২০২৭ ৰ বিশ্বকাপ খেলাৰ লক্ষ্য; নায়াৰৰ পৰামৰ্শ লৈছে ৰোহিতে

Story by  atv | Posted by  [email protected] • 6 h ago
২০২৭ ৰ বিশ্বকাপ খেলাৰ লক্ষ্য; নায়াৰৰ পৰামৰ্শ লৈছে ৰোহিতে
২০২৭ ৰ বিশ্বকাপ খেলাৰ লক্ষ্য; নায়াৰৰ পৰামৰ্শ লৈছে ৰোহিতে
 
নতুন দিল্লী
 
চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাৰ পিচত অৱসৰৰ জল্পনাৰ অৱসান ঘটাইছিল ৰোহিত শৰ্মাই। অৱশ্যে ২০২৭ৰ এদিনীয়া বিশ্বকাপত তেওঁ খেলিবনে নাই, সেই বিষয়ে কোনো মন্তব্য কৰা নাছিল। মুখ নুখুলিলেও বিশ্বকাপৰ প্ৰস্তুতি এতিয়াৰ পৰাই আৰম্ভ কৰিব বিচাৰিছে ৰোহিতে।
 
এইক্ষেত্রত তেওঁ পৰামৰ্শ লৈছে টীম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰৰ। ৰোহিতৰ আক্ৰমণাত্মক কৌশল, ২০২৩ৰ বিশ্বকাপৰ পিচত যোৱা বৰ্ষৰ টি-২০ বিশ্বকাপ আৰু সদ্যসমাপ্ত চেম্পিয়নছ ট্রফীত টীম ইণ্ডিয়াৰ বাবে সহায়ক হৈছিল।
 
নায়াৰৰ পৰামৰ্শ অনুসৰি নিজৰ শাৰীৰিক সক্ষমতাৰ লগতে বেটিং আৰু দৃষ্টিভংগীক লৈ এতিয়াৰে পৰাই কাম আৰম্ভ কৰিছে ভাৰতৰ অধিনায়কগৰাকীয়ে। ২০২৭ৰ বিশ্বকাপৰ পূর্বে প্রায় ২৭ খন এদিনীয়া মেচ খেলাৰ সুযোগ পাব ভাৰতে। ৰোহিতে আটাইকেইখন মেচ খেলাৰ সম্ভাৱনা প্ৰবল। এই ক্ষেত্ৰত নায়াৰৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব।