শ্বাৰজাহ
সংযুক্ত আৰব আমিৰশ্বাহীৰ চহকী স্থাপত্য আৰু ধৰ্মীয় পৰিৱেশত নতুন সংযোজন হিচাপে শ্বাৰজাহৰ আল-ৱাহা অঞ্চলত এটা বৃহৎ মছজিদ উদ্বোধন কৰা হৈছে। হজৰত মহম্মদৰ প্ৰথম পত্নীৰ নামেৰে নামাকৰণ কৰা মছজিদটোৰ নাম হৈছে ছায়িদা খাদিজা মছজিদ। এই মছজিদটো ৬ জানুৱাৰী সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শ্বাৰজাহৰ শাসক শ্বেইখ ড০ চুলতান বিন মহম্মদ আল কাছিমে।
মছজিদটোৰ আধুনিক আন্তঃগাথনিৰ সৈতে ফাতিমিদ খিলাফতৰ স্থাপত্যৰ এক সুন্দৰ সংমিশ্ৰণ আছে। ৪৯,৩৮৩ বৰ্গমিটাৰ এলেকাত বিস্তৃত এই মছজিদে শ্বাৰজাহৰ ধৰ্মীয় বাতাৱৰণত বহুখিনি অৰিহণা যোগাব। মছজিদৰ মূল নামাজ হলত প্ৰায় ১৪০০ পুৰুষৰ বাবে ঠাই আছে আৰু বাহিৰৰ আৰ্কেডত ১৩২৫ জন উপাসকৰ বাবে অতিৰিক্ত ঠাই আছে। লগতে মহিলাৰ বাবে উৎসৰ্গিত এটা গেলেৰীত ১৪০ জন উপাসকে দোৱা কৰিব পাৰিব।
১০ মিটাৰ ব্যাসৰ এটা বৃহৎ কেন্দ্ৰীয় গম্বুজ, ৪ মিটাৰ ১৯০ মিলিমিটাৰৰ অলপ সৰু দুটা গম্বুজ আৰু ৪০ মিটাৰ উচ্চতাত থিয় হৈ থকা দুটা বৃহৎ মিনাৰৰ সৈতে এই মছজিদটো এক আইকনিক ল্যাণ্ডমাৰ্ক। ইয়াৰ বিস্তৃত সুবিধাসমূহৰ ভিতৰত আছে পুথিভঁৰাল, মৰ্চাৰী বিল্ডিং, ৱাটাৰ ষ্টেচন, অজু কৰা ঠাই, প্ৰস্ৰাৱগাৰ, ৫৯২খন বাহনৰ বাবে পাৰ্কিং স্থান ইত্যাদি। মছজিদত ইমাম আৰু মুৱাজ্জিন (নামাজ আহ্বানকাৰী)ৰ বাবেও আৱাসিক স্থান আছে।
গভীৰভাৱে শিপাই থকা ঐতিহ্য আৰু উদ্ভাৱনী মনোভাৱৰ বাবে পৰিচিত চহৰ শ্বাৰজাহত এই মছজিদটোৱে পৰম্পৰাক আধুনিকতাৰ সৈতে একত্ৰিত কৰাৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ দিয়ে। মছজিদৰ ডিজাইনত বহনক্ষমতাক অগ্ৰাধিকাৰ দিয়া হৈছে, ইয়াৰ আন্তঃগাঁথনিত শক্তি ৰাহি আৰু পানী সংৰক্ষণ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এটা নীৰৱ পুথিভঁৰাল আৰু সুসজ্জিত অজু স্থানে উপাসকসকলৰ বাবে আধ্যাত্মিক অভিজ্ঞতাক আৰু অধিক বৃদ্ধি কৰে।
ছায়িদা খাদিজা মছজিদক সঁচাকৈয়ে যিটোৱে পৃথক কৰি তুলিছে সেয়া হৈছে ইয়াৰ চাৰিওফালৰ সম্প্ৰদায়ৰ সৈতে একত্ৰীকৰণ। মছজিদৰ কাষতে আছে আল ৰুৱাইদাত কবৰস্থান, যিটো চিন্তাশীলভাৱে ডিজাইন কৰা হৈছে যাতে সন্মানজনক আৰু নিৰৱচ্ছিন্নভাৱে সমাধিস্থ কৰা পদ্ধতিৰ সুবিধা হয়। ৬৩৯,৯৩১ বৰ্গমিটাৰত বিস্তৃত এই কবৰস্থানটোত পকী পথ, বিশাল পাৰ্কিং, আৰু শোকৰ সময়ত পৰিয়ালৰ বাবে প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ সুসংগঠিত সুবিধা আছে।
হজৰত মহম্মদৰ প্ৰথম পত্নীৰ নামেৰে শ্বাৰজাহত মুকলি হোৱা আটকধুনীয়া মছজিদটো
শোকত ভাগি পৰা পৰিয়ালসমূহক সহায় কৰিবলৈ মছজিদটোৱে দুটাকৈ শোকগৃহৰ ব্যৱস্থা কৰিছে, প্ৰতিটোতে ৬০ জন লোকৰ বাবে ঠাই আছে। ইয়াৰ উপৰিও এটা অত্যাধুনিক মৰ্চাৰী ভৱনত পুৰুষ আৰু মহিলাৰ বাবে পৃথক ধোৱা ঠাই অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত গোপনীয়তা আৰু মৰ্যাদা নিশ্চিত কৰা হৈছে।
উদ্বোধনী অনুষ্ঠানত শ্বেখ চুলতানে এখন স্মৃতিফলক উন্মোচন কৰাৰ লগতে মছজিদ আৰু কবৰস্থানৰ সুবিধাসমূহ পৰিদৰ্শন কৰে। পিছলৈ তেওঁ মগৰিবৰ নামাজৰ বাবে উপাসকসকলক সংগ দিয়ে। ইয়াৰ জৰিয়তে ছায়িদা খাদিজা মছজিদটোত আধ্যাত্মিক কাম-কাজৰ আৰম্ভণি ঘটে। অনুষ্ঠানৰ সময়ত শ্বেখ ড০ চেলেম আল-ডুবিয়ে মছজিদৰ গভীৰ সমাজ আৰু আধ্যাত্মিক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক মন চুই যোৱা ধৰ্মধ্বনি আগবঢ়ায়। তেওঁ সম্প্ৰদায়ৰ মংগল আৰু আধ্যাত্মিক বৃদ্ধিৰ পোষকতা কৰা পদক্ষেপসমূহৰ নিৰন্তৰ প্ৰচাৰৰ বাবে মহামহিমক প্ৰশংসা কৰে।