অসমৰ ক্ৰিকেটৰ 'নবাব'ৰ সপোন বাস্তৱায়িত হ'ল ৰিয়ান পৰাগৰ সাফল্যত

Story by  Imtiaz Ahmed | Posted by  Munni Begum • 5 Months ago
প্ৰবীণ ক্ৰিকেট প্ৰশিক্ষক নবাব আলী আৰু ৰিয়ান পৰাগ
প্ৰবীণ ক্ৰিকেট প্ৰশিক্ষক নবাব আলী আৰু ৰিয়ান পৰাগ
 
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
বহু দশকৰ অপেক্ষাৰ অন্তত অৱশেষত ভাৰতীয় দলত অসম সন্তান ৰিয়ান পৰাগৰ অন্তৰ্ভুক্তিয়ে অসমবাসীক আনন্দিত আৰু গৌৰৱান্বিত কৰিছে। অৱশ্যে, এই প্ৰতিভাসম্পন্ন ক্ৰিকেটাৰজনৰ সফলতাৰ আঁৰত থকা এজন ব্যক্তিক খুৱ কমসংখ্যক লোকেহে ভালকৈ জানে। আঠ বছৰ বয়সৰ পৰা ৰিয়ানক সঠিক দিশত আগবঢ়াই নি এজন আগশাৰীৰ ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰা ব্যক্তিজন হৈছে অসমৰ ক্ৰিকেটৰ 'নবাব' বুলি পৰিচিত প্ৰবীণ ক্ৰিকেট প্ৰশিক্ষক নবাব আলী। ৰিয়ানে ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰাৰ ক্ষণটো নবাব আলীৰ বাবে আছিল বহু দশক ধৰি দেখি থকা সপোন সাৰ্থক হোৱাৰ এক আৱেগিক ক্ষণ। 
 
নবাবদা নামেৰে অসমৰ ক্ৰিকেট মহলত জনাজাত প্ৰশিক্ষকগৰাকীয়ে এতিয়ালৈকে ৫০ জনতকৈ অধিক প্ৰথম শ্ৰেণীৰ (ৰঞ্জী ট্ৰফী, দেওধৰ ট্ৰফী, দুলীপ ট্ৰফী আদি) আৰু ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ খেলুৱৈৰ লগতে ১০০ জনৰো অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক গঢ় দিছে। কিন্তু বিগত দশকসমূহত তেওঁৰ শিষ্যসকল টীম ইণ্ডিয়াৰ দুৱাৰদলিৰ পৰা উভতি অহাত তেওঁ সদায় হতাশ হ'বলগীয়া হৈছিল।
 
অৱশ্যে সোমবাৰৰ দিনটো নবাবদাৰ বাবে সম্পূৰ্ণ সুকীয়া আছিল, যেতিয়া তেওঁৰ অন্যতম প্ৰিয় প্ৰশিক্ষাৰ্থী ৰিয়ান পৰাগৰ নাম টীম ইণ্ডিয়াৰ বাছনিত উঠিছিল। 
 
নবাব আলীয়ে খেলপথাৰত খেলুৱৈসকলক বেটিং কৰাৰ কিছু কৌশলৰ শিকাই আছে  
 
“আজি মোৰ অনুভৱৰ বিষয়ে ক’বলৈ শব্দ নাই। সমগ্ৰ অসমৰ লগতে অসমৰ ক্ৰিকেটৰ বাবে ই এক ডাঙৰ গৌৰৱৰ বিষয়। মোৰ বাবেও একেই কথা। কিন্তু, এই মুহূৰ্তত মই যি অনুভৱ কৰিছো সেয়া প্ৰকাশ কৰিব নোৱাৰো।"- আৱাজ - দ্য ভইচ অসমৰ আগত আনন্দ মনেৰে এইদৰে কয় নবাব আলীয়ে।
 
কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ শৈশৱৰ প্ৰশিক্ষক দ্ৰোনাচাৰ্য বঁটাপ্ৰাপক প্ৰয়াত ৰমাকান্ত আচৰেকাৰৰ বাবে মুম্বাইৰ শিৱাজী পাৰ্ক যি আছিল, নবাব আলীৰ বাবে গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম সেই একেই। ১৯৮৫ চনৰ পৰা নিষ্ঠাসহকাৰে খেলুৱৈ গঢ়াৰ কামত নিয়োজিত ব্যক্তিজনে অৱশেষত যেন পূৰ্ণতা লাভ কৰিছে।
 
