টাইগাৰ শ্ৰফৰ প্ৰিয় আৰ্ছিয়ান মেমন ভাৰতৰ MMA জগতৰ প্ৰকৃত নায়ক

Story by  atv | Posted by  [email protected] • 1 d ago
এমএমএ তাৰকা আৰ্ছিয়ান মেমন
এমএমএ তাৰকা আৰ্ছিয়ান মেমন
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী

যেতিয়া ভাৰতত ক্ৰিকেট আৰু ফুটবলৰ প্ৰতি আকৰ্ষণ শিখৰত উপনীত হয়, তেতিয়া আন ক্ৰীড়া আৰু ইয়াৰ খেলুৱৈসকলে নিজৰ চিনাকি দিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। কিন্তু এই সংগ্ৰামবোৰৰ মাজতে এটা নাম দ্ৰুতগতিত চৰ্চিত হৈছে, সেয়া হৈছে আৰ্ছিয়ান মেমন।
 
বৰ্তমান সময়ত তেওঁক ভাৰতীয় যুদ্ধ কলাৰ আটাইতকৈ ডাঙৰ নাম বুলি ক’ব পাৰি। আৰ্ছিয়ান মেমন ৭-০ৰ বিৰল অভিলেখৰে অপৰাজিত হৈ থকা এগৰাকী এমএমএ ফাইটাৰ। ভাৰতত যুদ্ধ কলা আৰু মিক্সড মাৰ্শ্বেল আৰ্ট (এম এম এ)ক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে তেওঁ অহৰহ চেষ্টা চলাই আছে।
 
আৰ্ছিয়ান মেমনক আজিৰ যুগৰ মহম্মদ আলী বা ব্ৰুচ লী বুলি ক’ব পাৰি। তেওঁৰ যুঁজৰ শৈলী, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই তেওঁক ভাৰতীয় এম এম এ ক্ষেত্ৰখনৰ এক উজ্জ্বল তাৰকা হিচাপে চিহ্নিত কৰিছে। বলীউডৰ অভিনেতা তথা ফিটনেছ আইকন টাইগাৰ শ্ৰফো তেওঁৰ অনুৰাগীৰ ভিতৰত আছে। আৰ্ছিয়ান কেৱল এজন তাৰকা ফাইটাৰে নহয়, ভাৰতৰ নতুন প্ৰজন্মৰ ফাইটাৰসকলৰ বাবেও তেওঁ এক প্ৰেৰণা। 
 
বীৰেশ কুমাৰে কয়, "আৰ্ছিয়ান মেমন কেৱল এজন যুঁজাৰু নহয়, তেওঁ ভাৰতৰ যুৱ ফাইটাৰসকলৰ বাবেও এক আইকন।" কৃষা দেশমুখে কয়, "মহাৰাষ্ট্ৰৰ গৌৰৱ আৰ্ছিয়ান মেমন ভাৰতৰ উচ্চাকাংক্ষী ফাইটাৰসকলৰ বাবে এক আশাৰ ৰেঙনি।"
 
এম এম এ ৰিঙত আক্ৰমণাত্মক ৰূপত আৰ্ছিয়ান মেমন
 
২৯ বছৰীয়া আৰ্ছিয়ান মেমনৰ প্ৰ' এমএমএ অভিলেখ হৈছেঃ ৭-০-০ (জয়-পৰাজয়-ড্ৰ')। ১৯৯৫ চনৰ ৯ মে'ত জন্ম গ্ৰহণ কৰা ৫ ফুট ৬ ইঞ্চি (১৬৭ চে.মি.) উচ্চতাৰ খেলুৱৈজনৰ ৱেইট কেটেগ'ৰী হৈছে ফ্লাইৱেইট (১২৫ পাউণ্ড)। মেমনে মহাৰাষ্ট্ৰ আৰু ভাৰতক প্ৰতিনিধিত্ব কৰা কেইবাখনো ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়ী হৈছে। ২০১৪ চনত তেওঁ ফৰিদাবাদত প্ৰথমখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ ৫৭ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰে।
 
তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কৃতিত্বসমূহৰ ভিতৰত আছেঃ এছিয়ান পেংক্ৰেচন চেম্পিয়নশ্বিপ ২০১৬ত ব্ৰঞ্জৰ পদক, এছিয়ান কিকবক্সিং চেম্পিয়নশ্বিপ ২০১৭ত ব্ৰঞ্জৰ পদক, পেছাদাৰী কিকবক্সিং চেম্পিয়নশ্বিপ ২০১৬ত স্বৰ্ণ পদক, ছুপাৰ ফাইট লীগ, ২০১৬ত স্বৰ্ণ পদক। 
 

কল্যাণৰ এম কে কলেজৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি ২০১৪ চনত মোহনৰ প্লেনেট এণ্ড ফিটনেছ চেণ্টাৰত কিকবক্সিঙৰ প্ৰশিক্ষণ আৰম্ভ কৰে আৰ্ছিয়ান মেমনে। তেওঁ যুদ্ধ কলাৰ ক্ষেত্ৰখনত বক্সিং আৰু কিকবক্সিংক যুদ্ধ শৈলী হিচাপে গ্ৰহণ কৰিছিল। তেওঁৰ ৩ বছৰ ৫ মাহৰ কিকবক্সিং প্ৰশিক্ষণৰ অভিজ্ঞতা আছে। 

তেওঁ কয়, "স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ২০১৪ চনত কিকবক্সিং শিকিবলৈ আৰম্ভ কৰিছিলোঁ। ৰেনশী মোহন সিঙৰ নিৰ্দেশনাত প্ৰশিক্ষণ লৈ ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে বহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছো।"
 
আৰ্ছিয়ান মেমনৰ সফলতাই ভাৰতীয় এম এম এ ক্ষেত্ৰখনক এক নতুন দিশ দিছে। তেওঁ প্ৰমাণ কৰিছে যে ভাৰতে যুদ্ধ কলা আৰু এম এম এতো আন্তঃৰাষ্ট্ৰীয় পৰিচয় গঢ়ি তুলিব পাৰে। তেওঁৰ এই কাহিনী আগন্তুক যুৱ ফাইটাৰসকলৰ বাবে এক প্ৰেৰণা।
তেওঁ কেৱল ভাৰতৰ বাবে এজন মহান যুঁজাৰু নহয়, বৰঞ্চ যুদ্ধ কলা সমাজলৈ নতুন শক্তি আৰু দিশ কঢ়িয়াই অনা এজন খেলুৱৈও। তেওঁৰ কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু দায়বদ্ধতাই তেওঁক এই পদত উপনীত কৰাইছে, আৰু আগন্তুক সময়ত তেওঁ হয়তো আৰু অধিক উচ্চতা স্পৰ্শ কৰিব।
 
আৰ্ছিয়ান মেমনৰ এই যাত্ৰা সংগ্ৰাম, কষ্ট আৰু সফলতাৰে ভৰা। তেওঁৰ কৃতিত্বই দেশৰ এম এম এ (MMA) জগতখনক নতুন উচ্চতালৈ লৈ যাবলৈ অনুপ্ৰাণিত কৰে। যুঁজৰ শৈলী, অনুশাসন আৰু নিষ্ঠাৰ বলত তেওঁ ভাৰতীয় এম এম এৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰ কৰি তুলিছে। ভৱিষ্যতে তেওঁক আৰু ডাঙৰ প্ৰতিযোগিতাত দেখা পোৱা যাব আৰু বিশ্ব পৰ্যায়ত তেওঁ ভাৰতীয় যুদ্ধ কলাৰ স্বীকৃতি লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিব।


শেহতীয়া খবৰ