৫০ বছৰ বয়সত ৬ বাৰ গ্ল’বেল মাৰাথন সম্পূৰ্ণ কৰা আৰু লাডাখৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰা ছুমবুল ৰহমান

Story by  atv | Posted by  Munni Begum • 2 d ago
লাডাখৰ ষ্টক কাংৰি শৃংগ আৰোহণ ছুমবুল ৰহমান
লাডাখৰ ষ্টক কাংৰি শৃংগ আৰোহণ ছুমবুল ৰহমান
 
ৰীতা ফাৰহাট মুকান্দ
 
ইচ্ছাশক্তি আৰু মনোবল থাকিলে, সফলতা অৰ্জনৰ ক্ষেত্ৰত বয়স কেতিয়াও বাধা হ'ব নোৱাৰে। ইয়াৰ অন্যতম উদাহৰণ হৈছে ছুমবুল ৰহমান। ৫০ বছৰীয়া মহিলাগৰাকীয়ে লণ্ডন, নিউয়ৰ্ক, বষ্টন, ছিকাগো, বাৰ্লিন, আৰু টকিঅ’কে ধৰি ছয়টাকৈ মেগা মাৰাথন ইভেণ্ট সম্পূৰ্ণ কৰাৰ লগতে লাডাখত Stok Kangri শৃংগও সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হৈছে।
 
দুৰাৰোগ্য কৰ্কট ৰোগত স্বামীক হেৰুৱাই জীৱন নিথৰুৱা হোৱাৰ পিছত নিজৰ ছোৱালী দুজনীক অশেষ কষ্ট কৰি ডাঙৰ-দীঘল কৰাৰ যুঁজ চলি থকাৰ সময়ত এগৰাকী ৫০ বছৰীয়া মহিলাৰ এনে সফলতাৰ কাহিনী সঁচাকৈয়ে প্ৰেৰণাদায়ক। জীৱনৰ এক জটিল পৰিস্থিতিৰ মাজতো তেওঁ দৌৰিবলৈ আৰু পাহাৰ বগাবলৈ পাহৰা নাছিল। নিজৰ জন্মগত প্ৰতিভাক মৰি যাবলৈ দিয়া নাছিল আৰু সফলতা অৰ্জনৰ বাবে বা কোনো কাম আৰম্ভ কৰিবলৈ যে বয়স কেতিয়াও বাধা হ'ব নোৱাৰে, সেয়া প্ৰমাণ কৰিছে। 
 
লাডাখৰ ষ্টক কাংৰি শৃংগত ছুমবুল ৰহমান
 
টাটা গ্ৰুপে মহিলা দৌৰবিদৰ বাবে আৰম্ভ কৰা সন্মানীয় মাৰাথন টাটা টি এছ কে ২০২২ত তেওঁ ৫৫ মিনিটত ১০ কিলোমিটাৰৰ লক্ষ্য অতিক্ৰমৰ প্ৰচেষ্টা চলাইছিল। “যাত্ৰাটো প্ৰায় দহ বছৰৰ আগৰ আৰু মাৰাথনখন কোনো আবেগেৰে আৰম্ভ হোৱা নাছিল। ২০০৫ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ মই স্বামীক হেৰুৱাইছিলো আৰু সাংসাৰিক জীৱনৰ আৰম্ভণিতে এটা ট্ৰেজেডীৰ সন্মুখীন হৈছিলো। দুগৰাকী সৰু ছোৱালীৰ সৈতে মই অকলশৰীয়া হৈ পৰিছিলো আৰু প্ৰায় ২০১০ চনত উপলব্ধি কৰিলোঁ যে মোৰ ওজন দ্ৰুতগতিত বাঢ়িছে। সেয়ে মই দৌৰিবলৈ আৰু জিম যাবলৈ আৰম্ভ কৰিলো।" ছুমবুল ৰহমানে কয়।
 
লাহে লাহে তেওঁ দৌৰ, বিশেষকৈ মাৰাথন দৌৰত অংশ লৈ উপভোগ কৰিব ধৰিছিল আৰু ৰাষ্ট্ৰীয় ইভেণ্টত অংশগ্ৰহণ কৰিবলৈ লয়। তেওঁৰ মনত এই বিশ্বাস আছিল যে নতুন কাম এটা আৰম্ভ কৰিবলৈ জীৱনত কেতিয়াও দেৰি নহয়, মানে বয়স কেতিয়াও আৰম্ভণিৰ বাবে বাধা হ'ব নোৱাৰে। 
 