"আঠ বছৰ বয়সতে ৰিয়ান আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ (গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ)লৈ আহিছিল। আমি লক্ষ্য কৰিছিলোঁ যে তেওঁক মৌলিক প্ৰশিক্ষণৰ প্ৰয়োজন নাছিল আৰু, সেয়েহে আমি পোনে পোনে উন্নত প্ৰশিক্ষাৰ্থীৰ গোটত ৰিয়ানক সোমাই দিছিলোঁ। তেওঁ প্ৰাপ্তবয়স্ক বলাৰৰ বিৰুদ্ধে তেতিয়াই সাহস আৰু আত্মবিশ্বাসেৰে বেটিং কৰিছিল। এদিন নেহৰু ষ্টেডিয়ামৰ খেলপথাৰ পৰিদৰ্শন কৰি থকা তেতিয়াৰ নেচনেল ক্ৰিকেট একাডেমীৰ পৰিচালক সন্দীপ পাটিলে খেলপথাৰৰ এটা চুকত ৯ বছৰীয়া সৰু ল’ৰা ৰিয়ানক বেটিং কৰি থকা দেখা পাইছিল। তেতিয়া তেওঁ ল’ৰাটোক মাতি তেওঁৰ নাম আৰু বয়স সুধি পোনে পোনে দেউতাক পৰাগ দাসক কণমানি ল’ৰাটোক এনচিএলৈ লৈ যাবলৈ পৰামৰ্শ দিছিল, কাৰণ পাটিলে ল’ৰাটো বিৰল প্ৰতিভাশালী বুলি অনুভৱ কৰিছিল। আৰু, ইয়াৰ পিছৰখিনি সকলোৱে জানে।" ৰিয়ানৰ প্ৰতিভাৰ বিষয়ে স্মৰণ কৰি নবাবদাই এইদৰে কয়।
 
ৰিয়ান পৰাগে খেলি থকা এক দৃশ্য
 
উল্লেখ্য যে, ৰিয়ানৰ পিতৃ পৰাগ দাসো অসমৰ এগৰাকী প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আৰু আৰম্ভণিৰে পৰাই তেওঁকো নবাবদাই গঢ় দিছিল। প্ৰতিভাৱান অলৰাউণ্ডাৰ পৰাগ দাস অসম ৰঞ্জী দলৰ অন্যতম সফল অধিনায়ক আছিল।
 
এই সুযোগ গ্ৰহণ কৰি ৰিয়ানে দীৰ্ঘদিন ধৰি টীম ইণ্ডিয়াৰ নিয়মীয়া খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব বুলি আশাবাদী নবাবদা। "যোৱা এটা বছৰত ৰিয়ানে অবিশ্বাস্য ফৰ্মত আছে। তেওঁ এতিয়া যথেষ্ট পৰিপক্ক হৈছে আৰু মই নিশ্চিত যে তেওঁ এই সুযোগটো সুন্দৰভাৱে গ্ৰহণ কৰি ইয়াক ব্যৱহাৰ কৰিব আৰু মই তেওঁক দীৰ্ঘদিনৰ বাবে টীম ইণ্ডিয়াত চাব বিচাৰো। এজন সৰু ল’ৰাৰ পৰা এজন পৰিপক্ক পেছাদাৰী ক্ৰিকেটাৰলৈ মই তেওঁৰ বিৱৰ্তন দেখিছোঁ৷ তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে।" - প্ৰশিক্ষক নবাব আলীয়ে কয়। 
 
তেওঁৰ আটাইতকৈ সম্ভাৱনাময় প্ৰশিক্ষাৰ্থী ছৈয়দ জাকাৰিয়া জাফ্ৰি, আবু নাছিম আহমেদ আৰু পৰাগ দাস টীম ইণ্ডিয়াৰ দুৱাৰদলিৰ পৰা উভতি অহাটো নবাব আলীৰ বাবে আছিল হতাশাজনক কথা। ইয়াৰ ফলত তেওঁ নিজৰ প্ৰশিক্ষণৰ মানদণ্ডক পৰৱৰ্তী পৰ্যায়লৈ লৈ গৈছিল আৰু টীম ইণ্ডিয়াৰ বাবে অসমৰ পৰা প্ৰথমজন ক্ৰিকেটাৰ জন্ম দিবলৈ কঠোৰ পৰিশ্ৰম কৰি থাকিবলৈ মনোবল অটুট ৰাখিছিল।
 
