ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীঃ ভাৰতীয় টেষ্ট দলত কিয় স্থান নাপালে মহম্মদ ছামীয়ে

Story by  atv | Posted by  [email protected] • 29 d ago
টীম ইণ্ডিয়াৰ হৈ উইকেট দখলৰ পিছত মহম্মদ ছামীৰ প্ৰতিক্ৰিয়া (ফাইল ফটো)
টীম ইণ্ডিয়াৰ হৈ উইকেট দখলৰ পিছত মহম্মদ ছামীৰ প্ৰতিক্ৰিয়া (ফাইল ফটো)

নতুন দিল্লী

২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থত আৰম্ভ হ’বলগীয়া ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ১৮ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰিছে। শুকুৰবাৰে নিশা ঘোষণা কৰা এই দলটোত অভিমন্যু ঈশ্বৰন, হৰ্ষিত ৰাণা, আৰু নীতিশ কুমাৰ ৰেড্ডীক নতুন খেলুৱৈৰ ৰূপত সংযোজন কৰা হৈছে। অভিজ্ঞ বেগী বলাৰ মহম্মদ ছামীৰ অনুপস্থিতিত যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজে ভাৰতৰ পেচ বলিং আক্ৰমণক নেতৃত্ব দিব।
 
ইংলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত বংগৰ উদীয়মান বেগী বলাৰ আকাশ দীপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। আনহাতে প্ৰসিদ্ধ কৃষ্ণই ষ্ট্ৰেছ সুস্থ হৈ পুনৰ দললৈ উভতিছে। কৰ্ণাটকৰ ছিমাৰগৰাকীয়ে শেহতীয়াকৈ ইণ্ডিয়া এৰ দুলীপ ট্ৰফী জয়ৰ সময়ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল।
ইয়াৰ মাজতে আটাইতকৈ উল্লেখযোগ্য কথা হ’ল যে গোৰোহাৰ অস্ত্ৰোপচাৰৰ পৰা সুস্থ হ’বলৈ পৰিশ্ৰম কৰি থকা তাৰকা বেগী বলাৰ মহম্মদ ছামীৰ অনুপস্থিতি। পূৰ্বৰ আঘাতৰ পৰা তেওঁ ক্ৰমাত সুস্থ হৈছে যদিও শেহতীয়াকৈ আঁঠু ফুলা ৰোগৰ বাবে ছামী হয়তো টেষ্ট দলৰ পৰা বাহিৰত থাকিবলগীয়া হয়। ইয়াৰ লগে লগে অভিজ্ঞ বেগী বলাৰগৰাকীৰ কেৰিয়াক লৈও অনিশ্চয়তা আৰু সন্দেহৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, ছামীয়ে নেটত বলিং কৰি থকাৰ এটা ভিডিঅ’ তাৰকাগৰাকীয়ে দেওবাৰে নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ভাৰতৰ বহু জয়ৰ নায়ক মহম্মদ ছামীয়ে বিগত ২০২৩ আইচিচি এদিনীয়া বিশ্বকাপৰ সময়ত ভাৰতৰ হৈ অন্তিমবাৰৰ বাবে খেলিছিল। মেগা ইভেণ্টখনত ভাৰতে ফাইনেললৈ উন্নীত হোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰি তেওঁ  ২৪ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। 
 
অষ্ট্ৰেলিয়াগামী দলটোত ৰিজাৰ্ভ খেলুৱৈ হিচাপে মুকেশ কুমাৰ, নৱদীপ ছাইনী, আৰু খলিল আহমেদক ৰখা হৈছে। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিক উন্নত প্ৰদৰ্শনৰ বাবে বংগৰ অপেনাৰ অভিমন্যু ঈশ্বৰনক অধিনায়ক ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালৰ সৈতে তৃতীয়গৰাকী অ’পেনাৰ হিচাপে দলটোত অন্তৰ্ভুক্ত কৰা হৈছে।