২৬ বছৰ বসয়তে কিংবদন্তি খো খো খেলুৱৈ নাছৰিন শ্বেইখে কিয় অৱসৰ ল'লে

Story by  atv | Posted by  Munni Begum • 2 h ago
ৰাষ্ট্ৰপতি ভৱনত অৰ্জুন বঁটা লাভ কৰাৰ পিছত পিতৃ-মাতৃৰ সৈতে খো খো খেলুৱৈ নাছৰিন শ্বেইখ
ৰাষ্ট্ৰপতি ভৱনত অৰ্জুন বঁটা লাভ কৰাৰ পিছত পিতৃ-মাতৃৰ সৈতে খো খো খেলুৱৈ নাছৰিন শ্বেইখ
 
প্ৰজ্ঞা শিন্দে
 
ভাৰতে খো খো বিশ্বকাপত খিতাপ জয় কৰাৰ পিছতে অৱসৰৰ কথা ঘোষণা কৰে দেশৰ কিংবদন্তী খো খো খেলুৱৈ নাছৰীন শ্বেইখে। কিন্তু তেওঁৰ আকস্মিক অৱসৰে অনুৰাগীসকলক আচৰিত কৰি তুলিছে আৰু তেওঁলোকক ভাবিবলৈ বাধ্য কৰাইছে যে খেলপথাৰত সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত থকাৰ সময়তে নাছৰীণ শ্বেইখে হঠাতে কিয় খেল ত্যাগ কৰিলে।
 
এই সন্দৰ্ভত ২৬ বছৰীয়া তাৰকাগৰাকীয়ে কয়, ‘১২ বছৰীয়া ক্ৰীড়া কেৰিয়াত মই বহুখিনি সফলতা অৰ্জন কৰিছো। অৰ্জুন বঁটাও লাভ কৰিছো আৰু এতিয়া ভাৰতৰ হৈ সোণৰ পদক লাভ কৰিলো। গতিকে, মই উদীয়মান খেলুৱৈসকলৰ বাবে পথ মুকলি কৰিবলৈ অৱসৰৰ সিদ্ধান্ত লৈছো।’
 
খো খো খেলুৱৈ নাছৰিন শ্বেইখে অৰ্জুন বঁটা গ্ৰহণ কৰাৰ এক মূহুৰ্ত
 
খো খোত নাছৰীণৰ উত্থানৰ ফলতে এই ভাৰতীয় ক্ৰীড়াবিধে বিশ্বব্যাপী জনপ্ৰিয়তা লাভ কৰা বুলি ক’লেও অতিৰঞ্জিত কৰা নহয়। অৰ্জুন বঁটা বিজয়ী খেলুৱৈগৰাকীয়ে কয়, "বিদেশী দলসমূহে খো খোৰ সৈতে কেনেদৰে খাপ খাই পৰিছে, সেয়া দেখি মই আচৰিত হৈছো আৰু নিশ্চিত যে ই এদিন অলিম্পিকত অন্তৰ্ভুক্ত হ’ব।" 
 
উল্লেখ্য যে, এগৰাকী আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় খো খো খেলুৱৈলৈ নাছৰীণৰ উত্থানৰ কাহিনী অতি সোনকালে ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব,  কিয়নো ভাৰতীয় খো খো ফেডাৰেচনে তেওঁৰ প্ৰেৰণাদায়ক যাত্ৰাৰ ওপৰত এখন ছবি নিৰ্মাণ কৰি আছে। পৰ্যাপ্ত সা-সুবিধাৰ অভাৱৰ মাজতো নাছৰীণে নিজৰ জন্মগত এথলেটিক প্ৰতিভাক নিখুঁত কৰি তুলিছিল। তেওঁৰ দেউতাক মহম্মদ গাফুৰ এজন হকাৰ আৰু দিন হাজিৰা কৰা শ্ৰমিক আছিল, যিয়ে নিজৰ সামান্য উপাৰ্জনেৰে ১১টা ল’ৰা-ছোৱালীৰে ভাৰ এটা বৃহৎ পৰিয়ালৰ যত্ন ল’বলগীয়া হৈছিল। তথাপিও তেওঁ নাছৰীণক সকলো ধৰণেৰে সহায়ৰ হাত আগবঢ়াইছিল।
 
