয়াৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ত্ৰিকোণীয় শৃংখলাত এটা কেচ আয়ত্ত কৰা সময়ত দলটোৰ তাৰকা অলৰাউণ্ডাৰ ৰাচীন ৰবীন্দ্ৰই প্ৰচণ্ড আঘাতৰ সন্মুখীন হয়। চেম্পিয়নছ ট্ৰফীলৈ মাজত মাথো কেইটামান দিন বাকী অৱস্থাত এই দুই তাৰকাৰ আঘাতে চিন্তাত ৰাখিছে নিউজীলেণ্ড দলক।