নতুন দিল্লী
অলিম্পিকত স্বৰ্ণজয়ী ভাৰতৰ তাৰকা জেভেলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই যুগ্ম জীৱনৰ পাতনি মেলিছে। দেওবাৰে তেওঁ প্ৰেয়সী হিমানী ম'ৰৰ সৈতে বিবাহপাঁশত আৱদ্ধ হোৱা বুলি ঘোষণা কৰে। একান্ত ব্যক্তিগত এই অনুষ্ঠানটোৰ কেইবাখনো ছবিৰে নীৰজ চোপ্ৰাই নিজৰ অনুৰাগীৰ সৈতে তেওঁৰ বিবাহৰ খবৰ শ্বেয়াৰ কৰে।
৪০-৫০ জন ঘনিষ্ঠ অতিথিৰ উপস্থিতিত হিমাচলত নীৰজ আৰু হিমানীৰ বিবাহ অনুষ্ঠান সম্পন্ন হয়। নীৰজে পোষ্টটোৰ কেপচনত লিখিছে, "আমাক একেলগে এই মুহূৰ্তলৈ লৈ যোৱা প্ৰতিটো আশীৰ্বাদৰ বাবে কৃতজ্ঞ। আমি প্ৰেমৰ দ্বাৰা বান্ধ খাই সুখেৰে যুগ্ম জীৱন যাপন কৰিব বিচাৰিছো।" এইদৰে, জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰি দুবাৰৰ অলিম্পিক পদক বিজয়ীগৰাকীয়ে অনুৰাগীৰ পৰা সমৰ্থন আৰু আশীৰ্বাদ বিচাৰে।
এইখিনিতে হয়তো বহুতৰে মনত এটা প্ৰশ্নৰ উদয় হৈছে যে ছুপাৰষ্টাৰ নীৰজ চোপ্ৰাই জীৱনসংগী হিচাপে বাছি লোৱা হিমানী ম'ৰ প্ৰকৃততে কোন আৰু তেওঁ কি কৰে? আমি আপোনালোকক জনাব বিচাৰো যে নীৰজৰ পত্নী ২৫ বছৰীয়া হিমানী এগৰাকী টেনিছ খেলুৱৈ। ছোনিপাটৰ যুৱতীগৰাকীয়ে চহৰখনৰ লিটিল এঞ্জেলছ স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম হৈছে চান্দ ৰাম। হিমানীয়ে বৰ্তমান নিউ হাম্পশ্বেয়াৰৰ ফ্ৰেংকলিন পিয়ৰ্ছ বিশ্ববিদ্যালয়ত ক্ৰীড়া ব্যৱস্থাপনা (Sports Management)ত স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰি আছে।
ৰাজনীতি বিজ্ঞান আৰু শাৰীৰিক শিক্ষাত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা হিমানী হৈছে দিল্লীৰ মিৰাণ্ডা হাউছৰ প্ৰাক্তন ছাত্ৰী। তেওঁ ভাতৃ হিমাংশুও এজন টেনিছ খেলুৱৈ।
ভাৰতীয় ক্ৰীড়া ইতিহাসৰ অন্যতম সফল খেলুৱৈ হিচাপে পৰিগণিত নীৰজ চোপ্ৰাৰ হৃদয়ত স্থান পোৱা হিমানীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত ২০১৭ চনত টাইপেইত অনুষ্ঠিত বিশ্ব বিশ্ববিদ্যালয় গেমছত অংশগ্ৰহণ কৰিছিল। তেওঁৰ স্কুলৰ ৱেবছাইটত কোৱা হৈছে যে ২০১৬ চনত মালয়েছিয়াত অনুষ্ঠিত হোৱা বিশ্ব জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপত হিমানীয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
হাৰিয়ানাৰ পানীপটৰ ওচৰৰ খাণ্ড্ৰাত থকা নীৰজৰ ঘনিষ্ঠ বন্ধু ভীমে কয় যে, "দুদিন আগতে নীৰজ-হিমানীৰ ভাৰতত বিয়া সম্পন্ন হৈছিল। ক'ত হৈছিল সেই ঠাই মই ক'ব নোৱাৰিম। ছোৱালীজনী ছোনিপাটৰ আৰু তেওঁ আমেৰিকাত পঢ়া-শুনা কৰি আছে। তেওঁলোকে হানিমুনৰ বাবে ইতিমধ্যে দেশ এৰি গৈছে আৰু ক'লৈ গৈছে সেই ঠাইৰ বিষয়ে মই অৱগত নহয়।"
অল ইণ্ডিয়া টেনিছ এছ’চিয়েশ্যনৰ ৱেবছাইট অনুসৰি হিমানীৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় ৰেংকিং ২০১৮ চনত একক শাখাত ৪২ আৰু ডাবলছত ২৭সংখ্যক স্থান লাভ কৰিছিল। মেছাচুচেটছৰ আমহাৰ্ষ্ট কলেজেও তেওঁক মহিলা টেনিছৰ সহকাৰী প্ৰশিক্ষক হিচাপে তালিকাভুক্ত কৰিছে কাৰণ বেছিভাগ ছাত্ৰই তাত পঢ়াৰ লগতে আন কিবা কাম কৰিব পাৰে।