১২ বছৰৰ অন্তত অসমৰ ৰহিম আলীক ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰিলে উচ্চতম ন্যায়ালয়ে

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী

বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ ১২ বছৰৰ পাছত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে অসমৰ বাসিন্দা ৰহিম আলীক ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰে। ন্যায়ালয়ে ২০ বছৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে নাগৰিকত্বৰ গোচৰ জাপি দিয়া বিষয়টোৰ ওপৰত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে। ইয়াক ন্যায়ৰ গুৰুতৰ কুঠাৰাঘাত বুলি অভিহিত কৰি উচ্চতম ন্যায়ালয়ে কয় যে বিদেশী আইনৰ ৯নং ধাৰাই কৰ্তৃপক্ষক এই অনুমতি নিদিয়ে যে তেওঁলোকে যিকোনো এজন ব্যক্তিক বাছি লৈ তেওঁক বিদেশী বুলি সন্দেহ কৰিব।
 
ন্যায়াধীশ বিক্রম নাথ আৰু ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাৰে গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অসমৰ বিদেশী ন্যায়াধিকৰণক প্ৰশ্ন কৰে যে ৰহিম আলীক ২০০৪ চনত কিহৰ আধাৰত সন্দেহজনক নাগৰিক বুলি গণ্য কৰা হৈছিল।
 
উল্লেখ্য যে, ২০০৪ৰ জুলাই মাহত অসমৰ নলবাৰী আৰক্ষী থানাৰ এজন উপ-পৰিদৰ্শকে ৰহিম আলীৰ ঘৰলৈ গৈ তেওঁৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱা বুলি জনাইছিল আৰু ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰা নথি-পত্ৰ দেখুৱাবলৈ কয়। ৰহিমে তেওঁক হাতত নথি-পত্ৰ নাই বুলি কৈছিল আৰু সাত দিনৰ সময় বিচাৰিছিল। কিন্তু ৰহিম আলীয়ে নথি-পত্ৰ দাখিল কৰিব নোৱাৰিলে আৰু ২০০৬ চনত এই গোচৰটো বিদেশী ন্যায়াধিকৰণত পঞ্জীভুক্ত হয়।
 
ৰহিমে আদালতত হাজিৰ হোৱা নাছিল আৰু ইয়াৰ কাৰণ হিচাপে তেওঁ দূৰ্বল স্বাস্থ্যৰ কথা উল্লেখ কৰিছিল। তেনে পৰিস্থিতিত ন্যায়াধিকৰণে একপক্ষীয়ভাৱে আদেশ গৃহীত কৰিছিল যে ৰহিম আলী ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত বাংলাদেশৰ পৰা অসমলৈ অবৈধভাৱে প্ৰব্ৰজন কৰা লোক। ন্যায়াধিকৰণে ৰায় দিছিল যে তেওঁ বিদেশী আইনৰ ৯ নং ধাৰাত নিজৰ অভিযোগ মিছা বুলি প্ৰমাণ কৰাত ব্যৰ্থ হৈছে।
 
ৰহিম আলীৰ গোচৰ সন্দৰ্ভত আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীয়ে ন্যায়াধিকৰণক জনাইছিল যে তেওঁ তেতিয়াৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ অনুসৰি কাম কৰিছিল। আৰক্ষীয়ে অভিযোগ কৰিছিল যে তেওঁ বাংলাদেশৰ মাইমেনচিং জিলাৰ আৰু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ প্ৰব্ৰজন কৰিছিল।
 
আদালতে প্ৰশ্ন উত্থাপন কৰে যে প্ৰথমতে এই নিৰ্দেশনাৰ প্ৰয়োজনীয়তা কিহৰ বাবে সৃষ্টি হৈছিল। ‘এছ পিৰ নিৰ্দেশনাৰ ভিত্তি কি আছিল, সেই সম্পৰ্কে কোনো তথ্য নাছিল। তেওঁলোকৰ হাতত কি কি তথ্য আছিল, সেয়া কোনেও স্পষ্ট কৰা নাছিল। স্পষ্টভাৱে ৰাজ্য এখনে এনেদৰে আগবাঢ়িব নোৱাৰে। আমিও আদালত হিচাপে এনে ধৰণৰ পদক্ষেপক অনুমোদন জনাব নোৱাৰো।’-ন্যায়ালয়ৰ ৰায়দানত এইদৰে কোৱা হৈছে।
 
"কোনো ব্যক্তিক বিদেশী বুলি সন্দেহ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত বস্তুগত ভিত্তি বা তথ্য থকাটো প্ৰয়োজন। এই গোচৰটোত ২৫.০৩.১৯৭১ৰ পিছত ৰহিম আলীক অবৈধভাৱে ভাৰতলৈ প্ৰব্ৰজন কৰা বুলি উত্থাপিত অভিযোগৰ বাহিৰে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ বা তথ্য নাই। আনকি ৰহিম আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা ব্যক্তিজনৰ বিষয়েও আদালতত কোনো তথ্য দাখিল কৰা হোৱা নাছিল।"-ন্যায়ালয়ে কয়। 
 
দশক দশক ধৰি অবৈধ বাাংলাদেশী অনুপ্ৰৱেশ আৰু নাগৰিকত্বৰ প্ৰশ্নক লৈ অসমত বিতৰ্ক চলি থকাৰ সময়ত ৰহিম আলীক লৈ উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়দান অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।