তাৰিক আনোৱাৰ/নতুন দিল্লী
মানুহৰ ভিৰেৰে ভৰা পথ, কোলাহলপূৰ্ণ বজাৰ, সৰু সৰু গাড়ী-মটৰৰ ব্যস্ততাৰে ভৰা মুছলমান অধ্যুষিত অঞ্চল কলকাতাৰ পাৰ্ক চাৰ্কাছ। এই সৰু অঞ্চলটোৰ পৰাই আৰম্ভ হৈছিল এগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰৰ জীৱন কাহিনী। সম্প্ৰতি তেওঁ মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আছে। বাওঁহতীয়া স্পিনাৰগৰাকীয়ে ইতিমধ্যে ভাৰতীয় এদিনীয়া আৰু টি-২০ দলকো প্ৰতিনিধিত্ব কৰিছে। তেওঁ হৈছে ২৮ বছৰীয়া ছাইকা ইছাক।
ছোৱালীক কেতিয়াও খেলা-ধূলাৰ সৈতে জড়িত নকৰা এটা পিছপৰা অঞ্চলৰ পৰা অহা ছাইকাক ক্ৰিকেটৰ সৈতে পৰিচয় কৰাই দিছিল তেওঁৰ পিতৃ মহম্মদ ইছাকে। কিন্তু ২০০৮ চনত ছাইকাৰ বয়স ১৩ বছৰ হওতে তেওঁৰ পিতৃৰ মৃত্যু হয়। তাৰ পিছত ছাইকা ইছাকে প্ৰশিক্ষক তথা বংগৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু বাওঁহতীয়া স্পিনাৰ ছিৱসাগৰ সিঙৰ পৰা স্পিন বলিঙৰ কৌশল শিকিছিল।
খেলপথাৰত ছাইকা ইছাক
শৈশৱৰ পৰা ছাইকাৰ প্ৰতিভা দেখিবলৈ পোৱা ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ঝুলন গোস্বামীয়ে আৱাজ-দ্য ভইচক কয় যে, "ছাইকাই হাতত বেট আৰু বল তুলি লোৱাৰ মুহূৰ্ততে মই তেওঁৰ চকুত জুই দেখিছিলো। তেওঁৰ মাজত কিবা এটা বিশেষ প্ৰতিভা আছে বুলি মই তেতিয়াই কৈছিলো। প্ৰতিভাৰ লগতে তেওঁৰ দুচকুত আছিল সফলতা অৰ্জনৰ দুৰ্বাৰ হেপাঁহ আৰু উদ্যম।"
ছাইকাৰ সংগ্ৰামৰ বিষয়ে তেওঁৰ কিছুদিনৰ প্ৰশিক্ষক গোস্বামীয়ে কয়, “এটা সময়ত ছাইকাৰ কিট কিনিবলৈ টকা নাছিল, কাৰো পৰা সমৰ্থন পোৱা নাছিল। কিন্তু সেইবোৰ কথাই তেওঁক বাধা দিব পৰা নাছিল। তাই অত্যন্ত দৃঢ়প্ৰতিজ্ঞ আছিল।”
কিশোৰ অৱস্থাত মাক-দেউতাক আৰু ভাতৃৰ সৈতে ছাইকা
উল্লেখ্য যে, কালিঘাট ক্লাবৰ সৈতে ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰি ছাইকাই ১৯ বছৰ অনুৰ্ধ আৰু ২৩ বছৰ অনুৰ্ধ দুয়োখন প্ৰতিযোগিতাতে পশ্চিম বংগক প্ৰতিনিধিত্ব কৰিছিল। ২০২৩ চনত উদ্বোধনী মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ৰ সময়ত মুম্বাই ইণ্ডিয়ানছৰ স্কাউটসকলে তেওঁৰ প্ৰতিভা চিনাক্ত কৰাৰ লগে লগে তেওঁৰ জীৱনলৈ এই টাৰ্নিং পইণ্টটো আহিছিল। ইণ্ডিয়া গ্ৰীণ উইমেন, ইণ্ডিয়া এ, আৰু ইণ্ডিয়া ডি দলৰ হৈ ছিনিয়ৰ মহিলা এদিনীয়া প্ৰতিযোগিতাতো খেলা ছাইকাই ২০২২ চনত মহিলা টি-২০ চেলেঞ্জত ট্ৰেইলব্লেজাৰ্ছ দলৰ হৈ খেলিছিল।
তেওঁ প্ৰথম ডব্লিউ পি এল ছিজনত ১০খন মেচত ১৫টা উইকেট দখল কৰি লীগৰ অন্যতম আশাব্যঞ্জক খেলুৱৈ হিচাপে গঢ়ি তুলিছিল। এবাৰ তেওঁ কৈছিল, “মই ইয়াত কেৱল খেলিবলৈ অহা নাই। মই ইয়াত উইকেট ল’বলৈ আহিছো।”
টিমমেটৰ সৈতে ছাইকা
ইয়াৰ কিছুদিন পিছতে ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ ছিৰিজত তেওঁ ভাৰতৰ হৈ অভিষেক ঘটোৱাৰ গৌৰৱ অৰ্জন কৰে। দেশৰ হৈ খেলি তিনিখন মেচত তেওঁ পাঁচটা উইকেট দখল কৰি অনন্য প্ৰতিভা প্ৰদৰ্শন কৰিবলৈও সক্ষম হয়। ২০২৩ৰ ৬ ডিচেম্বৰত টি-২০ অভিষেক ঘটাৰ কেইদিনমান পিছত ছাইকাই ২৮ ডিচেম্বৰত ভাৰতীয় ছিনিয়ৰ মহিলাৰ এদিনীয়া দলৰ হৈও খেলাৰ সুযোগ পায়। কিন্তু তেতিয়াৰ পৰা তেওঁ ভাৰতীয় দলৰ পৰা প্ৰায় দুবছৰ ধৰি বাহিৰত থাকিবলগীয়া হৈছে।
ভাৰতৰ মহিলা জাতীয় দলৰ অধিনায়িকা হৰমনপ্ৰীত কৌৰে কয় যে ছাইকা ইছাকৰ উইকেট লোৱাৰ মানসিকতা আছে আৰু সেইটোৱেই তেওঁক বিশেষ খেলুৱৈ কৰি তোলে।
কলকাতাৰ পাৰ্ক চাৰ্কাছৰ পিছপৰা অঞ্চলৰ পৰা বিশ্ব মঞ্চলৈ ছাইকাৰ এই যাত্ৰা সপোন দেখাৰ সাহস কৰা প্ৰতিগৰাকী ছোৱালীৰ বাবে এক জয় আৰু এক প্ৰেৰণা। আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে কয় যে, "এয়া মাত্ৰ আৰম্ভণিহে। কেৰিয়াত অৰ্জন কৰিবলৈ আৰু বহুত আছে।"