দেশবাসীক দুৰ্গা পূজাৰ উপহাৰ দিলে ভাৰতীয় ক্ৰিকেট দলে

Story by  atv | Posted by  [email protected] • 5 d ago
দেশবাসীক দুৰ্গা পূজাৰ উপহাৰ দিলে ভাৰতীয় ক্ৰিকেট দলে
দেশবাসীক দুৰ্গা পূজাৰ উপহাৰ দিলে ভাৰতীয় ক্ৰিকেট দলে
 
নতুন দিল্লী
 
শাৰদীয় দুৰ্গোৎসৱৰ উপহাৰ দিলে ভাৰতীয় ক্ৰিকেট দলে। টেষ্ট শৃংখলা জয় কৰাৰ পাছত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাও ৩-০ ব্যৱধানত জয় কৰিলে ভাৰতীয় দলটোৱে।
 
উইকেট কীপাৰ বেটছমেন সঞ্জু ছেমছনৰ মাৰমুখি বেটিঙেৰে অৰ্জন কৰা শতক, অধিনায়ক সূৰ্য কুমাৰ যাদৱৰ অৰ্ধ শতকৰ সহায়ত ভাৰতীয় দলটোৱে ৰেকৰ্ড সৃষ্টি কৰি নিৰ্ধাৰিত ২০ অভাৰত ২৯৭ ৰাণ সংগ্ৰহ কৰে। মেচখনত সঞ্জুৱে ৪৭ বলত ৮ টা ছয়, ১১ টা চাৰিৰে মুঠ ১১১, স্কায়ে ৩৫ বলত ৫ টা ছয় আৰু ৮ টা চাৰিৰ সৈতে ৭৫ ৰাণ কৰে।
 
ৰিয়ান পৰাগে ১৩ টা বলত ৪ টা ছয় আৰু এটা চাৰিৰে ৩৪ ৰাণ, হাৰ্ডিক পাণ্ডিয়াই ১৮ টা বলত ৪ টা ছয় আৰু সম সংখ্যক চাৰিৰে ৪৭ ৰাণ সংগ্ৰহ কৰে। হায়দৰাবাদত অনুষ্ঠিত হোৱা আজিৰ মেচখনত ভাৰতীয় দলটোৱে কেইবাটাও নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।
 
আন্তঃৰাষ্ট্ৰীয় টি-২০ ত এয়াই হৈছে সৰ্বাধিক স্কোৰ। অৱশ্যে ইয়াৰ পূৰ্বে নেপালে মঙ্গোলীয়াৰ বিৰুদ্ধে ৩১৪ ৰাণ কৰিছিল। যিহেতু নেপালে এই পৰ্যন্ত টেষ্ট খেলা নাই সেয়ে পূৰ্ণাংগ দল হিচাপে ভাৰতৰ এই স্ক’ৰেই সৰ্বাধিক সদলীয় স্ক’ৰ।
 
ভাৰতীয় দলৰো এয়াই হৈছে সৰ্বাধিক নিজা টি-২০ স্ক’ৰ। ইয়াৰ পূৰ্বে ২০১৭ ত শ্ৰীলংকাৰ বিৰুদ্ধে ২৬০ ৰাণ কৰিছিল। তাৰোপৰি টি-২০ দ্ৰুতবেগেৰে শতক অৰ্জন কৰা দ্বিতীয়জন ক্ৰিকেটাৰ হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে সঞ্জুৱে।
 
পাৱাৰপ্লে’ত ভাৰতে আজি ৮২ ৰাণ কৰিবলৈ সক্ষম হৈছে। পাৱাৰপ্লে’ত এয়াই ভাৰতৰ সৰ্বাধিক ৰাণ। ইয়াৰ পূৰ্বে ২০২১ ত ভাৰতে স্কটলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপত ৮২ ৰাণ কৰিছিল।
 
আজি ভাৰতে ৭.১ অভাৰতে শতক অৰ্জন কৰে। এয়াও এক ৰেকৰ্ড। দ্ৰুতগতিৰে টি-২০ শতক অৰ্জন কৰিলে ভাৰতে। তাৰোপৰি আন বহু সৰু, বৰ ৰেকৰ্ড আজিৰ মেচত গঢ়িবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৰ লগতে সঞ্জু, অধিনায়ক সূৰ্য কুমাৰ যাদৱে।
 
ভাৰতে গঢ়া এনে পৰ্বতসম স্ক’ৰ বিপৰীতে বিপৰীতে বাংলাদেশে ২০ অভাৰত ৭ উইকেট হেৰুৱাই মাত্ৰ ১৬৪ ৰাণহে কৰিবলৈ সক্ষম হয়। ফলত ভাৰতীয় দলটোৱে ১৩৩ ৰাণৰ বৃহৎ ব্যৱধানত মেচখন জয় কৰিবলৈ সক্ষম হৈছে।
 
ভাৰতীয় দলটোৰ হৈ মায়ংক যাদৱে ৪ অভাৰত ৩২ ৰাণ ব্যয় কৰি ২ টা উইকেট, ৱাশ্বিংটন সুন্দৰে ১ অভাৰত ৪ ৰাণ দি ১ টা উইকেট, নীতিশ কুমাৰে ৩ অভাৰত ৩১ ৰাণ দি ১ টা উইকেট, ৰবী বিষ্ণয়ে ৪ অভাৰত এক অভাৰ মেইডেনসহ ৩০ ৰাণ দি ৩ টা উইকেট লাভ কৰে।