ৰোমাঞ্চ আৰু উত্তেজনাৰে ভৰপূৰ ফাইনেলৰ অন্তত সংবাদমেলত ৰোহিতে কয়, ‘এইখন ভাৰতৰ হৈ মোৰ শেষ টি-২০ মেচ আছিল। ইয়াৰ পিছত মই আৰু দেশৰ হৈ টি-২০ খেলিব নোৱাৰিম। এই সিদ্ধান্ত ল’বলৈ ইয়াতকৈ ভাল সময় একো হ’ব নোৱাৰে। এই ফৰ্মেটতে মই ভাৰতীয় দলত অভিষেক ঘটাইছিলোঁ।"It's your Captain Rohit Sharma signing off from T20Is after the #T20WorldCup triumph! 🏆
— BCCI (@BCCI) June 29, 2024
He retires from the T20I cricket on a very special note! 🙌 🙌
Thank you, Captain! 🫡#TeamIndia | @ImRo45 pic.twitter.com/NF0tJB6kO1
ভাৰতীয় অধিনায়কগৰাকীয়ে পুনৰ কয়, "যোৱা ৩-৪ বছৰ ধৰি মই যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আহিছো, মই এটা শব্দত বুজাব নোৱাৰো। সঁচা কথা ক’বলৈ গ’লে দলৰ সকলোৱে কঠোৰ পৰিশ্ৰম কৰিছে। ফাইনেলত উপনীত হোৱা আৰু জয়ী হোৱাৰ আঁৰত বহু কথাই জড়িত হৈ থাকে। গতিকে এই জয় এদিনৰ জয় নহয়, যোৱা ৩-৪ বছৰৰ ফল। যোৱা ৩-৪ বছৰত যিমান কষ্ট কৰিছো তাৰ ফল আজি লাভ কৰিছো।"𝐄𝐍𝐃𝐈𝐍𝐆 𝐎𝐍 𝐀 𝐇𝐈𝐆𝐇@ImRo45, I’ve witnessed your evolution from a promising youngster to a World Cup-winning captain from close quarters. Your unwavering commitment & exceptional talent have brought immense pride to the nation. Leading 🇮🇳 to a T20 World Cup 🏆 victory… pic.twitter.com/QSEui6Bq2K
— Sachin Tendulkar (@sachin_rt) June 30, 2024
ৰোহিতে ১৫৯খন টি-২০ মেচত মুঠ ৪২৩১ ৰান সংগ্ৰহ কৰি ফৰ্মেটৰ সৰ্বোচ্চ স্ক’ৰাৰ হিচাপে পৰিগণিত হয়। টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখো তেওঁৰ হাতত আছে, য’ত তেওঁৰ নামত পাঁচটা শতক আছে। ৰোহিতৰ টি-২০ যাত্ৰাৰ আৰম্ভণি হৈছিল ২০০৭ চনত অনুষ্ঠিত হোৱা উদ্বোধনী টি-২০ বিশ্বকাপৰ পৰা। প্ৰতিযোগিতাখনত তেওঁ ভাৰতৰ প্ৰথম খিতাপ জয়ৰ মূল খেলুৱৈ হিচাপে চিহ্নিত হৈছিল।THE GOAT MOMENT OF INDIAN CRICKET....!!!!
— Johns. (@CricCrazyJohns) June 29, 2024
- Thank you, Rohit & Kohli. 🥺 pic.twitter.com/RDuKAwg4V4