বিচিচিআইৰ যুটীয়া সচিবৰ দৌৰত তিনি সংগঠক; ১ মাৰ্চত ব'ৰ্ডৰ সাধাৰণ সভা

Story by  atv | Posted by  [email protected] • 5 h ago
বিচিচিআইৰ যুটীয়া সচিবৰ দৌৰত তিনি সংগঠক; ১ মাৰ্চত ব'ৰ্ডৰ সাধাৰণ সভা
বিচিচিআইৰ যুটীয়া সচিবৰ দৌৰত তিনি সংগঠক; ১ মাৰ্চত ব'ৰ্ডৰ সাধাৰণ সভা
 
নতুন দিল্লী
 
দুমাহৰ ভিতৰত দ্বিতীয়বাৰলৈ বিশেষ সাধাৰণ সভা আহ্বান কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'র্ডে (বিচি চি আই)। অহা ১ মার্চত মুম্বাইত অনুষ্ঠিত হ'ব ব'ৰ্ডৰ এই বিশেষ সাধাৰণ সভা। এই সভাতেই ব'ৰ্ডৰ নতুন যুটীয়া সচিব মনোনীত হ'ব।
 
দেৱজিৎ শইকীয়া বি চি চি আইৰ সচিব নির্বাচিত হোৱাৰ পিচৰে পৰা খালী হৈ আছে ব'ৰ্ডৰ যুটীয়া সচিবৰ পদ। জয় শ্বাহ আই চি চিৰ অধ্যক্ষ হোৱাৰ পিচত খালী হৈ পৰিছিল ব'ৰ্ডৰ সচিবৰ পদ। সেই সময়ত যুটীয়া সচিবৰ দায়িত্বত আছিল দেবজিৎ শইকীয়া।
 
অসমৰ ক্রীড়া সংগঠকগৰাকী যোৱা মাহত ব'ৰ্ডৰ নতুন সচিব হিচাপে নির্বাচিত হয়। তাৰ পিচতে খালী হৈ পৰে যুটীয়া সচিবৰ পদ। সেই শূন্য স্থান পূৰণ কৰাৰ বাবে অহা ১ মার্চত বিশেষ সাধাৰণ সভা আহ্বান কৰা হৈছে।
 
ইতিমধ্যে ৰাজ্যিক ক্রিকেট সংস্থাসমূহক এই বিষয়ে অৱগত কৰিছে ব'র্ডে। বি চি চি আইৰ নতুন যুটীয়া সচিবৰ দৌৰত আছে তিনিগৰাকী ক্রীড়া সংগঠক। তেওঁলোক হৈছে- বংগ ক্রিকেট সংস্থাৰ প্রাক্তন সভাপতি অভিষেক ডালমিয়া, দিল্লী এন্ড ডিস্ট্রিক্ট ক্রিকেট সংস্থাৰ সভাপতি ৰোহণ জেটলি আৰু মুম্বাই ক্রিকেট সংস্থাৰ সঞ্জয় নায়ক।


শেহতীয়া খবৰ