১৯৮৫ চনত প্ৰশিক্ষক কেৰিয়াৰ আৰম্ভ কৰা নবাবদাই বিগত চাৰিটা দশকত কমেও ছজন এনে খেলুৱৈৰ সৃষ্টি কৰিছে, যিয়ে জুনিয়ৰ পৰ্যায়ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে। অৱশ্যে, ক্ৰিকেটৰ জগতৰ আটাইতকৈ গ্লেমাৰাছ দল টীম ইণ্ডিয়াৰ নীলা জাৰ্ছী পৰিধান কৰা এজন অসমীয়াক চাবলৈ তেওঁ সদায় সপোন দেখিছিল।
 
নবাব আলীয়ে যুৱ খেলুৱৈসকল বেটিং কৰা কৌশল শিকোৱাৰ এক মূহুৰ্ত
 
উল্লেখ্য যে, ১৯৭৮ চনত তেতিয়াৰ বি চি চি আইৰ পূব মণ্ডলৰ প্ৰশিক্ষক ইদুল বি আইবাৰাৰ পৰা শিকি অহা কথাখিনিৰে ১৫ বছৰ বয়সতে ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা নবাবদাই ১৯৮১-৮২ আৰু ১৯৮৩-৮৪ ছিজনত চি কে নায়ুডু ট্ৰফী স্কুল ক্ৰিকেট প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰে। খেলুৱৈ হিচাপে চমু কেৰিয়াৰত তেওঁ ১৯৮৪ চনৰ পৰা ১৯৮৬ চনলৈ নুৰুদ্দিন ট্ৰফী ছিনিয়ৰ আন্তঃজিলা প্ৰতিযোগিতা গুৱাহাটী জিলা দলক প্ৰতিনিধিত্ব কৰিছিল।
 
শৈশৱৰ পৰাই প্ৰশিক্ষক হোৱাৰ এক হেপাঁহ বুকুত কঢ়িয়াই লৈ ফুৰা আলীয়ে ১৯৮৪ চনত অসমৰ ৰাজ্যিক ক্ৰীড়া পৰিষদে আয়োজন কৰা শিবিৰৰ সময়ত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষক বীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ অধীনত প্ৰশিক্ষকৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আৱাজ - দ্য ভইচৰ আগত নবাবদাই কয়, "শৰ্মা গুৱাহাটীৰ পৰা বদলি হোৱাৰ পিছত ১৯৮৫ চনত নেহৰু ষ্টেডিয়ামৰ এটা চুকত এটা প্ৰশিক্ষক কেন্দ্ৰ আৰম্ভ হৈছিল আৰু তাৰ প্ৰশিক্ষাৰ্থীসকলৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ হোৱাৰ বাবেই মই কনিষ্ঠসকলক প্ৰশিক্ষণ দিছিলোঁ।"
 
তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰ পিছলৈ তেওঁৰ সমসাময়িক প্ৰয়াত আব্দুল ৰব, ৰাতুল দাস, আশ্ৰাফুৰ ৰহিম (ৰাজু) আদিৰ সহায়ত পূৰ্ণাংগ প্ৰশিক্ষণ কেন্দ্ৰলৈ ৰূপান্তৰিত হয়। পিছত ইয়াক গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ নামেৰে নামাকৰণ কৰা হয়, যি বৰ্তমান অসমৰ বহু ক্ৰিকেটাৰৰ বাবে গ্ৰুমিং গ্ৰাউণ্ড।
 
