কি কি নতুনত্ব আছে এইবাৰৰ আইপিএলত; ক'ত উপভোগ কৰিব পাৰিব পোনপটীয়া সম্প্ৰচাৰ

Story by  atv | Posted by  [email protected] • 9 d ago
আইপিএলৰ যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (প্ৰতিনিধিত্বমূলক ফটো)
আইপিএলৰ যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (প্ৰতিনিধিত্বমূলক ফটো)
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

ৰাষ্ট্ৰীয় উৎসৱৰ দৰে উদযাপন কৰা ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু ৰোমাঞ্চকৰ ক্ৰিকেট প্ৰতিযোগিতা আই পি এল আজিৰে পৰা আৰম্ভ হ'ব। দেশ-বিদেশৰ তাৰকাসকল বিচিচিআইৰ ঐশ্বৰ্যশালী প্ৰতিযোগিতাখনৰ বাবে সাজু হৈ উঠিছে। এইবাৰ আইপিএলত বহু নতুন পৰিৱৰ্তন আৰু আকৰ্ষণীয় দিশ দেখিবলৈ পোৱা যাব।
 
২২ মাৰ্চৰ পৰা প্ৰায় দুমাহ ধৰি চলিবলগীয়া ক্ৰিকেটৰ এই মহাকুম্ভত এইবাৰ অনুৰাগীয়ে কিছু নতুন দিশ দেখিবলৈ পাব। শনিবাৰে ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ প্ৰথমখন খেল।
 
এইবাৰ ভাৰতৰ ১৩খন ভিন্ন চহৰত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ সময়ত মুঠ ৭৪খন খেল অনুষ্ঠিত হ’ব। ইয়াৰে কিছুমান দলে এটাতকৈ অধিক ঘৰুৱা স্থানত মেচ খেলিব। উদাহৰণস্বৰূপে, দিল্লী কেপিটেলছৰ মেচ দিল্লী আৰু বিশাখাপট্টনমত, পঞ্জাব কিংছৰ মেচ মুলনপুৰ আৰু ধৰ্মশালাত, ৰাজস্থান ৰয়েলছৰ মেচ জয়পুৰ আৰু গুৱাহাটীত অনুষ্ঠিত হ’ব।
 
অহা ২০ আৰু ২১ মে’ত হায়দৰাবাদত অনুষ্ঠিত হ’ব কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰ। ২৩ মে’ত অনুষ্ঠিত হ’ব কোৱালিফায়াৰ ২, ২৫ মে’ত কলকাতাত অনুষ্ঠিত হ’ব ফাইনেল।
উল্লেখ্য যে, আই পি এল ২০২৫ত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছে। প্ৰথম পৰিৱৰ্তন হ’ল এইবাৰ পাঁচটা দলত আছে নতুন অধিনায়ক। ২০২৪ চনত কেকেআৰৰ অধিনায়ক হিচাপে থকা শ্ৰেয়াছ আয়াৰে এতিয়া পঞ্জাব কিংছৰ অধিনায়ক হিচাপে থাকিব। তেওঁৰ ঠাইত অজিংক্য ৰাহানে কেকেআৰৰ অধিনায়ক হৈছে। দিল্লী কেপিটেলে ঋষভ পন্তক মুকলি কৰি দিছিল আৰু এতিয়া তেওঁ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক হৈছে।
 
এতিয়া দিল্লীয়ে অধিনায়কত্ব দায়িত্ব অক্ষৰ পেটেলক অৰ্পণ কৰিছে। আনহাতে, ভাৰতৰ হৈ এতিয়ালৈকে কোনো টি-২০ নেখেলা ৰজত পাটিদাৰ আৰচিবিৰ অধিনায়ক হ’ব। ইয়াৰ উপৰিও একাংশ ফ্ৰেঞ্চাইজিয়ে অস্থায়ী ৰূপত নেতৃত্ব পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈছে। চি এছ কেৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমখন খেলত হাৰ্দিক পাণ্ডিয়া উপলব্ধ নহ’ব কাৰণ তেওঁ যোৱা ছিজনৰ অভাৰ ৰেটৰ সৈতে জড়িত নিষেধাজ্ঞাৰ সন্মুখীন হৈছে।
এই সময়ছোৱাত তেওঁৰ ঠাইত সূৰ্যকুমাৰ যাদৱে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰিব। ইফালে, সঞ্জু ছেমছনৰ আঙুলিৰ আঘাতৰ বাবে ৰাজস্থান ৰয়েলছে প্ৰথম তিনিখন মেচত অসমৰ যুৱ তাৰকা ৰিয়ান পৰাগক নেতৃত্বৰ গুৰুদায়িত্ব দিছে। 
 
