কংগ্ৰেছৰ নিৰ্বাচনৰ প্ৰাৰ্থী হ'ল অলিম্পিয়ান বিনেশ ফোগাট

Story by  atv | Posted by  [email protected] • 9 d ago
কংগ্ৰেছৰ নিৰ্বাচনৰ প্ৰাৰ্থী হ'ল অলিম্পিয়ান বিনেশ ফোগাট
কংগ্ৰেছৰ নিৰ্বাচনৰ প্ৰাৰ্থী হ'ল অলিম্পিয়ান বিনেশ ফোগাট
 
নতুন দিল্লী
 
শুকুৰবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰা অলিম্পিয়ান বিনেশ ফোগাটে প্ৰতিদ্বন্দিতা কৰিব হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত। কংগ্ৰেছত যোগদান কৰাৰ পিছতে বিনেশ ফোগাটক ৰাজ্যখনৰ জুলানা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে টিকট প্ৰদান কৰিলে কংগ্ৰেছে।
 
দিল্লীত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰাৰ পিছতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰা বিনেশ ফোগাটৰ টিকট নিশ্চিত হ'ল যদিও অৱশ্যে আন এগৰাকী মল্লযুঁজাৰু বজৰং পুনিয়াৰ টিকট নিশ্চিত হোৱা নাই।
 
জানিব পৰা মতে তেওঁ এইবাৰ বিধানসভাত প্ৰতিদ্বন্দিতা নকৰে। কিন্তু কংগ্ৰেছে তেওঁক দলত যোগদান কৰাৰ লগে লগে উচিত সন্মান প্ৰদান কৰিলে। তেওঁক দিলে সৰ্বভাৰতীয় কিষাণ কংগ্ৰেছৰ কাৰ্যকৰী অধ্যক্ষৰ দায়িত্ব।
 
উল্লেখ্য যে, অহা ৫ অক্টোবৰত হাৰিয়ানা বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনত বিনেশ ফোগাট কংগ্ৰেছ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা পূৰ্বৰে পৰা আছিল। শুকুৰবাৰে কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে ৰে'লৱেৰ চাকৰিৰ পৰা পদত্যাগ কৰিছে।
 
কংগ্ৰেছে তেওঁক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত পূৰ্বেই গ্ৰহণ কৰিছিল। কেৱল আনুষ্ঠানিকতাহে বাকী আছিল। সেই আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পিছতে লগে লগে ঘোষণা কৰিলে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে বিনেশৰ নাম।
 
সেইদৰেই কংগ্ৰেছে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুডাও। তেওঁ প্ৰতিদ্বন্দিতা কৰিব গৰহি ছম্পালা কিলোৰ পৰা। পেৰিছ অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছত স্বপ্নভংগ হৈছিল বিনেশ ফোগাটৰ।
 
জোখতকৈ ওজন বৃদ্ধি পোৱাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। অৱশ্যে তেওঁক দেশত উপস্থিত হোৱাৰ লগে লগে চেম্পিয়নৰ দৰেই সন্মান প্ৰদান কৰিছিল মল্লযুঁজাৰু আৰু অনুৰাগীসকলে।
 
স্বদেশত উপস্থিত হোৱাৰ পিছতে বিনেশক আদৰিবলৈ বিমান বন্দৰলৈ গৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিন্দৰ সিং হুডা। একেদৰে পৰৱৰ্তী সময়ত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সৈতেও তেওঁৰ সাক্ষাত হৈছিল।
 
উল্লেখ্য যে, মহিলা মল্লযুঁজাৰুৱে যৌন নিৰ্যাতনৰ অভিযোগেৰে দিল্লীত আৰম্ভ কৰা ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে সংবাদ শিৰোনাম দখল কৰিছিল বিনেশ ফোগাটে। যিসকল মল্লযুঁজাৰুৱে ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব লৈছিল তেওঁলোকৰ ভিতৰত অন্যতম আছিল বিনেশ ফোগাট, বজৰং পুনিয়া আৰু সাক্ষী মালীক।
 
যন্তৰৰ মন্তৰৰ পৰা সংসদ ভৱনলৈ চলা এই প্ৰতিবাদৰ নেতৃত্ব লোৱা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই কংগ্ৰেছত যোগদান কৰা বিষয়োটোৱে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। অৱশ্যে এতিয়াও ৰাজনীতিত যোগদান কৰা নাই সাক্ষী মালীকে।