অসমৰ ক্ৰীড়া ইতিহাসত ২০২৪ বৰ্ষটো কিয় সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ব

Story by  Mukut Sarma | Posted by  Munni Begum • 2 d ago
এদিনীয়া অভিষেকত উইকেট দখল কৰি উল্লসিত ৰিয়ান পৰাগ আৰু পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত লাভলীনা বৰগোঁহাইৰ প্ৰতিক্ৰিয়া
এদিনীয়া অভিষেকত উইকেট দখল কৰি উল্লসিত ৰিয়ান পৰাগ আৰু পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত লাভলীনা বৰগোঁহাইৰ প্ৰতিক্ৰিয়া
 
মুকুট শৰ্মা / গুৱাহাটী
 
২০২৪ বৰ্ষটো অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আছিল এক পাহৰিব নোৱাৰা ক্ষণ। কিয়নো, অসমবাসীয়ে বহু দশক ধৰি দেখি থকা দূৰ্বাৰ সপোন পূৰণ কৰিছে ২০২৪ বৰ্ষটোৱে। বিশেষকৈ অসমৰ ক্ৰিকেট ইতিহাসত ২০২৪ বৰ্ষটো চিৰদিন সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ব। 
 
বিদায় বেলাত উপনীত হোৱা এই বছৰটোতে অসমৰ দুগৰাকীকৈ ক্ৰিকেটাৰে ভাৰতীয় ছিনিয়ৰ দলক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখনক ধন্য কৰিছে। তেওঁলোক হৈছে টীম ইণ্ডিয়াৰ উদিত তাৰকা ৰিয়ান পৰাগ আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নৱতম উইকেটৰক্ষক উমা চেত্ৰী। 
 
ভাৰতীয় ছিনিয়ৰ মহিলা দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া উমা চেত্ৰী
 
একেদৰে, বছৰটোৰ শেষৰ ফালে এগৰাকী অসম সন্তানে বিশ্বৰ সবাতোকৈ ঐশ্বৰ্যশালী ক্ৰিকেট ব'ৰ্ড বিচিচিআইৰ মূৰব্বীৰ আসনত বহিছে। অসমৰ জেষ্ঠ অধিবক্তা, প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ তথা দক্ষ ক্ৰিকেট প্ৰশাসক দেৱজিত শইকীয়া বিচিচিআইৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে নিযুক্ত হোৱাটো অসমবাসীৰ বাবে নিসন্দেহে এক গৌৰৱ আৰু আনন্দৰ কথা।       
 
টীম ইণ্ডিয়াত ৰিয়ান পৰাগঃ 
 
দিনটো আছিল ২০২৪ৰ ২৪ জুন। সন্ধিয়া প্ৰায় ৫.৩০ বজাত বিচিচিআইৰ ফালৰ পৰা আহিছিল সেই বহু প্ৰত্যাশিত খবৰটো। বহু অপেক্ষা, বহু আক্ষেপ আৰু বহু যুঁজৰ মূৰত এজন অসমীয়াই ভাৰতীয় ক্ৰিকেট দললৈ আমন্ত্ৰণ লাভ কৰে। গৌতম দত্ত, জাভেদ জামান, আবু নেছিম আহমেদ, জাকাৰিয়া জুফ্ৰী, জাভেদ জামান, ৰাজেশ বৰা, কৃষ্ণ দাস আদিয়ে অসমৰ ক্ৰিকেটপ্ৰেমীৰ দুচকুত জগাই তোলা দুৰ্বাৰ সপোনক এই দিনটোতে সাকাৰ ৰূপ দিছিল প্ৰতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগে। 
 
জিম্বাব'ৱে ভ্ৰমণৰ বাবে বিচিচিআই-এ ঘোষণা কৰা ভাৰতীয় দলত ২৩ বছৰীয়া ৰিয়ানে স্থান লাভ কৰাৰ লগে লগে অসমৰ ক্ৰীড়া জগতত এক নতুন অধ্যায়ৰ সূচনা হয়। কিয়নো, ইয়াৰ পূৰ্বে গৌতম দত্ত, জাভেদ জামান, আবু নেছিম আহমেদ, জাকাৰিয়া জুফ্ৰী, কৃষ্ণ দাস আদিৰ দৰে অসমৰ বহু কেইগৰাকী দক্ষ ক্ৰিকেটাৰে ঘৰুৱা ক্ৰিকেটত উত্‍কৃষ্ট প্ৰদৰ্শনেৰে টীম ইণ্ডিয়াৰ দুৱাৰত টোকৰ মাৰিছিল। তেওঁলোকে ইণ্ডিয়া 'এ' আৰু 'ৰেষ্ট অৱ ইণ্ডিয়া' দলক প্ৰতিনিধিত্ব কৰি ভাৰতীয় ছিনিয়ৰ দলত প্ৰৱেশৰ সম্ভাৱনা সৃষ্টি কৰিছিল যদিও শেষ মুহূৰ্তত থমকি ৰৈছিল। 
 
