ভাৰতীয় ক্ৰিকেট জগতত শেহতীয়াকৈ খলকনিৰ সৃষ্টি কৰা কোন এই মুছীৰ খান

Story by  atv | Posted by  [email protected] • 7 d ago
মুছীৰ খান
মুছীৰ খান
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
ভাৰতীয় ক্ৰিকেট দলত নিজৰ প্ৰতিভা বিকাশেৰে সমগ্ৰ বিশ্বতে নিজৰ নাম গঢ়িবলৈ সক্ষম হৈছে মুম্বাইৰ বহু ক্ৰিকেটাৰে। তাৰে ভিতৰত অন্যতম হৈছে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ, কিংবদন্তী বেটছমেন সুনীল গাভাস্কাৰ, টীম ইণ্ডিয়াৰ অধিনায়ক তথা তাৰকা বেটছমেন ৰোহিত শৰ্মা।
 
দশক দশক ধৰি মুম্বাইৰ পৰা জন্ম লাভ কৰা ক্ৰিকেটাৰসকলৰ দীঘলীয়া শাৰীত শেহতীয়াকৈ আন এজন প্ৰতিভাৱান ক্ৰিকেটাৰ সন্নিবিষ্ট হৈছে। সোঁহতীয়া বেটছমেনজনে শেহতীয়াকৈ বেংগালুৰুত অনুষ্ঠিত ঐতিহ্যমণ্ডিত দুলীপ ট্ৰফীৰ চাৰিদিনীয়া মেচত ইণ্ডিয়া 'বি' দলৰ হৈ ১৮১ ৰানৰ পৰিপক্ক ইনিংছ খেলি ভাৰতীয় ক্ৰিকেট জগতত খলকনিৰ সৃষ্টি কৰিছে। যুৱ প্ৰতিভাবান ক্ৰিকেটাৰজনৰ নাম হৈছে মুছীৰ খান।
 
চলিত বৰ্ষৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচত ভাৰতীয় দলৰ হৈ অভিষেক ঘটোৱা ছৰফৰাজ খানৰ কনিষ্ঠ ভাতৃ মুছীৰে মুম্বাইৰ বিখ্যাত আজাদ ময়দানত পিতৃৰ তত্বাৱধানত ক্ৰিকেটৰ প্ৰশিক্ষণ লৈছিল। ছৰফৰাজ আৰু মুছীৰৰ পিতৃ নৌছাদ খান নিজে এগৰাকী প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছিল।
 
শতক অৰ্জন কৰাৰ পিছত মুছীৰ খান
 
বাওঁহতীয়া স্পিন বলিং কৰা বেটিং অলৰাউণ্ডাৰ মুছীৰে মাত্ৰ ৮ বছৰ বয়সতে মুম্বাইৰ কাংগা লীগ (Kanga Cricket League)ত অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হোৱাৰ অভিলেখ ভংগ কৰে। ইয়াৰ পূৰ্বে ছাৰফৰাজে এই অভিলেখ গঢ়িছিল যেতিয়া তেওঁ ১০ বছৰ বয়সত প্ৰথমখন কাংগা লীগৰ খেল খেলিছিল। ঘৰুৱা ক্ৰিকেটত একেৰাহে ধাৰাবাহিক প্ৰদৰ্শনৰ বাবে মুছীৰ খানে ২০২২ চনত  কোচ বিহাৰ ট্ৰফীৰ বাবে ১৯ বছৰ অনুৰ্ধ মুম্বাই দলত স্থান লাভ কৰে।
 
এই প্ৰতিযোগিতাখনেই তেওঁৰ বাবে ৰঞ্জি ট্ৰফী দলত প্ৰৱেশৰ এক সুযোগ হৈ পৰে। প্ৰতিযোগিতাখনত ৬৩২ ৰান আৰু ৩২টা উইকেটৰে মুছীৰে ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ৰ বঁটা লাভ কৰে আৰু ইয়াৰ পিছত তেওঁৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত প্ৰৱেশৰ পথ মুকলি হৈ পৰে।
 
২০২২-২৩ ছিজনত ৰঞ্জি ট্ৰফীত অভিষেক ঘটায় যদিও ভাল প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে প্ৰতিযোগিতাৰ শেষৰখন মেচত মূল একাদশত স্থান হেৰুৱায়। কিন্তু সোঁহতীয়া বেটছমেনগৰাকীয়ে জুনিয়ৰ পৰ্যায়ত পুনৰ চমকপ্ৰদ বেটিং প্ৰদৰ্শন দাঙি ধৰে।
 
