নতুন দিল্লী
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৫ ৰ বাবে মুম্বাই ইণ্ডিয়ানছে আফগানিস্তানৰ স্পিনাৰ আল্লাহ গজানফাৰক চুক্তিবদ্ধ কৰিছে। কলকাতা নাইট ৰাইডাৰ্ছ (KKR) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)ৰ দৰে দলেও তেওঁক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ বহু চেষ্টা কৰিছিল যদিও শেষত এম আইয়ে অধিক মূল্য দি তেওঁক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।
যোৱা বছৰ আল্লাহ গজানফাৰ কলকাতা নাইট ৰাইডাৰ্ছ দলৰ সৈতে আছিল যদিও এখনো মেচ খেলাৰ সুযোগ নাপালে। এইবাৰ যুৱ খেলুৱৈজনে হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত মুম্বাই ইণ্ডিয়ানছ (MI)ৰ হৈ খেলিব। ৫ বাৰৰ আই পি এল চেম্পিয়ন দলটোৱে ৫০ লাখ টকাত ক্ৰয় কৰা কৰণ শৰ্মাৰ সৈতে এম আই দলৰ দ্বিতীয়জন স্পেচিয়েলিষ্ট স্পিনাৰ মাত্ৰ।
উইকেট লৈ ফুৰ্তি কৰা মুহূৰ্তত আল্লাহ গজানফাৰ
আফগানিস্তানৰ পাকতিয়াত জন্মগ্ৰহণ কৰা আল্লাহ গজানফাৰে এতিয়াও আন্তঃৰাষ্ট্ৰীয় টি-২০ (টি-২০আই) মেচ খেলা নাই। অৱশ্যে নিজৰ কেৰিয়াৰত এতিয়ালৈকে ১৬ খন টি-২০ মেচত তেওঁ ২৯ টা উইকেট দখল কৰিছে, য’ত দুখনকৈ খেলত ৪ টা উইকেট দখল কৰিছিল। যুৱ খেলুৱৈগৰাকীয়ে ৪.৩৬ ৰ ভাল ইকনমি ৰেটত ১২ টা উইকেট দখল কৰি ৮ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।
চলিত মাহৰ আৰম্ভণিতে শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত তিনিখন খেলৰ শৃংখলাৰ প্ৰথমখন এদিনীয়াত বাংলাদেশৰ বেটিং লাইনআপত আধিপত্য বিস্তাৰ কৰিছিল আল্লাহ গাজানফৰে। ৬.৩ অভাৰত মাত্ৰ ২৬ ৰানত ৬ টা উইকেট দখল কৰিছিল আৰু এটা মেডেন অভাৰ কৰিবলৈও সক্ষম হৈছিল। তেওঁৰ এই প্ৰদৰ্শনে আফগানিস্তানক ৯২ ৰাণেৰে জয়লাভ কৰাত সহায় কৰে আৰু তেওঁক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰে।
ওমানত অনুষ্ঠিত হোৱা পুৰুষৰ উদীয়মান এছিয়া কাপতো আল্লাহ গজানফাৰে অংশগ্ৰহণ কৰিছিল, য’ত আফগানিস্তানে চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰিছিল। ভাৰতৰ বিৰুদ্ধে খেলখনত অভিষেক শৰ্মা আৰু প্ৰভসীমৰণ সিঙৰ উইকেট দখল কৰি তেওঁ তীব্ৰ প্ৰভাৱ পেলাইছিল।
বাংলাদেশৰ বিৰুদ্ধে সুন্দৰ বলিং কৰা আল্লাহ গজানফাৰ
আল্লাহ গজানফাৰে ঘৰুৱা ক্ৰিকেটৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় লীগত খেলাৰ অভিজ্ঞতা লাভ কৰিছে। টি-১০ লীগত টিম আবুধাবি, আফগানিস্তানৰ ক্ৰিকেট শ্বপাগীজা লীগত মিছ আইনাক নাইটছ, লংকা প্ৰিমিয়াৰ লীগ (এল পি এল)ত কলম্বো ষ্ট্ৰাইকাৰছক প্ৰতিনিধিত্ব কৰিছিল।
চৌদি আৰৱৰ জেদ্দাত নিলামৰ সময়ত আল্লাহ গজানফাৰৰ নিলামৰ আৰম্ভণি হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ পৰা। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে (RCB) যোগদান কৰিলে যদিও ২.২০ কোটিৰ পৰা আৰু আগুৱাই নগ'ল। এইখিনিতে মুম্বাই ইণ্ডিয়ানছ (MI)য়ে নিবিদাত প্ৰৱেশ কৰে। কেকেআৰে ৰহস্যময় স্পিনাৰজনক পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা চলোৱাৰ পিছতো অৱশেষত মুম্বাই ইণ্ডিয়ানছে ৪.৮০ কোটি টকাৰ বিনিময়ত তেওঁক নিজৰ দলত অন্তৰ্ভুক্ত কৰিলে।