প্ৰথম অৱ্স্থাত অসমৰ প্ৰাক্তন অধিনায়ক ৰাজিন্দৰ সিং, জাহিৰ আহমেদ আৰু বৰ্তমানৰ বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াৰ দৰে প্ৰশিক্ষাৰ্থীৰে আৰম্ভ হোৱা কেন্দ্ৰটোৱে আজি ৩৫০ গৰাকী প্ৰশিক্ষাৰ্থীৰ নামভৰ্তিৰ গৌৰৱ অৰ্জন কৰিছে। নবাব আলীয়ে গঢ় দিয়া কেইজনমান শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ ভিতৰত হৈছে চৈয়দ জাকাৰিয়া জাফ্ৰি, আবু নেচিম আহমেদ, পৰাগ দাস, নিশান্ত বৰদলৈ, খনীন শইকীয়া, ৰিয়ান পৰাগ, মৃগেন তালুকদাৰ, পলাশজ্যোতি দাস, ছাদেক ইমৰান চৌধুৰী ইত্যাদি।
 
উইকেটকীপাৰৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা অৱস্থাত নবাব আলী
 
জাকাৰিয়া জাফ্ৰিয়ে ২০০২ চনত চেলেঞ্জাৰ ট্ৰফীত ইণ্ডিয়া 'বি'ৰ হৈ খেলিছিল, আৰু আবু নেচিমে ‘বিদ্ৰোহী’ ইণ্ডিয়ান ক্ৰিকেট লীগ (আইচিএল)ত খেলাৰ বাবে বিচিচিআইৰ নিলম্বনৰ সন্মুখীন হৈছিল। সেই সময়ত অসমৰ আবু নেচিম আহমেদক দিল্লীৰ ঈশান্ত শৰ্মাৰ সৈতে টীম ইণ্ডিয়াৰ ভৱিষ্যত বুলি গণ্য কৰা হৈছিল। তেওঁলোকে একেলগে ভাৰতৰ হৈ খেলাটো নিশ্চিত হোৱাৰ সময়তে আবু নেচিমে আইচিএলত খেলি নিলম্বনৰ সন্মুখীন হয়। উল্লেখ্য যে, আবু নেচিমে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ হৈ চমকপ্ৰদ প্ৰদৰ্শনেৰে দেশৰ ক্ৰিকেট মহলৰ চিনাকী নাম হৈ পৰিছিল। তেওঁ ঈশান্ত শৰ্মা, পিয়ুষ চাওলা, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলি আদিৰ দৰে খেলুৱৈসকলৰ সৈতে একেলগে ভাৰতীয় জুনিয়ৰ দলক প্ৰতিনিধিত্ব কৰিছিল।
 
"টীম ইণ্ডিয়াত স্থান পোৱাৰ ক্ষেত্ৰত জাকাৰিয়া আৰু পৰাগ দাসক উপেক্ষিত কৰাৰ সময়ত মই যথেষ্ট হতাশ হৈছিলো, আৰু আবু নেচিম ভাৰতীয় দলত স্থান নোপোৱাটো আমাৰ সকলোৰে বাবে এক আশ্বৰ্য্যকৰ ঘটনা আছিল। ই যথেষ্ট দুৰ্ভাগ্যজনক আছিল," আলীয়ে কয়।
 
উল্লেখ্য যে, আবু নেচিম, মৃগেন, পলাশ আৰু খনীনে ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ জাৰ্ছী পৰিধান কৰাৰ বিপৰীতে ছাদেক ইমৰাণ চৌধুৰীয়ে ২০০১ চনত ভাৰতৰ ১৭ বছৰ অনুৰ্ধ দলৰ হৈ খেলিছিল। শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰক যিদৰে কেৰিয়াৰৰ আৰম্ভণি সময়ছোৱাত ৰমাকান্ত আচৰেকাৰে ক্ৰিকেটৰ আদিপাঠ দিছিল, ঠিক একেদৰে অসমৰ নবাব আলীয়েও পৰাগ দাস আৰু ৰিয়ান পৰাগ, জাকাৰিয়া জাফ্ৰি আৰু অৰমান আৰু আন কেইজনমানৰ পিতা-পুত্ৰৰ যুটিক  প্ৰশিক্ষণ আগবঢ়াইছে।
 
নবাবদাৰ অধীনত কেৱল গুৱাহাটীৰ শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লোৱা নহয়, সুদূৰ শিৱসাগৰ, চৰাইদেউ, নাজিৰা, ডিব্ৰুগড়, শিলচৰ আদিৰ পৰাও প্ৰশিক্ষাৰ্থীসকলে তেওঁৰ অধীনত প্ৰশিক্ষণ ল’বলৈ ভিৰ কৰে।