মুছীৰ খান
 
২০২৩ চনৰ জানুৱাৰী মাহত ২৫ বছৰ অনুৰ্ধ চি কে নায়ুডু ট্ৰফীত মুছীৰে হায়দৰাবাদৰ বিৰুদ্ধে ৩৬৭টা বলত ৩৪ টা চাৰি আৰু ৯ টা ছয়ৰ সহায়ত ৩৩৯ ৰানৰ মাৰাথন ইনিংছ খেলে। পিছলৈ ২০২৩ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধৰ এদিনীয়া চেলেঞ্জাৰ ট্ৰফীৰ ফাইনেলত ইণ্ডিয়া 'বি'ৰ হৈ শতক (১৩৯) অৰ্জন কৰাৰ লগতে তিনিটা উইকেটো দখল কৰে।
 
সেই প্ৰদৰ্শনৰ ফলত তেওঁ প্ৰথমে ১৯ বছৰ অনুৰ্ধ এছিয়া কাপ আৰু তাৰ পিছত ২০২৪ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰে। ৭ খন মেচত ৩৬০ ৰান সংগ্ৰহ কৰি মুছীৰে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল। বাওঁহাতৰ যাদুকৰী স্পিনৰ জৰিয়তে তেওঁ ৭ টা উইকেটো লাভ কৰিছিল।
 
জ্যেষ্ঠ ভাতৃ চৰফৰাজ আৰু পিতৃ নৌছাদ খানৰ সৈতে মুছীৰ খান
 
ইয়াৰ পিছত আত্মবিশ্বাসী মুছীৰে ২০২৩-২৪ৰ ৰঞ্জি ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত বৰোদাৰ বিৰুদ্ধে দ্বিশতক (২০৩) অৰ্জন কৰি আকৌ এবাৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰে। ইফালে, বিদৰ্ভৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ ফাইনেলত তেওঁ শতক অৰ্জন কৰি নিজকে অধিক পৰিপক্ক আৰু দক্ষ বেটছমেন হিচাপে পৰিচয় দিয়ে। ১৯ বছৰ বয়সত ৰঞ্জি ট্ৰফীৰ ফাইনেলত শতক অৰ্জন কৰি মুছীৰ মুম্বাইৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।
 
উল্লেখ্য যে, বেংগালুৰুত অলপতে অনুষ্ঠিত দুলীপ ট্ৰফীৰ প্ৰথম ৰাউণ্ডৰ মেচখনত ইণ্ডিয়া এৰ বিৰুদ্ধে ইণ্ডিয়া বি দলটো মাত্ৰ ৯৩ ৰানৰ ভিতৰত ৭টাকৈ উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হৈছিল। তেনে এক জটিল সময়তো ধৈৰ্য আৰু সংযমেৰে বেটিং কৰি তেওঁ ৩৭৩ বলত ১৮১ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে আৰু ইণ্ডিয়া বি দলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে। এই প্ৰদৰ্শনেৰে মুছীৰ খান এতিয়া ভাৰতীয় ক্ৰিকেট জগতত এক চিনাকি নাম হৈ পৰিছে।
 
ঘৰুৱা ক্ৰিকেটত এইদৰে ধাৰাবাহিক প্ৰদৰ্শনেৰে তেওঁ ইতিমধ্যে ৰাষ্ট্ৰীয় নিৰ্বাচক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিছে। বিচিচিআইৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, নিৰ্বাচক মণ্ডলীয়ে তেওঁক চলিত বৰ্ষৰ শেষৰ ফালে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় 'এ' দলত স্থান দিব আৰু ইয়াৰ পিছত ক্ৰমান্বয়ে তেওঁক টেষ্ট দলৰ বাবে সাজু কৰি তুলিব। ভাৰতীয় 'এ' দলটোৱে অষ্ট্ৰেলিয়াত ৩খন অনানুষ্ঠানিক টেষ্ট (৪ দিনীয়া মেচ) খেলিব। এনে পৰিস্থিতিত ভাতৃ ছৰফৰাজৰ সৈতে মুছীৰ খানক টীম ইণ্ডিয়াৰ জাৰ্চিত দেখিবলৈ হয়তো বেছি দিন নালাগিব।