বাংলাদেশত হাৰাশাস্তিৰ সন্মুখীন হোৱা সংখ্যালঘু লোকসকসকলক ভাৰতে সুৰক্ষিত কৰা উচিতঃ আদিল হুছেইন

Story by  atv | Posted by  [email protected] • 5 Months ago
প্ৰখ্যাত অভিনেতা আদিল হুছেইন
প্ৰখ্যাত অভিনেতা আদিল হুছেইন
 
নতুন দিল্লী

ৰাজনৈতিক অস্থিৰতাৰ বাবে বাংলাদেশত হাৰাশাস্তিৰ সন্মুখীন হোৱা সংখ্যালঘু লোকসকসকলৰ হৃদয়বিদাৰক ফটো আৰু ভিডিঅ’ই গভীৰভাৱে অশান্তি দিছে বলীউডৰ অভিনেতা আদিল হুছেইনক। দেশখনত আক্ৰমণৰ বলি হোৱা লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে ভাৰত চৰকাৰে ক্ষিপ্ৰতাৰে অধিক ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি আহ্বান জনাইছে।
 
অভিনেতাগৰাকীয়ে টুইট কৰি কয়, "বাংলাদেশৰ পৰা আহি থকা হৃদয় বিদাৰক ভিজুৱেলবোৰে মোক ব্যথিত কৰিছে। বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায় আৰু আন ব্যক্তিসকলৰ ওপৰত হোৱা আক্ৰমণ আৰু অত্যাচাৰ অত্যন্ত কষ্টকৰ। ভাৰতে তেওঁলোকক সুৰক্ষা দিবলৈ আৰু অধিক কৰিব লাগিব"।
 
তেওঁ আৰু কয়, “মই ভুক্তভোগীৰ যন্ত্ৰণা আৰু দুখৰ সমভাগী হৈছো। আৰু অপৰাধীসকলক বিচাৰি উলিয়াবলৈ আহ্বান জনাইছো। তেওঁলোকে নিজৰ কামৰ বাবে লজ্জান্বত হোৱা উচিত। সকলো ৰাজনৈতিক নেতাই, বিশেষকৈ ভাৰতৰ মুছলমান নেতাই এই অপৰাধীসকলক নিন্দা কৰিব লাগে”।
বাংলাদেশৰ অশান্তিৰ মাজতে চলচ্চিত্ৰ নিৰ্মাতা হান্সাল মেহতাই সোমবাৰে কৈছিল যে ২০২২ চনত ঢাকাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ আধাৰত নিৰ্মিত আৰু এতিয়াও দেশত নিষিদ্ধ হৈ থকা তেওঁৰ ছবি 'ফাৰাজ'ৰ বাবে লাভ কৰা ভাবুকিৰ কথা স্মৰণ কৰে। প্ৰায়ে ছ’চিয়েল মিডিয়াত একাধিক বিষয়ত নিজৰ মতামত প্ৰকাশ কৰা মেহতাই বাংলাদেশৰ এই পৰিঘটনাবোৰ দেখি টুইটাৰত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰে।
 
উল্লেখ্য যে, ঢাকাৰ ৰাজপথত শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ দৰে উদ্ভাণ্ডালিৰে প্ৰতিবাদকাৰীয়ে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ মাজতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সোমবাৰে পদত্যাগ কৰি দেশ এৰি থৈ যায়। বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ৭৬ বছৰীয়া কন্যা হাছিনাক চলচ্চিত্ৰ নিৰ্মাতা হান্সাল মেহতাই কোনো ধৰণৰ সমালোচনাক ভয় নকৰা এগৰাকী স্বৈৰাচাৰী নেত্ৰী বুলি অভিহিত কৰে।