বৃহস্পতিবাৰে পুৱা স্বদেশত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব টীম ইণ্ডিয়াৰ খেলুৱৈসকলে

Story by  atv | Posted by  [email protected] • 5 d ago
বিশ্বকাপৰ ট্ৰফীৰ সৈতে হাৰ্দিক পাণ্ডিয়া
বিশ্বকাপৰ ট্ৰফীৰ সৈতে হাৰ্দিক পাণ্ডিয়া

নতুন দিল্লী
 
অৱশেষত বুধবাৰে বাৰ্বাডোছৰ গ্ৰাণ্টলি এডেমছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা চাৰ্টাৰ্ড বিমানেৰে দিল্লীলৈ উৰা মাৰিছে বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া। বাৰ্বাডোছত যোৱা শনিবাৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপত খিতাপ জয়ৰ পিছত সাগৰীয় ধুমুহাৰ বাবে তিনিদিন ধৰি আবদ্ধ হৈ থকা দলটোৱে বৃহস্পতিবাৰে পুৱা প্ৰায় ৬.২০ বজাত স্বদেশত উপস্থিত হ'ব।
 
অধিনায়ক ৰোহিত শৰ্মাই ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে, য'ত তেওঁ বিমানৰ ভিতৰত ট্ৰফী লৈ পোজ দি আছে। তাত লিখা আছিলঃ Coming home. 
বিচিচিআইয়ে জৰুৰীভাৱে প্ৰেৰণ কৰা এই বিমানখনত ভাৰতীয় দলৰ খেলুৱৈ, সহায়ক কৰ্মচাৰী, খেলুৱৈৰ পৰিয়াল, ব’ৰ্ডৰ বিষয়া, আৰু ভ্ৰমণকাৰী সংবাদ মাধ্যমৰ সদস্যসকলক কঢ়িয়াই আনিছে।
 
ইফালে, ভাৰতত অৱতৰণ কৰাৰ পিছত ভাৰতীয় খেলুৱৈ আৰু ছাপোৰ্ট ষ্টাফে পুৱা ৯:৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। ইয়াৰ পিছতে সমগ্ৰ দলটোৱে আন এখন চাৰ্টাৰ্ড বিমানযোগে মুম্বাইলৈ ৰাওনা হ’ব।
ইণ্ডিয়া টুডেত প্ৰকাশিত এক বাতৰি অনুসৰি মুম্বাইত উপস্থিত হোৱাৰ পিছত খেলুৱৈসকলে সন্ধিয়া এখন মুকলি বাছত উঠি ৱাংখেড়ে ষ্টেডিয়ামলৈ ৰাওনা হ’ব। প্ৰতিবেদনত আৰু কোৱা হৈছে যে ৱাংখেড়ে ষ্টেডিয়ামত এক ৰাজকীয় সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে, য’ত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই বিচিচিআইৰ সচিব জয় শ্বাহক বিশ্বকাপৰ ট্ৰফী প্ৰদান কৰিব।
 
আগন্তুক দুবছৰলৈ বিচিচিআইৰ মুখ্য কাৰ্যালয়ত থাকিব এই ট্ৰফী।