কোহলিৰ পৰা ৰিয়ান পৰাগে এদিনীয়া দলৰ কেপ গ্ৰহণৰ এই বিৰল ক্ষণ অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে
 
কিন্তু বিৰল প্ৰতিভাৱান ৰিয়ানে ঘৰুৱা ক্ৰিকেট আৰু ঐশ্বৰ্যশালী আইপিএলত একপ্ৰকাৰ ৰানৰ জোৱাৰ তুলি সকলো বাধা অতিক্ৰম কৰে আৰু অসম্ভৱক সম্ভৱ কৰি ভাৰতীয় ছিনিয়ৰ দলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।  
 
উল্লেখ্য যে, ২০০১ৰ ১০ নৱেম্বৰত গুৱাহাটীত জন্মলাভ কৰা ৰিয়ান পৰাগে ২০২৪ৰ আইপিএলত ৪টা অৰ্ধশতকসহ মুঠ ৫৭৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। প্ৰতিপক্ষৰ যিকোনো বলাৰক সাহসেৰে মোকাবিলা কৰিব পৰাৰ দক্ষতা থকা টপ অৰ্ডাৰ বেটছমেনজনে ৰাজস্থান ৰয়েলছক কেইবাখনো মেচত বিপদৰ পৰা উদ্ধাৰ কৰি নিজৰ দক্ষতা আৰু পৰিপক্কতা প্ৰদৰ্শন কৰে। তেওঁ ২০২৪ৰ আইপিএল ছিজনত ৰাজস্থানৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। ৰিয়ানে ২০২৪ৰ আইপিএলত ৩৩টা ছিক্সাৰ কোবাই আন এক অভিলেখ ৰচে। 
 
২০২৪ চনৰ ৬ জুলাইত হাৰাৰেত জিম্বাব'ৱেৰ বিৰুদ্ধে ৰিয়ানে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় টি-২০-ত অভিষেক ঘটায়। সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া অনুৰাগীয়ে এই দিনটো কেতিয়াও পাহৰিব নোৱাৰে। ইয়াৰ পিছত ৭ আগষ্টত কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ এদিনীয়া ক্ৰিকেটত অভিষেক ঘটায়। বিৰাট কোহলিৰ হাতৰ পৰা ৰিয়ানে debut cap লাভ কৰাৰ সেই বিৰল ক্ষণে অসমৰ ক্ৰিকেট অনুৰাগীৰ বুকু আজিও গৌৰৱত ওফন্দাই তুলে।
 
অৱশ্যে, বছৰৰ শেষৰ ফালে ৰিয়ান আঘাতপ্ৰাপ্ত হয় আৰু ১২ অক্টোবৰৰ পৰা তেওঁ খেলপথাৰৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হৈছে। কান্ধৰ আঘাতৰ পৰিপ্ৰেক্ষিতত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল। কান্ধৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ বাবে অসমৰ উদীয়মান তাৰকাগৰাকীয়ে চলিত ঘৰুৱা ক্ৰিকেট ছিজনতো অংশ ল'ব পৰা নাই। ৰিয়ানৰ অনুপস্থিতিত অসম ছিনিয়ৰ দলটোৱে ৰঞ্জি ট্ৰফী, ছৈয়দ মুস্তাক আলী টি-২০ ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত হতাশাজনক প্ৰদৰ্শন দাঙি ধৰিছে।
 
ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেকৰ সময়ত পিতৃ-মাতৃৰ সৈতে অসম সন্তান ৰিয়ান পৰাগ
 