উন্নত জীৱনৰ সন্ধানত বিহাৰৰ আৰিয়াৰ পৰা দিল্লীলৈ আহিছিল পৰিয়ালটো। পত্নী, ছয়গৰাকী কন্যা আৰু পাঁচজন পুত্ৰক লৈ গঠিত বৃহৎ পৰিয়ালটোক পোহপাল দিবলৈ মহম্মদ গাফুৰে অতিৰিক্ত সময় আৰু একাধিক স্থানত বাচন-বৰ্তন বিক্ৰী কৰি কাম কৰিছিল। ডাঙৰ ছোৱালীজনীক সহায় কৰিব নোৱাৰিলেও প্ৰতিভাৱান নাছৰীণক তেওঁ সকলো দিশতে আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছিল।
 
বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত এগৰাকী বিষয়াৰ সৈতে নাছৰিন শ্বেইখ
 
আৰম্ভণি সময়ছোৱাত নাছৰীণ আৰু তেওঁৰ মাক-দেউতাকে বিভিন্ন সামাজিক বাধাৰো সন্মুখীন হৈছিল। এগৰাকী ছোৱালী খেলিবলৈ ওলাই যোৱা আৰু বডি ছুট পিন্ধাটো মুছলমান ৰক্ষণশীল সমাজখনে সহজভাৱে লোৱা নাছিল। এনেকুৱা এটা পৰিৱেশৰ পৰা গৈ ২০২৪ চনত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা নাছৰীণে অৰ্জুন বঁটা লাভ কৰা দেখি তেওঁৰ পিতৃ-মাতৃৰ বুকু গৌৰৱত উফন্দি উঠিছে। এয়া আছিল তেওঁলোকৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্ত।
 
মন কৰিবলগীয়া যে, অতি কম বয়সতে নাছৰীণৰ এই খেলৰ প্ৰতি প্ৰেম আৰু আৱেগ গঢ় লৈ উঠিছিল। তেওঁৰ প্ৰতিভা আৰু আগ্ৰহ লক্ষ্য কৰি দিল্লীৰ কোহাট এনক্লেভৰ এখন বিদ্যালয়ৰ শিক্ষকসকলে নাছৰীণক খো খো খেলিবলৈ পৰামৰ্শ দিছিল, আৰু এইটোৱে তেওঁৰ জীৱনৰ টাৰ্ণি পইণ্ট হিচাপে পৰিগণিত হয়। 
 
নাছৰীণৰ কেৰিয়াৰৰ সবাতোকৈ ডাঙৰ মুহূৰ্তটো আহিছিল ২০১৯ চনত, যেতিয়া তেওঁ দক্ষিণ এছিয়ান গেমছৰ বাবে ভাৰতীয় খো খো দলৰ অধিনায়ক হৈছিল। তেওঁৰ নেতৃত্বত ভাৰতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। এতিয়ালৈকে ৫০খন ৰাষ্ট্ৰীয় ইভেণ্ট আৰু ছটা আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত নাছৰীণে অংশগ্ৰহণ কৰিছে। বৰ্তমান বিশ্বৰ ৩৮খন দেশত খো খো খেলা হয়।
 

দক্ষিণ এছিয়ান গেমছত বিশ্বকাপৰ সৈতে নাছৰিন শ্বেইখ
 
শ্বেইখে কয়, “আমাৰ পৰিয়ালত পুৰুষসকলে মহিলাসকলক বাহিৰলৈ ওলাই যাবলৈ দিয়াটো এক বিলাসীতা। ডাঙৰ হোৱাৰ লগে লগে খো খোৰ প্ৰতি মোৰ প্ৰেমে মোক সেই বিলাসীতাক অধিকাৰ হিচাপে পুনৰ লাভ কৰিবলৈ বাধ্য কৰালে। ইয়াৰ বাবে মই মূল্য ভৰিবলগীয়া হৈছিল যে মোৰ ভাইটিয়ে ডেৰ দশক ধৰি মোৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰি ৰাখিছিল।"
 
