দবাত চেম্পিয়ন গৌতম চক্ৰৱৰ্তী (সোঁমাজত)ৰ সৈতে ৱাছবিৰ হুছেইন (বাঁওফালে) আৰু আৰ্মানুৰ ৰহমান
গুৱাহাটী
অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটীত চলি থকা টপচেম-এ এছ জে এ আন্তঃমিডিয়া ক্ৰীড়া মহোৎসৱৰ আজি দবা প্ৰতিযোগিতাৰে সফল সামৰণি পৰে৷ দহগৰাকী খেলুৱৈয়ে অংশ লোৱা দবা প্ৰতিযোগিতাত প্ৰচাৰ ভাৰতীৰ গৌতম চক্ৰৱৰ্তী প্ৰথম হোৱাৰ বিপৰীতে নৰ্থ ইষ্ট লাইভৰ ৱাছবিৰ হুছেইন দ্বিতীয় তথা ‘দ্য ৱেৰ’ৰ আৰ্মানুৰ ৰহমানে তৃতীয় স্থান লাভ কৰে৷
উল্লেখ্য যে অসম ক্ৰীড়া সাংবাদিক সন্থাই এইবাৰ আন্তঃমিডিয়া ক্ৰীড়া মহোৎসৱত দবাৰ লগতে ক্ৰিকেট, ফুটবল, টেবুল টেনিছ আৰু বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল৷
শনিবাৰে আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা দ্য একাডেমী অব ৰয়েল ক্ৰিকেট আৰু ছাউথ পইণ্ট স্কুলৰ মাজৰ ১৬ বছৰ অনূধ্বৰ্ টপচেম-এ এছ জে এ আন্তঃবিদ্যালয়-প্ৰশিক্ষণ কেন্দ্ৰ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল মেচখনৰ পাছতে আন্তঃমিডিয়া ক্ৰীড়া মহোৎসৱৰ পাঁচোবিধ খেলৰে বিজয়ীসকলক আনুষ্ঠানিকভাবে বঁটা প্ৰদান কৰা হ’ব৷ দিনৰ ২.৩০ বজাৰ পৰা সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব৷
উল্লেখ্য যে, ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত ৰয়েল ক্ৰিকেটে ৮২ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে ৰিভাৰ ৰাইন ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰক৷ অসম ক্ৰিকেট সন্থাৰ স্বীকৃতিপ্ৰাপ্ত আন্তঃবিদ্যালয়-প্ৰশিক্ষণ কেন্দ্ৰ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাখনৰ প্ৰধান পৃষ্ঠপোষক টপচেম চিমেণ্ট৷ আনহাতে, সহযোগ কৰিছে অসম চৰকাৰ, ভাৰতীয় ষ্টেট বেংক, পিটা, অসম ক্ৰিকেট সন্থা আদিয়ে৷