ইয়াৰ মাজতে শেহতীয়াকৈ কিন্তু এটা ভাল খবৰে অসমৰ ক্ৰিকেটপ্ৰেমীক আনন্দিত কৰিছে যে ৰিয়ান পৰাগে আঘাতমুক্ত হৈ অনুশীলন আৰম্ভ কৰিছে আৰু নৱবৰ্ষৰ আৰম্ভণিতে তেওঁ খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে জানুৱাৰীৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলাৰ সময়ত অসম সন্তান ৰিয়ানক হয়তো পুনৰ ভাৰতীয় দলৰ জাৰ্ছীত দেখিবলৈ পোৱা যাব।  

উমা চেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় অভিষেকঃ
 
ৰিয়ান পৰাগে ভাৰতীয় ছিনিয়ৰ পুৰুষ দলত অভিষেক ঘটোৱাৰ এদিন পিছতে আন এক সুসংবাদে অসমবাসীক গৌৰবান্বিত কৰিছিল। অসমৰ প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে ২০২৪ চনৰ ৭ জুলাইৰ নিশা ভাৰতীয় ছিনিয়ৰ দলত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে। 
 
প্ৰায় এবছৰ ধৰি ভাৰতীয় দলৰ সৈতে থকা বোকাখাতৰ উইকেটৰক্ষক বেটাৰগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয় টি-২০ত খেলপথাৰত নমাৰ গৌৰৱ অৰ্জন কৰিছিল। অৱশ্যে বৰষুণৰ বিঘিনিৰ বাবে মেচখন অমীসাংসিত হৈ ৰয় আৰু অসমকন্যা উমা চেত্ৰীয়ে বেটিং কৰাৰ সুযোগ নাপালে। উইকেটৰক্ষক উমা চেত্ৰীয়ে আলহী দলটোৰ অপেনাৰ টানজিম ব্ৰিটছ (৫২ ৰান)ক দিপ্তী শৰ্মাৰ বলত ষ্টাম্পিং কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমটো চিকাৰ কৰে। 
 
ভাৰতীয় দলত স্থান লাভ কৰা উমা চেত্ৰীক অসম ক্ৰিকেট সন্থাৰ সম্বৰ্ধনা
 
২০২৩ৰ জুনত প্ৰথমবাৰৰ বাবে ভাৰতীয় ছিনিয়ৰ দললৈ উমা চেত্ৰীয়ে আমন্ত্ৰণ লাভ কৰিছিল। তেতিয়াৰ পৰা তেওঁ সুযোগৰ সন্ধানত আছিল যদিও ২০২৪ৰ ৭ জুলাইত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জাৰ্ছী পৰিধান কৰি খেলপথাৰত নমাৰ সৌভাগ্য অৰ্জন কৰে। অসমৰ ক্ৰীড়া জগতৰ বাবে এয়া আছিল আন এক পাহৰিব নোৱাৰা ক্ষণ। অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ২১ বছৰীয়া উমা কাজিৰঙাৰ অতি পিছপৰা এটা বানবিধ্বস্ত অঞ্চলৰ আৰ্থিকভাৱে দূৰ্বল পৰিয়ালৰ কন্যা।
 
সম্প্ৰতি তেওঁ ভাৰতীয় মহিলা টেষ্ট, এদিনীয়া আৰু টি-২০ দলৰ নিয়মীয়া সদস্য যদিও এদিনীয়া আৰু টেষ্ট অভিষেক ঘটোৱাৰ সুযোগ পোৱা নাই। উল্লেখ্য যে, অসমৰ ক্ৰীড়া জগতলৈ নতুন উছাহ আৰু সম্ভাৱনাৰ জোৱাৰ কঢ়িয়াই অনা বোকাখাতৰ উমা চেত্ৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে ছৈয়দ ছাহিদূৰ ৰহমান (ৰাজা ৰহমান) আৰু মেহবুব আলম নামৰ দুগৰাকী প্ৰশিক্ষকে। 
 
বিচিচিআইৰ মূৰব্বীৰ আসনত দেৱজিৎ শইকীয়াঃ
 
২০২৪ৰ ৯ ডিচেম্বৰত অসমৰ ক্ৰীড়াক্ষেত্ৰখনলৈ আহে আন এক গৌৰৱৰ খবৰ। এই দিনটোতে অসম সন্তান দেৱজিৎ শইকীয়া বিচিচিআইৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ পদত অধিষ্ঠিত হয়। আইচিচিৰ অধ্যক্ষ পদলৈ উন্নীত হোৱা জয় শ্বাহৰ স্থানত বৰ্ডৰ সভাপতি ৰ'জাৰ বিন্নীয়ে অসমৰ দেৱজিৎ শইকীয়াক বিচিচিআইৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে নিযুক্তি দিয়ে। 
 