উল্লেখযোগ্য যে, ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকত প্ৰদৰ্শনী ক্ৰীড়া হিচাপে কাবাডী আৰু মাল্লাখাম্বৰ সমান্তৰালকৈ অন্তৰ্ভুক্ত হৈছিল খো খো খেল। তিনিবিধ থলুৱা খেলৰ ভিতৰত খো খো অন্যতম আছিল। ই এক প্ৰাগঐতিহাসিক ভাৰতীয় খেল, যিয়ে খেলুৱৈৰ ষ্টেমিনা আৰু গতিশীলতাৰ পৰীক্ষা লয়। শাৰীৰিক শিক্ষাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী নাছৰীণে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষত কাম কৰে। শেহতীয়াকৈ তেওঁ নিজৰ পৰিয়ালৰ বাবে এটা ঘৰ সাজিছে আৰু তাত থাকিবলৈ লৈছে।
 
শৈশৱৰ কথা স্মৰণ কৰি নাছৰীণে কয় যে যেতিয়া তেওঁ খো খোক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাৰ ইচ্ছাৰ কথা কৈছিল, তেতিয়া তেওঁৰ দেউতাক সমস্যাত পৰিছিল। অৱশ্যে পিছত তেওঁ নাছৰীণক উৎসাহিত কৰি প্ৰশিক্ষকৰ ওচৰলৈ পঠিয়াই দিছিল। তেওঁলোকৰ স্থানীয় অঞ্চলত ছোৱালীয়ে খেল খেলাটো আছিল অতি বিৰল ঘটনা। পৰিয়ালক আঘাত দিব পৰা বিতৰ্ক আৰু সৰু সৰু কথাৰ পৰা হাত সাৰিবলৈ তেওঁ অনুশীলনলৈ যোৱাৰ সময়ত সময়ত বোৰ্খা পিন্ধি গৈছিল। পিছত তেওঁ যাতায়তৰ বাবে স্কুটাৰ এখন কিনিছিল।
 
ভাৰতে বিশ্বকাপ জয়ৰ আনন্দ উদযাপন কৰাৰ সময়ত ডাঃ শিখাৰ সৈতে নছৰিন শ্বেইখ
 
উল্লেখ্য যে, দিল্লীত গুৰু অশ্বিন শৰ্মা আৰু এম এছ ত্যাগীৰ নিৰ্দেশনাত নাছৰীণে খো খোৰ কৌশল শিকিছিল। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফলত তেওঁ ২০১৬ চনত ইন্দোৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় খো খো চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হয়, য’ত ১০খন দেশে অংশগ্ৰহণ কৰে। ২০১৮ চনত লণ্ডনত অনুষ্ঠিত হোৱা খো খো চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হোৱা নাছৰীণ প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।
 
নাছৰীণে পুৱা ৫ বজাৰ পৰা ১০ বজালৈ ফিল্ড প্ৰেকটিছেৰে দিনটো আৰম্ভ কৰে। অৱশেষত তেওঁ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিলে আৰু তেওঁৰ নেতৃত্বত ২০১৯ চনৰ দক্ষিণ এছিয়ান গেমছত ভাৰতে স্বৰ্ণ পদক লাভ কৰে। তাৰ পিছত নাছৰীণে কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই। ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ছোৱাত দেউতাকৰ ব্যৱসায় স্তব্ধ হৈ পৰাৰ বাবে পৰিয়ালটো তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হয়। খো খো ফেডাৰেচন আৰু দিল্লী যুৱ কল্যাণ সংস্থাই তেওঁক আৰ্থিক সাহায্য প্ৰদান কৰে।
 
ক’ৰ’না মহামাৰীৰ পাছত অতি সোনকালে মেচ আৰম্ভ হোৱাৰ আশাত নাছৰীনে ঘৰৰ ওচৰৰ পাৰ্ক আৰু টেৰেচত অনুশীলন চলাইছিল। ‘খো-খো হৈছে সমন্বয় আৰু গতিৰ ওপৰত নিৰ্ভৰশীল এক ৰোমাঞ্চকৰ খেল। গতিকে মই স্থানীয় ল’ৰা-ছোৱালীক এক গোট কৰি টেৰেচত খো খো খেলিছিলো, যিয়ে মোৰ গতি আৰু সমন্বয়ৰ অভ্যাস কৰাত সহায় কৰিছিল।’-নাছৰীণে কয়। উল্লেখ্য যে, নাছৰীণৰ সফলতাৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ দুগৰাকী কনিষ্ঠ ভগ্নীয়েও খো খোক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিছে।


শেহতীয়া খবৰ