বিশ্ববিজয়ী টীম ইণ্ডিয়াক স্বদেশত ৰাজকীয় আদৰণি

Story by  atv | Posted by  [email protected] • 4 d ago
স্বদেশত উপস্থিত হৈ উল্লসিত ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া
স্বদেশত উপস্থিত হৈ উল্লসিত ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া
 
নতুন দিল্লী

টি-২০ বিশ্বকাপত ঐতিহাসিক সাফল্য অৰ্জনৰ পিছত অৱশেষত দিল্লীত অৱতৰণ কৰিছে ভাৰতৰ ক্ৰিকেট তাৰকাসকল। বৃহস্পতিবাৰে পুৱা প্ৰায় ৬:০৫ বজাত টীম ইণ্ডিয়াৰ তাৰকাসকলক কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমানখন নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে।

ইয়াৰ পিছত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে বিমানবন্দৰৰ পৰা ওলাই আহি নিজৰ দলীয় বাছত উঠে। দলৰ আন সদস্যসকলে প্ৰথমে দলীয় বাছত উঠিছিল যদিও হাতত টি-২০ বিশ্বকাপৰ ট্ৰফী লৈ অধিনায়ক ৰোহিত অনুৰাগীৰ মাজলৈ ওলাই অহাত বিমানবন্দৰত গোট খোৱা অনুৰাগীৰ মাজত অভূতপূৰ্ব আনন্দ-উল্লাসৰ সৃষ্টি হয়। 

যোৱা শনিবাৰে ৱেষ্ট ইণ্ডিজৰ ব্ৰীজটাউনত অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰা বিজয়ী দলটোক আদৰণি জনাবলৈ শতাধিক সমৰ্থকে প্লেকাৰ্ড আৰু ৰাষ্ট্ৰীয় পতাকা লৈ বিমান বন্দৰত ভিৰ কৰি আছিল। 

ইয়াৰ পিছত ভাৰতীয় দলটোৱে পোনে পোনে চাণক্যপুৰীৰ আই টি চি মৌৰ্য হোটেললৈ যায়, য’ত তেওঁলোকক আন এক ৰাজকীয় আদৰণি জনোৱা হয়। ভাৰতীয় ক্ৰিকেট দলৰ নায়কসকলৰ বাবে হোটেলত ভাৰতীয় দলৰ জাৰ্চিৰ ৰঙৰ ওপৰত এটা বিশেষ কেক প্ৰস্তুত কৰা হৈছিল।

ভাৰতীয় খেলুৱৈ আৰু ছাপোৰ্ট ষ্টাফে হোটেলত কিছু সময় জিৰণি লোৱাৰ পিছত প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। ইয়াৰ পিছতে সমগ্ৰ দলটোৱে আন এখন চাৰ্টাৰ্ড বিমানযোগে মুম্বাইলৈ ৰাওনা হ’ব।
মুম্বাইত উপস্থিত হোৱাৰ পিছত খেলুৱৈসকলে সন্ধিয়া এখন মুকলি বাছত উঠি ৱাংখেড়ে ষ্টেডিয়ামলৈ ৰাওনা হ’ব। তাত এক ৰাজকীয় সম্বৰ্ধনা অনুষ্ঠানত বিচিচিআইয়ে টীম ইণ্ডিয়াৰ তাৰকাসকলক উষ্ণ আদৰণি জনাব। অনুষ্ঠানত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই বিচিচিআইৰ সচিব জয় শ্বাহক বিশ্বকাপৰ ট্ৰফী প্ৰদান কৰিব।

আগন্তুক দুবছৰলৈ বিচিচিআইৰ মুখ্য কাৰ্যালয়ত থাকিব এই ট্ৰফী।