বিচিচিআইৰ শীৰ্ষ পদত অধিস্থিত অসম-সন্তান দেৱজিৎ শইকীয়া
 
যোৱা ১ ডিচেম্বৰত শ্বাহে বিচিচিআইৰ সম্পাদক পদৰ পৰা পদত্যাগ কৰি আইচিচিৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰাত উক্ত পদটো খালী হৈছিল। বিচিচিআইৰ যুটীয়া সম্পাদক পদত থকাৰ বাবেই দেৱজিৎ শইকীয়াক ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। অহা বছৰৰ ছেপ্টেম্বৰ মাহলৈকে তেওঁ এই দায়িত্বত কাৰ্যনিৰ্বাহ কৰাৰ যোগ্য যদিও বিচিচিআইয়ে শেহতীয়াকৈ ১২ জানুৱাৰী ২০২৫ তাৰিখে সম্পাদক পদৰ বাবে নিৰ্বাচন ঘোষণা কৰিছে।
 
উল্লেখ্য যে, ২১ বছৰ বয়সতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা দেৱজিৎ শইকীয়াই পৰৱৰ্তী সময়ত আইনী শিক্ষা গ্ৰহণ কৰি ৰাজ্যৰ এগৰাকী সু-প্ৰতিষ্ঠিত অধিবক্তাৰূপে প্ৰতিষ্ঠিত হয়। অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ দায়িত্ব লৈ তেওঁ অসম ক্ৰিকেটৰ উত্তৰণৰ বাবে বহু যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত দেৱজিৎ শইকীয়া বিচিচিআইৰ যুটীয়া সম্পাদক পদত অধিষ্ঠিত হৈছিল। 
 
বিচিচিআইৰ দৰে বিশ্বৰ সবাতোকৈ শক্তিশালী, ঐশ্বৰ্যশালী আৰু প্ৰভাৱশালী ক্ৰিকেট ব'ৰ্ডৰ সচিবলৈ এজন অসমীয়াৰ উত্তৰণৰ যাত্ৰাই ২০২৪ বৰ্ষটোক আমাৰ মাজত সদায় জীয়াই ৰাখিব। ব'ৰ্ডৰ মূৰব্বী দেৱজিৎ শইকীয়াৰ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটক্ষেত্ৰখনে আগন্তুক দিনত নতুন গতি লাভ কৰিব বুলি আশা কৰিব পাৰি।

মেহদী হাছানৰ সাফল্যঃ
 
অসমৰ প্ৰতিভাৱান দৌৰবিদ মেহদী হাছানৰ সাফল্যই ২০২৪ত অসমৰ ক্ৰীড়াপ্ৰেমীক গৌৰৱান্বিত কৰে। তেওঁ ২৭সংখ্যক ফেডাৰেছন কাপ ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ভুৱনেশ্বৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ পুৰুষৰ ১৫০০ মিটাৰ দৌৰত বৰপেটাৰ দৌৰবিদজনে এই চমকপ্ৰদ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। 
 
অসমৰ উদীয়মান দৌৰবিদ মেহদী হাছান
 
খেল মহাৰণৰ সফল আয়োজনঃ
 
অসমৰ গাঁৱে-ভূঞে সিচঁৰতি হৈ থকা এইধৰণৰ ক্ৰীড়া প্ৰতিভাসমূহক চিনাক্ত কৰি তেওঁলোকক প্ৰতিভা বিকাশৰ এখন উপযুক্ত মঞ্চ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে আৰম্ভ কৰা 'খেল মহাৰণ'ৰ সফল আয়োজন ২০২৪ বৰ্ষত অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ অন্যতম ডাঙৰ সফলতা হিচাপে গণ্য কৰিব পাৰি। 
 
