নিউজীলেণ্ডৰ হাতত বিধ্বস্ত হোৱাৰ পিছত WTC পইণ্ট টেবুলত সলনি হ'ল নেকি ভাৰতৰ স্থান

Story by  atv | Posted by  [email protected] • 3 d ago
ঐতিহাসিক জয়ৰ পিছত নিউজীলেণ্ডৰ দুই তাৰকা ৰাচীন ৰবীন্দ্ৰ আৰু উইল ইয়ং
ঐতিহাসিক জয়ৰ পিছত নিউজীলেণ্ডৰ দুই তাৰকা ৰাচীন ৰবীন্দ্ৰ আৰু উইল ইয়ং
 
বাংগালুৰু

নিউজীলেণ্ডৰ হাতত প্ৰথম টেষ্টত বিধ্বস্ত হৈছে টীম ইণ্ডিয়া। বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনৰ আজি পঞ্চম তথা অন্তিম দিনা ৰোহিত শৰ্মা নেতৃত্বাধীন ঘৰুৱা দলটো ৮ উইকেটত পৰাস্ত হয়। অৱশ্যে, এই অপ্ৰত্যাশিত পৰাজয়ৰ পিছতো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ পইণ্ট তালিকাত টীম ইণ্ডিয়াৰ শীৰ্ষস্থান অক্ষুন্ন আছে। 
 
আনহাতে, ভাৰতৰ মাটিত সুদীৰ্ঘ ৩৬ বছৰৰ অন্তত টেষ্ট জয়ৰ মধুৰ সোৱাদ লাভ কৰিছে নিউজীলেণ্ডে। এই ঐতিহাসিক জয়েৰে দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত চতুৰ্থ স্থানলৈ উন্নীত হৈছে। অষ্ট্ৰেলিয়াই দ্বিতীয়, শ্ৰীলংকাই তৃতীয় স্থানত থকাৰ বিপৰীতে পাকিস্তানে সম্প্ৰতি অষ্টম স্থান আছে। 
স্বদেশত ভাৰতৰ এনে বিপৰ্যয়ৰ পিছত অধিনায়ক ৰোহিত শৰ্মা সমালোচকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। প্ৰথম টেষ্টৰ প্ৰথম দিনটো বৰষুণে নষ্ট কৰাৰ পিছত ভাৰতে টছত জয়ী হোৱাৰ পিছত অধিনায়ক ৰোহিতে কিয় প্ৰথমে বেটিঙৰ সিদ্ধান্ত ল'লে, তাক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে। একাংশ সমালোচকে আকৌ দল গঠনক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে। 
 
বেগী বলাৰৰ বাবে সহায়ক উইকেটত ভাৰতে কিয় তিনিজন বিশেষজ্ঞ স্পিনাৰৰ সৈতে খেলপথাৰত নামে, সেয়াও একাংশৰ বাবে নুবুজা সাথৰ হৈ পৰিছে। উল্লেখ্য যে, মেঘাচ্ছন্ন আকাশৰ তলত নিউজীলেণ্ডৰ বেগী বলাৰসকলে সুযোগৰ সদ্ব্যৱহাৰ কৰি ভাৰতক প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰানতে অলআউট কৰি মেচখন একপ্ৰকাৰ নিজৰ দখললৈ নিয়ে। 
ইয়াৰ পিছত আলহী দলটোৱে ৪০২ ৰান সংগ্ৰহ কৰি ভাৰততকৈ ৩৫৬ ৰানত আগবাঢ়ি থাকে। অৱশ্যে ৰোহিত শৰ্মাবাহিনীয়ে দ্বিতীয় ইনিংছত ৪৬২ ৰানেৰে শক্তিশালী প্ৰত্যুত্তৰ দাঙি ধৰে যদিও নিউজীলেণ্ডে জয়ৰ বাবে মাত্ৰ ১০৭ ৰানহে লাভ কৰে। আজি পুৱা ২৭.৪ অভাৰ খেলিয়ে দলটোৱে এই লক্ষ্যত উপনীত হয়। 
 
১৯৮৮ চনত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰতে টেষ্ট মেচত অন্তিমবাৰৰ বাবে নিউজীলেণ্ডৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল। সেইবাৰ জন ৰাইটৰ নেতৃত্বত নিউজীলেণ্ডে ভাৰতক ১৩৬ ৰানত হৰুৱাই ইতিহাস ৰচিছিল। 


শেহতীয়া খবৰ