টকিঅ' মাৰাথন দৌৰিত থকা অৱস্থাত ছুমবুল ৰহমান
 
“হাইকিং আৰু পাহাৰ বগাই মোৰ বৰ ভাল পাইছিলো। এদিন হঠাতে যেন পাহাৰে মোক হাত বাউলি মাতিছিল। কোনোবাই এভাৰেষ্ট বেছ কেম্পৰ বিষয়ে কোৱা শুনিছিলোঁ আৰু ই মোক মোহিত কৰিলে। পাহাৰলৈ যোৱাটো কেনেকুৱা হয় তাকো গম পোৱা নাছিলোঁ। মোৰ জ্ঞান শূন্য আছিল, কোনোবাই এই বিষয়ে কথা কোৱা শুনি নিজকে ক’লোঁ, ঠিক আছে, মই চেষ্টা কৰি চাম, আৰু সঁচাকৈয়ে মই ইয়াৰ মাজত সোমাই পৰিলো। মোৰ এজন বন্ধুৱে মোক জনাইছিল যে তেওঁলোকে ভূটানলৈ ট্ৰেক কৰিবলৈ গৈ আছে আৰু মই যোগদান কৰিব বিচাৰে নেকি সুধিলে, তেতিয়া মই মান্তি হ’লোঁ আৰু অভিযানৰ বাবে সাজু হৈছিলো।"-ছুমবুল ৰহমানে কয়। 
 
কিন্তু, দুৰ্ভাগ্যজনকভাৱে পৰিয়ালৰ এজন সদস্যৰ মৃত্যুৰ বাবে তেওঁৰ ভূটানলৈ যোৱা নহ'ল। একে সময়তে ফেচবুকত লক্ষ্য কৰিলোঁ যে বংগৰ সৰ্বোচ্চ স্থান সন্দাকফুলৈ মহিলাৰ দল এটা গৈ আছে আৰু তেওঁ সেই শিবিৰত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল।
 
টাটা ১০কে দৌৰত স্বৰ্ণ পদক জয় কৰাৰ পিছত ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ সৈতে ছুমবুল ৰহমান
 
"এইটো ২০১৪ চনৰ কথা, আৰু ভ্ৰমণত মই মোৰ খোজ কঢ়াৰ দ্ৰুত গতি আৰু দৃঢ়তাৰে গাইডসকলক স্তম্ভিত কৰি তুলিলোঁ আৰু তেওঁলোকে মোক কৈছিল, “আপুনি দেখোন উৰি আছে! আনতকৈ আপুনি বেছি বেগেৰে খোজ কাঢ়িছে। পাহাৰত আপুনি ইমান দৃঢ়তা আৰু আৰামেৰে খোজ কাঢ়িছে যেন আপুনি পাহাৰৰ বাবেই জন্ম হৈছে।”-সাহসী মহিলাগৰাকীয়ে কয়। 
 
এই কথাবোৰে তেওঁৰ মনোবল বৃদ্ধি কৰিছিল আৰু তেওঁ অধিক প্ৰশিক্ষণ গ্ৰহণ কৰি এভাৰেষ্ট বেছ কেম্পলৈ গ’ল, আৰু পিছলৈ হিমালয়ৰ ষ্টক ৰেঞ্জৰ লাকাধৰ ষ্টক কাংগ্ৰী পৰ্বতলৈ যোৱাৰ লক্ষ্য স্থিৰ কৰিলে। এয়া লাডাখৰ সৰ্বোচ্চ স্থান৷ সেই পাহাৰত বগাই যোৱাটো অত্যন্ত কঠিন আছিল যদিও ছানবুল ৰহমানে নিজকে তাৰ বাবে সাজু কৰিছিল। ই তেওঁৰ পাহাৰ বগোৱাৰ আবেগক উদগণি যোগালে। তাৰ পিছত ৰহমানে আৰু তিনিখন পাহাৰ সফলতাৰে বগাবলৈ সক্ষম হয়। সম্প্ৰতি তেওঁ ৭০০০ মিটাৰ দৈৰ্ঘ্যৰ এখন পাহাৰ বগাবলৈ পৰিকল্পনা কৰিছো। ই তেওঁৰ জীৱনৰ এটা ডাঙৰ প্ৰচেষ্টা হ'ব।
 
ছুমবুল ৰহমানে তেওঁৰ পদকসমূহ প্ৰদৰ্শন কৰিছে
 
“মই নিজকে গঢ়ি তুলিবলৈ আৰু এজন শক্তিশালী ব্যক্তি হ’বলৈ চেষ্টা কৰি আছিলো; মই যে পাহাৰ বগাব বিচাৰো সেই কথা মনত ৰাখি দৌৰি আছো। লাহে লাহে মই আৱিষ্কাৰ কৰিলোঁ যে মই দৌৰাত পাৰদৰ্শিতা দেখুৱাইছো আৰু বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিছো। ২০২০ চনত দৌৰৰ পৰা মই কেইবাটাও বঁটা লাভ কৰিলোঁ আৰু সন্মানীয় বষ্টন মাৰাথনৰ বাবে যোগ্যতা অৰ্জন কৰিলোঁ।"-ছুমবুল ৰহমানে কয়। 
 