অসমৰ ক্ৰীড়া ইতিহাসৰ সবাতোকৈ বৃহত্‍ প্ৰতিযোগিতাখন ২০২৩ৰ ১ নৱেম্বৰত আৰম্ভ হৈ ২০২৪ৰ ১০ জানুৱাৰীত সামৰণি পৰে। ইফালে, প্ৰথম সংস্কৰণৰ ব্যাপক সফলতাৰ পিছত 'খেল মহাৰণ'ৰ দ্বিতীয় সংস্কৰণ ২০২৪ চনৰ নৱেম্বৰৰ মাহৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে। খেল মহাৰণ ২.০ হৈছে ক্ৰীড়া প্ৰতিভা সন্ধানৰ বাবে অসমত আয়োজিত সবাতোকৈ ডাঙৰ ক্ৰীড়া উৎসৱ৷ খেল মহাৰণৰ দৰে অভিলাসী প্ৰকল্পই অনাগত দিনত অসমৰ ক্ৰীড়াক্ষেত্ৰখনক বহুদূৰ আগুৱাই নিব বুলি ৰাজ্যৰ ক্ৰীড়ামহলে আশা প্ৰকাশ কৰিছে। 
 
অসম অলিম্পিক সন্থাৰ নতুন কমিটি গঠনঃ
 
ইফালে, অসমৰ ক্ৰীড়াৰ অভিভাৱক সংস্থা অসম অলিম্পিক সন্থা (এঅ'এ)ৰ নতুন কমিটিখন ২০২৪ বৰ্ষৰ ২৩ ছেপ্তেম্বৰত গঠন কৰা হয়। ডিব্ৰুগড়ত অনুষ্ঠিত নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিনা-প্ৰতিদ্বন্দ্বিতাৰে পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতি নিৰ্বাচিত হয়। একেদৰে, লক্ষ্য কোঁৱৰ আন এটা কাৰ্যকালৰ বাবে অসম অলিম্পিক সন্থাৰ সম্পাদক মনোনীত হয়। 
 

অসম অলিম্পিক সন্থাৰ নৱ-নিৰ্বাচিত সমিতিখন
 
অসম অলিম্পিক সন্থাৰ নৱ-নিৰ্বাচিত কাৰ্যনিৰ্বাহক কমিটিয়ে ২০২৪ বৰ্ষৰ ১৫ অক্টোবৰত তেওঁলোকৰ প্ৰথমখন বৈঠকত গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, অসম অলিম্পিক সন্থাই লাভলীনা বৰগোহাঁইৰ সন্মানাৰ্থে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰৱৰ্তন কৰিব। বিভিন্ন শাখাত এই বঁটা প্ৰদান কৰা হ’ব আৰু মূল বঁটাটো লাভলীনাৰ নামেৰে হ’ব বুলি অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে।
 
ইয়াৰ লগতে এই বৈঠকত অসম অলিম্পিক সন্থাই এটা টেলেণ্ট হাণ্ট ৱৰ্কিং গ্ৰুপ গঠন কৰাৰো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ক্ৰীড়া ক্ষেত্ৰৰ বিশেষজ্ঞসকলে ৰাজ্যৰ খেলুৱৈসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী প্ৰস্তুত কৰাত অলিম্পিক সন্থাক পথ প্ৰদৰ্শন কৰিব। নৱ-নিৰ্বাচিত উপ-সভাপতি সুবোধ মল্ল বৰুৱাক Talent Hunt Working Groupৰ আহ্বায়ক নিযুক্ত কৰা হৈছে। 
 
অলিম্পিকত লাভলীনাৰ ব্যৰ্থতাঃ
 
এনে বহুত ভাল খবৰৰ মাজত অসমৰ বাবে ২০২৪ বৰ্ষৰ সবাতোকৈ বেয়া খবৰটো আছিল লাভলীনা বৰগোঁহাই পেৰিছ অলিম্পিকত ব্যৰ্থ হোৱাটো। ২০২৪ৰ ৪ আগষ্টত গোলাঘাটৰ জীয়ৰী লাভলীনা অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত অনাকাংক্ষিত পৰাজয়ৰ সন্মুখীন হৈছিল। টকিঅ' অলিম্পিকত দেশৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমৰ ক্ৰীড়া জগতক ধন্য কৰা তাৰকা বক্সাৰগৰাকীয়ে চীনৰ প্ৰতিদ্বন্দ্বী লি কিয়ান (Li Qian)ৰ হাতত মহিলাৰ ৭৫ কেজি ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত আত্মসমৰ্পণ কৰিছিল। এই মেচখনত জয়ী হ'লেই অসম কন্যাৰ শিৰত আন এটা অলিম্পিকৰ পদক জিলিকি উঠাটো নিশ্চিত হ'লহেঁতেন।


শেহতীয়া খবৰ