আই পি এল ২০২৫ত প্ৰশিক্ষকৰ ক্ষেত্ৰতো কিছু পৰিৱৰ্তন দেখা গৈছে। পূৰ্বে দিল্লী কেপিটেলছৰ মুখ্য প্ৰশিক্ষক ৰিকি পণ্টিঙে এইবাৰ পঞ্জাব কিংছত একে ভূমিকা পালন কৰিব। দিল্লী কেপিটেলছৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে হেমাং বাদানীক। টি-২০ বিশ্বকাপত ভাৰতক জয়ৰ দিশত আগুৱাই নিয়া প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে এতিয়া ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰিছে। গৌতম গম্ভীৰৰ ঠাইত কেকেআৰৰ প্ৰশিক্ষক হৈছে কেৰিবিয়ান তাৰকা ডোৱেইন ব্ৰাভো। একেদৰে, মেথিউ ৱেডে এইবাৰ গুজৰাট টাইটানছৰ সহকাৰী প্ৰশিক্ষক হিচাপে যোগদান কৰিছে।
 
আইপিএল-২০২৫ৰ খেলুৱৈ নিলামতো বহু আমোদজনক পৰিৱৰ্তন ঘটিছে। এইবাৰ ঋষভ পন্ত আৰু শ্ৰেয়াছ আয়াৰ ক্ৰমে লক্ষ্ণৌ ছুপাৰজায়েণ্টছ আৰু পঞ্জাৱ কিংছৰ অধিনায়ক হৈছে, আৰু এই দুয়োজন খেলুৱৈ আই পি এলৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ। ডিচেম্বৰত অনুষ্ঠিত মেগা নিলামত পণ্টক ২৭ কোটি টকা, শ্ৰেয়াছ আয়াৰক ২৬.৭৫ কোটি টকাত ক্ৰয় কৰা হয়। ইয়াৰ উপৰিও কেকেআৰৰ ভেংকটেশ আয়াৰক ২৩.৭৫ কোটি টকা চুক্তিবদ্ধ কৰা হৈছে।
আনহাতে, ২০২৫ চনৰ আই পি এলত কিছু গুৰুত্বপূৰ্ণ খেলুৱৈ আঘাতৰ বাবে এইবাৰ প্ৰথম কেইখন মান খেলৰ পৰা আঁতৰি থাকিব পাৰে। পিঠিৰ আঘাতৰ পৰা ক্ৰমান্বয়ে সুস্থ হৈ উঠিঠে যদিও জছপ্ৰীত বুমৰাহে মুম্বাই ইণ্ডিয়ানছৰ হৈ প্ৰথম কেইখনমান মেচত অংশ ল’ব নোৱাৰিব। ইয়াৰ উপৰিও এই ছিজনত আঘাতৰ বাবে আফগানিস্তানৰ তাৰকা এ এম গাজানফৰ খেলপথাৰৰ পৰা আঁতৰি থাকিব লাগিব। পিঠিৰ আঘাতৰ বাবে লক্ষ্ণৌৰ প্ৰথম কেইখনমান মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব তাৰকা বেগী বলাৰ মায়ংক যাদৱে। 
 
যদি আপুনি ষ্টেডিয়ামত আইপিএলৰ মেচ উপভোগ কৰিবলৈ সক্ষম নহয়, তেন্তে বিভিন্ন চেনেল আৰু ষ্ট্ৰীমিং সেৱাত মেচবোৰ উপভোগ কৰিব পাৰিব। ষ্টাৰ স্প’ৰ্টছ আৰু জিঅ’হটষ্টাৰত আইপিএলৰ মেচসমূহ আপুনি পোনপটীয়াকৈ চাব পাৰিব। 
মন কৰিবলগীয়া যে এইবাৰৰ আইপিএল চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেটৰ পথাৰৰ অন্যতম সফল ফিনিছাৰ মহেন্দ্ৰ সিং ধোনীৰ কেৰিয়াৰৰ অন্তিম ছিজন হোৱাৰ সম্ভাৱনা আছে। এই প্ৰশ্নৰ উত্তৰ এতিয়াও স্পষ্ট হোৱা নাই যদিও ধোনীৰ অনুৰাগীসকলে সদায় তেওঁক আই পি এলত সক্ৰিয় হৈ থকাটো বিচাৰে।
 
ধোনীক এইবাৰ ৪ কোটি টকাত চেন্নাইয়ে দলত ৰাখিছে আৰু এই বছৰ তেওঁৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। আই পি এল ২০২৫ত ক্ৰিকেট অনুৰাগীয়ে নতুন পৰিৱৰ্তন, ৰোমাঞ্চকৰ মেচ আৰু কেইবাগৰাকীও প্ৰতিভাৱান খেলুৱৈৰ প্ৰদৰ্শন উপভোগ কৰিব পাৰিব। এই প্ৰতিযোগিতাখন কেৱল খেলুৱৈৰ বাবেই নহয়, দৰ্শকৰ বাবেও এক অবিস্মৰণীয় অভিজ্ঞতা হিচাপে প্ৰমাণিত হ’ব।