JPCৰ পঞ্চমখম বৈঠকত ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা AIMPLBৰ; পাছমাণ্ডা মুছলিম মহাজৰ সমৰ্থন

Story by  atv | Posted by  [email protected] • 19 h ago
ৱাকফ সংশোধনী বিধেয়কক লৈ JPCৰ পঞ্চমখম বৈঠক
ৱাকফ সংশোধনী বিধেয়কক লৈ JPCৰ পঞ্চমখম বৈঠক

নতুন দিল্লী

ৱাকফ ব’ৰ্ড (সংশোধনী) বিধেয়ক, ২০২৪ সন্দৰ্ভত আলোচনাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিৰ পঞ্চম ৰাউণ্ডৰ বৈঠক বৃহস্পতিবাৰে অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ সাংসদ আৰু বিৰোধী সাংসদৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। এটা সময়ত জেপিচিৰ অধ্যক্ষ জগদাম্বিকা পালেও বিৰোধী শিবিৰৰ সাংসদসকলৰ সৈতে উত্তপ্ত মত-বিনিময়ত লিপ্ত হ'বলগীয়া হয়।
 
সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে (এআইএমপিএলবি) প্ৰস্তাৱিত সংশোধনী সন্দৰ্ভত মতামত দাখিল কৰাৰ লগতে বিধেয়কখনৰ বিৰোধিতা কৰে। এআইএমপিএলবিয়ে ২০০ পৃষ্ঠাৰ এখন প্ৰতিবেদন দাখিল কৰে। ইয়াত বিধেয়কখনৰ বিৰোধিতাৰ মূল কাৰণসমূহ উল্লেখ কৰা হৈছে। বিশেষকৈ সংগঠনটোৱে ‘ৱাকফ বাই ইউজাৰ’ (Waqf By User) আৰু ৱাকফ ব’ৰ্ডৰ সৈতে জড়িত বিষয়সমূহৰ অধিকাৰ জিলা উপায়ুক্তক প্ৰদান কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে।
 
বৈঠকত ভাষণ দি এআইএমপিএলবিৰ এজন প্ৰতিনিধিয়ে কয় যে তেওঁলোকে সকলো সংশোধনী নাকচ কৰি এই বিধেয়কখনক “ইছলাম বিৰোধী আৰু মুছলমান বিৰোধী” বুলি অভিহিত কৰিছে। বৈঠকত এই বিষয়ত মতামত দাখিল কৰে ব’ৰ্ডৰ সভাপতি মৌলানা ছাইফুল্লাহ ৰহমানী, কাছিম ৰছুল ইলিয়াছ আৰু অধিবক্তা ছামছাদৰ লগতে আন পাঁচগৰাকী প্ৰতিনিধিয়ে।
 
অধিবক্তা ছামছাদে এই বিষয়ত দীঘলীয়াকৈ ভাষণ দিয়ে আৰু এআইএমপিএলবিয়ে ৱাকফ (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰাৰ আঁৰৰ কাৰণসমূহ বিশ্লেষণ কৰে। 
ইফালে, পাছমাণ্ডা মুছলিম মহাজে বিধেয়কখনৰ প্ৰস্তাৱিত সংশোধনীৰ প্ৰতি সমৰ্থন আগবঢ়ায়। বিধেয়কখনক “৮৫ শতাংশ মুছলমানৰ বাবে উপকাৰী” বুলি অভিহিত কৰি ইয়াৰ পৰিসৰৰ অধীনত মুছলমান সম্প্ৰদায়ৰ দলিত আৰু আদিবাসীসকলকো অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়।
 
উল্লেখ্য যে, বিধেয়কখনৰ সমৰ্থনত পাছমাণ্ডা মুছলিম মহাজে ভাষণ দি থকাৰ সময়তে বিৰোধী সাংসদসকলে তেওঁলোকক সঘনাই বাধা প্ৰদান কৰিছিল। ইয়াৰ ফলত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ আৰু বিৰোধী সাংসদৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়।
 
বিৰোধী সাংসদসকলৰ এই স্থিতিক তীব্ৰ সমালোচনা কৰি বিজেপিৰ সংসদ সদস্যসকলে ক্ষোভ আৰু হতাশা প্ৰকাশ কৰি কয় যে কোনো মুছলমান সংগঠনে বিধেয়কখনক সমালোচনা কৰিলে বিৰোধী সাংসদসকলে মৌন হৈ থাকে, আৰু কোনো মুছলমান সংগঠনে বিধেয়কখনক সমৰ্থন কৰিলে বিৰোধীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।
 
পাটনাস্থিত চাণক্য আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা মুছলমান বুদ্ধিজীৱী অধ্যাপক ফৈজান মুস্তাফাইও বৃহস্পতিবাৰে জেপিচিৰ পঞ্চম ৰাউণ্ডৰ বৈঠকত ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰে।
তেওঁ ৱাকফৰ সৈতে জড়িত বিষয়ত জিলা উপায়ুক্তক কৰ্তৃত্ব দিয়াৰ প্ৰস্তাৱক ভুল বুলি অভিহিত কৰে। ইয়াৰ উপৰিও তেওঁ বিধেয়কখনত প্ৰস্তাৱিত অন্যান্য কিছুমান নিয়মৰ বিৰোধিতা কৰে। মুস্তাফাই চৰকাৰক সকলোৰে মতামত লৈ বিধেয়কখনৰ সৈতে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
 
বৈঠকত আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিং আৰু এআইএমআইএমৰ সাংসদ আছাদুদ্দিন ওৱেইচিয়ে বিধেয়কখন আলোচনাৰ বাবে জেপিচিলৈ প্ৰেৰণ কৰাৰ সময়তো কিয় গৃহমন্ত্ৰী অমিত শ্বাহে বিধেয়কখনৰ কথা কৈ আহিছে বুলি প্ৰশ্ন কৰে। 
 
আনকি বিৰোধী দলৰ সাংসদসকলে দাবী কৰে যে ৱাকফ (সংশোধনী) বিধেয়কক লৈ জেপিচিক হেঁচা প্ৰয়োগ কৰা হৈছে। বৈঠকৰ কালছোৱাত বিজেপিৰ এগৰাকী সাংসদে ৱাকফৰ সম্পত্তিৰ নথিপত্ৰৰ বিষয়তো ভাষণ দিয়ে, যাৰ ফলত আন উত্তপ্ত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। এই বিতৰ্কত আনকি জেপিচিৰ অধ্যক্ষ জগদাম্বিকা পালও জড়িত হৈ পৰে।