মেলৱৰ্ণ
অষ্ট্ৰেলিয়াৰ মাটিত শতক অৰ্জন কৰা তৃতীয় কনিষ্ঠ ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হৈছে যুৱ তাৰকা নীতিশ কুমাৰ ৰেড্ডী। ২১ বছৰীয়া প্ৰতিভাৱান অলৰাউণ্ডাৰজনে আজি ঐতিহাসিক মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চতুৰ্থ টেষ্টৰ তৃতীয় দিনা দৰ্শনীয় শতকেৰে ক্ৰিকেট অনুৰাগীৰ মন জয় কৰে।
চলিত অষ্ট্ৰেলিয়া ভ্ৰমণত প্ৰতিবাৰে ভাৰতৰ বিপৰ্যয়ৰ সময়ত ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হোৱা নীতিশ কুমাৰ ৰেড্ডীয়ে শনিবাৰেও ভাৰতীয় দলৰ আশা আৰু ভৰষাৰ প্ৰতীক হৈ থিয় দিয়ে। দিনান্তত তেওঁ ১০৫ ৰানত বেটিং কৰি আছে। ১৭৬ বলৰ এই ইনিংছটোত তেওঁ ১০টা বাউণ্ডেৰী আৰু ১টা অভাৰ বাউণ্ডেৰী কোৱায়।
২২১ ৰানত ৭টা উইকেট হেৰুৱাই ভাৰত বিপদৰ সন্মুখীন হোৱাৰ সময়ত নীতিশ কুমাৰে আন এগৰাকী প্ৰতিভাৱান অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ সৈতে ইনিংছ গঢ়াৰ দায়িত্ব লয়। অষ্টম উইকেটত তেওঁলোকে ১৬৩ ৰান যোগ দি ভাৰতীয় শিবিৰলৈ আশা কঢ়িয়াই আনে। সুন্দৰে ৫০ ৰানৰ দায়িত্বপূৰ্ণ ইনিংছ খেলি আউট হয় যদিও নীতিশে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমটো শতক সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে আজি তৃতীয় দিনৰ খেলৰ অন্তলৈ ৯ উইকেটৰ বিনিময়ত ৩৫৮ ৰান সংগ্ৰহ কৰিছে। ভাৰত এতিয়াও ১১৬ ৰানত পিছ পৰি আছে। দলটোৰ কালিৰ স্ক'ৰ আছিল ১৬৪/৫। দ্বিতীয় দিনা অপৰাজিত হৈ থকা ঋষভ পণ্ট আৰু ৰবীন্দ্ৰ জাদেজা আজি সোনকালে পেভিলিনমুখী হোৱাত ভাৰত বিপদত পৰে। পণ্টে ২৮ আৰু জাদেজাই ১৭ ৰানে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।