দুৰ্ভাগ্যজনকভাৱে সেই সময়ত ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ পৃথিৱীখনক স্তব্ধ কৰিছিল আৰু তেতিয়া তেওঁ ভিছা নোপোৱাৰ বাবে দুবছৰ অপেক্ষা কৰিবলগীয়া হ’ল। ২০২৪ চনত তেওঁ এই অভিযান আকৌ আৰম্ভ কৰিলে। লণ্ডন, নিউয়ৰ্ক, টকিঅ’, বষ্টন, ছিকাগো, বাৰ্লিন আদিৰ দৰে ছটা ডাঙৰ মাৰাথন দৌৰত অংশ লৈ তেওঁ নিজৰ শাৰিৰীক আৰু মানসিক শক্তিৰ পৰিচয় দাঙি ধৰে।
কলকাতা আৰু মুম্বাইত শিক্ষা গ্ৰহণ কৰা ছানবুলৰ যাত্ৰা আৰম্ভ হৈছিল ২০১৫ চনত প্ৰথম হাফ মাৰাথনৰ পৰা, আৰু তাৰ পিছৰ পৰা টাটা টি এছ কে ২৫, এন ই বি স্প’ৰ্টছ কলকাতা মাৰাথন, কলকাতা পুলিচ এছ ডি এছ এল, পিংকাথন, আৰু এছ বি আই গ্ৰীণ মাৰাথনৰ দৰে ইভেণ্টত তেওঁ পদক অৰ্জন কৰিছিল।
 
জয়ছালমেৰ সীমান্ত দৌৰত স্বৰ্ণ পদক লাভ ছুমবুল ৰহমানৰ
 
উল্লেখযোগ্য যে, প্ৰত্যাহ্বানমূলক জয়ছালমেৰ সীমান্ত দৌৰত তেওঁ চমকপ্ৰদ জয় সাব্যস্ত কৰিছিল, যিটো আছিল মানৱ সহনশীলতাই উচিত পৰীক্ষাৰ সন্মুখীন হোৱা ৫০ কিলোমিটাৰ দৌৰ। ছিকাগো মাৰাথনত নিজৰ দক্ষতা প্ৰদৰ্শনৰ পিছত ছানবুলে এই বছৰ লণ্ডন, বাৰ্লিন আৰু নিউয়ৰ্ক মাৰাথন জয় কৰিছে। ২০২৫ চনৰ ভিতৰত তেওঁ ৬ ষ্টাৰ ডব্লিউ এম এমৰ সন্মানীয় ফিনিছাৰ মৰ্যাদা লাভ কৰাৰ লক্ষ্য ৰাখিছে। 
 
দৌৰাৰ বাহিৰেও ছানবুল এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন মহিলা। তেওঁ মাতৃত্বৰ লগতে খাদ্য আৰু পানীয় উদ্যোগ (Food and Beverage Industry)ৰ ব্যৱসায় সুন্দৰভাৱে চলাই নিছে। একে সময়তে তেওঁ ট্ৰেকিং আৰু ফিটনেছকো জীৱনৰ অংশ কৰি লৈছে।
মহিলাসকলক সবলীকৰণৰ বাবে টাটা টি এছ কেত খোজ দিয়াৰ সিদ্ধান্ত লোৱা ছুমবুলে সফলতা অৰ্জনৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ ওপৰত বিশ্বাস কৰে। এইদৰে তেওঁ কলকাতাৰ মহিলা মাৰাথন দৌৰবিদসকলক অনুপ্ৰাণিত কৰিব বিচাৰে। 
 
ছুমবুল ৰহমানৰ এবট ৱৰ্ল্ড মাৰাথন মেজৰৰ ৰেকৰ্ড
 
“মই সাত বছৰ বয়সত মোৰ দেউতাকক হেৰুৱাইছিলো। ডাঙৰ হৈও মই বিপদ আৰু দুখৰ সন্মুখীন হৈছিলো। সৰ্বশক্তিমানে সদায় মোৰ পৰীক্ষা লৈ আহিছে। কিন্তু মই কেতিয়াও আশা এৰি দিয়া নাই আৰু প্ৰতিটো বাধাৰ পৰা আগুৱাই যোৱাৰ কৌশল শিকিছে।”-শেষত এইদৰে কয় ছুমবুল ৰহমানে। 
 
(ৰীতা ফাৰহাট মুকান্দ এগৰাকী স্বতন্ত্ৰ লেখিকা)